Chandrayaan-3 : চন্দ্ৰযান-৩ অৱতৰণ স্থানৰ নাম ‘শিৱ শক্তি’ আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংঘৰ ( International Astronomical Union ) অনুমোদিত

Date:

- Advertisement -

Chandrayaan-3 চন্দ্ৰযান-৩ অৱতৰণ স্থানৰ নাম ‘শিৱ শক্তি’ আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংঘৰ ( International Astronomical Union ) অনুমোদিত

শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান ( International Astronomical Union ) সংঘই চন্দ্ৰযান-৩ অৱতৰণ স্থানৰ “শিৱ শক্তি” (‘Shiv Shakti’ ) নামত অনুমোদন জনাইছে। ১৯ মাৰ্চত আই এ ইউয়ে ( International Astronomical Union ) এই নামটোৰ বাবে প্ৰস্তাৱ দিছিল ।প্ৰধানমন্ত্ৰীয়ে চন্দ্ৰযান-৩ৰ অৱতৰণ স্থানক ‘শিৱ শক্তি’ বুলি ঘোষণা কৰাৰ প্ৰায় সাত মাহৰ পিছতে এই উন্নয়ন ঘটিছিল।

- Advertisement -
Chandrayaan-3 approve by International Astronomical Union

চন্দ্ৰযান-৩ চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰাৰ প্ৰায় তিনিদিন পিছত যোৱা বছৰৰ ২৬ আগষ্টত এই কথা ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে ৷ ‘আই এ ইউ ৱৰ্কিং গ্ৰুপ ফৰ প্লেনেটেৰী চিষ্টেম নমেনক্লেচাৰে চন্দ্ৰযান-৩ৰ বিক্ৰম লেণ্ডাৰৰ অৱতৰণ স্থানৰ বাবে ষ্টেটিঅ’ শিৱ শক্তি নাম অনুমোদন জনাইছে,’ গেজেটিয়াৰ অৱ প্লেনেটেৰী নমেনক্লেচাৰ , আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংঘই অনুমোদিত গ্ৰহৰ নামৰ বিষয়ে বিতং তথ্য প্ৰদান কৰে বুলি উল্লেখ কৰা হৈছে।

“ভাৰতীয় পৌৰাণিক কাহিনীৰ পৰা যৌগিক শব্দ যিয়ে প্ৰকৃতিৰ পুৰুষ (“শিৱ”) আৰু নাৰী (“শক্তি”) দ্বৈততাক চিত্ৰিত কৰে; 

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে ২০২৩ চনৰ ২৬ আগষ্টত বেংগালুৰুস্থিত ইছৰোৰ টেলিমেট্ৰি ট্ৰেকিং এণ্ড কমাণ্ড নেটৱৰ্ক (ইষ্ট্ৰেক)ত এই ঘোষণা কৰে যে বিক্ৰমৰ চাবক তিৰংগা’ বুলি কোৱা হব । ভাৰতৰ প্ৰতিটো প্ৰচেষ্টাৰ বাবে এয়া প্ৰেৰণা হ’ব।ই আমাক সোঁৱৰাই দিব যে যিকোনো ব্যৰ্থতা চূড়ান্ত নহয়।”- 

লগতে প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰিছিল যে চন্দ্ৰযান-৩ৰ অৱতৰণৰ তাৰিখ ২৩ আগষ্টক ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে স্মৰণ কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে কৈছিল যে এইটো বিজ্ঞান আৰু প্ৰযুক্তিৰ উদযাপনৰ দিন হ’ব আৰু ই আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰিব।

- Advertisement -

চন্দ্ৰযান-৩ মিছনঃ

ভাৰতৰ তৃতীয় চন্দ্ৰ অভিযান চন্দ্ৰযান-৩ ১৪ জুলাইত শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা  প্ৰেৰণ কৰে । প্ৰায় এমাহৰ পিছত ২৩ আগষ্টত প্ৰজ্ঞান ৰভাৰৰ সৈতে বিক্ৰম লেণ্ডাৰে চন্দ্ৰত সফলতাৰে অৱতৰণ কৰে।ইয়াৰ ফলত ভাৰতবৰ্ষৰ প্ৰথমখন দেশ… চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত অৱতৰণ কৰা । চন্দ্ৰযান-৩ৰ সফলতাৰ কেইমাহমানৰ পাছত জাপানৰ মহাকাশযানখনো চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰে। ১০ দিনৰ চন্দ্ৰ অন্বেষণ সম্পূৰ্ণ কৰাৰ পিছত লেণ্ডাৰ আৰু ৰভাৰখনে টোপনি (Sleeping)ৰ অৱস্থাত প্ৰৱেশ কৰে

MUST READ  নিজৰ সম্পৰ্কৰ মাজত বিয়া কৰালে সন্তান কেনেকুৱা বিকাৰ গস্ত হয় । বা কিয় নিজৰ সম্পৰ্কৰ মাজত বিয়া কৰাব নালাগে ।
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Parliament Session 2024 : কেনেদৰে শপত গ্ৰহণ কৰিব কাৰাগাৰত থকা সাংসদসকলে? এই সম্পৰ্কে কি নিয়ম

কাৰাগাৰত থকা সাংসদে কেনেদৰে শপত গ্ৰহণ কৰেঃ লোকসভা নিৰ্বাচনৰ অন্ত...

Video : শ্ৰী কৃষ্ণ গোবিন্দ হৰে মুৰাৰী… প্ৰসৱৰ সময়ত ভজন গোৱা দেখা গল মহিলা, ভিডিঅ’ চাওক

Woman Singing Bhajan: ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে এটা অতি মৰমলগা...

History Of Nalanda University (নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস): প্ৰাচীন শিক্ষাৰ গৌৰৱ আৰু পুনৰজীৱন

নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস History Of Nalanda University : ৫ম শতাব্দীত...