Moh-jus (Buffalo Fight) History Essay in Assamese | ম’হ যুঁজৰ ইতিহাস

Date:

- Advertisement -

Moh-jus: মহ যুঁজ অসমৰ এটা প্রাচীন খেল।ম’হৰ যুঁজৰ উপৰিও এই সময়ত অসমৰ বিভিন্ন অঞ্চলত বুলবুলি (চৰাই) যুঁজো হয় । আহোম স্বৰ্গদেউসকলৰ দিনৰে পৰা এই খেল প্রচলন হৈ আহিছে। প্ৰায় ২০০ বছৰ পূৰ্বে ৩০ নং আহোম ৰজা স্বৰ্গদেৱ ৰুদ্ৰ সিংহই আৰম্ভ কৰিছিল। স্বৰ্গদেউ প্রমত্তসিংহই বিশেষকৈ এই খেল উপভোগ কৰিবৰ বাবেই ৰংঘৰ নিৰ্মাণ কৰোৱাইছিল।

আহোম শাসকৰ সময়ত ইয়াক অতি আড়ম্বৰেৰে উদযাপন কৰা হৈছিল আৰু সেই সময়ত হাতীকো নিজৰ মাজতে যুঁজিবলৈ দিয়া হৈছিল।এই পৰম্পৰা কেৱল অসমৰ লোকসংস্কৃতিৰ লগত জড়িত নহয় ধৰ্মৰ লগতো জড়িত। এই যুদ্ধসমূহ ভগৱান বিষ্ণুৰ ওচৰত দীপ (ছাকি) জ্বলোৱা আৰু প্ৰসাদ (জোৰাই) আগবঢ়াই কৰা হয়। পৰম্পৰাৰ উদ্দেশ্য আছিল যে সমাজত ঐক্য সম্প্ৰতি বৃদ্ধি কৰা।সাধাৰণতে মাঘ বিহুত ম’হ যুঁজ অনুষ্ঠিত কৰা হয় যদিও ব’হাগ বিহুতো দুই- এঠাইত এই খেল নোহোৱা নহয়। আগৰ ৰূপহী পথাৰ, হামদৈ পথাৰ, কেকাই পথাৰ আদি ম’হ যুঁজৰ বাবে গোটেই অসমতে বিখ্যাত আছিল। বর্তমান আহঁতগুৰি অঞ্চলটো ম’হ যুঁজৰ বাবে অসম বিখ্যাত।

- Advertisement -

যুঁজৰ বাবে ম’হক বহুদিনৰ আগৰে পৰা ভালকৈ সাজু কৰা হয়। এই খেলত দুটা গোনা ম’হক পৰস্পৰে পৰস্পৰৰ লগত যুঁজ লগাই ৰং চোৱা হয়, প্রাণে মৰাৰ বাজি নাথাকিলে খুঁজত যিটো ম’হ পলাই যায় তাক পৰাজিত বুলি ধৰা হয়। এই খেলত ম’হৰ হি-হিচনী, ফুচ্-ফুচনী, শিঙে শিঙে খুন্দা মৰাৰ ফলত ওলোৱা জুইৰ ফিৰিঙতিয়ে ৰাইজক আনন্দ দিয়ে। ম’হৰ দুটা শিং….এটা ৰং শিং (সোঁফালৰটো) আনটো খং শিং (বাওঁফালৰটো); যেতিয়া ম’হে খং শিঙেৰে যুঁজ আৰম্ভ কৰে তেতিয়া সিহঁতৰ যুঁজ বহু সময় ধৰি চলে।

ম’হ যুঁজ অনুষ্ঠিত কৰাৰ আঁৰত এটা কাৰণো আছে। আহিন মাহত খেতি শেষ হোৱাৰ পাচত খাই খাই ম’হৰ গৰল ধৰে। তেতিয়া সিহঁতক বলোৱাটো কঠিন হৈ পৰে, গতিকে ম’হক যুঁজ লগোৱাই ঠাণ্ডা কৰা হয়।

MUST READ  লাচিত বৰফুকন : এজন মহান দেশপ্ৰেমিক আৰু অসমৰ বীৰ সন্তান।

ম’হ যুঁজ পৰিচালনা কৰিবলে ৪-৫ জনমান পাহোৱাল ডেকাই হাতত টাঙোন লৈ যুঁজ লগা ম’হ কেইটাৰ কাষত থাকে। যুঁজত হাৰি যেতিয়া এটা ম’হ পলাই আনটোৱে খেদি যায়; তেতিয়া তেওঁলোকে টাঙোন লৈ জিকা ম’হটোক বাধা দিয়ে।যুঁজৰ শেষত বিজয়ী ম’হটোৰ গৰাকীক বটা-বাহন দি পুৰস্কৃত কৰা হয়।

- Advertisement -

২০১৪ চনত উচ্চতম ন্যায়ালয়ে জললিকাট্টু (তামিনাড়ুৰ এক খেল)আৰু ম’হ গাড়ী দৌৰ খেলৰ লগতে মহ যুঁজৰ দৰে খেল বোৰৰ বাবে ম’হ আৰু অন্যান্য জীৱ-জন্তুৰ ব্যৱহাৰ নিষিদ্ধ কৰা ৰায়দানৰ পিছত এই অনুষ্ঠানসমূহ বন্ধ কৰি দিয়া হৈছিল। ইয়াৰ পিছতে ভাৰতীয় পশু কল্যাণ ব’ৰ্ডে অসম চৰকাৰক বিহুৰ সময়ত পশুৰ যুঁজ নিষিদ্ধ কৰিবলৈ নিৰ্দেশ দিয়ে। ৰাজ্য চৰকাৰে ২০১৫ চনত ম’হ আৰু বুলবুলৰ যুঁজ নিষিদ্ধ কৰাৰ নিৰ্দেশ দিছিল যদিও কিছুমান প্ৰত্যাহ্বানমূলক পৰিঘটনা অব্যাহত আছিল। হাজো মন্দিৰ কৰ্তৃপক্ষইও এই নিষেধাজ্ঞাক আদালতত প্ৰত্যাহ্বান জনায়।

২০২১ চনৰ মে’ মাহত উচ্চতম ন্যায়ালয়ে ২০১৪ চনৰ ৰায় বাতিল কৰি জললিকাট্টু (তামিনাড়ুৰ এক খেল) লগতে আন খেল বোৰৰ  অনুমতি দিবলৈ কিছুমান ৰাজ্যই কৰা সংশোধনীত অনুমোদন জনায়। ইয়াৰ পিছত অসম চৰকাৰে ম’হ আৰু বুলবুল যুদ্ধত কোনো প্ৰাণীৰ হানি নোহোৱাকৈ নিয়ন্ত্ৰিত পৰিচালনাৰ বাবে কিছু নীতি নিয়ম বান্ধি দিয়ে । ইয়াৰ লগে লগে কেইবাবছৰৰ ব্যৱধানৰ অন্তত ২০২২ চনত পুনৰ এই খেল অনুষ্ঠিত হয়।

পশু অধিকাৰ সংগঠন (পেটা) ইণ্ডিয়াই এতিয়া গৌহাটী উচ্চ ন্যায়ালয়ত ম’হ আৰু বুলবুল যুঁজৰ অনুষ্ঠান সম্পূৰ্ণ নিষিদ্ধ কৰাৰ বাবে আবেদন দাখিল কৰিছে। পেটাই দাবী কৰিছে যে তেওঁলোকৰ তদন্তত শেহতীয়া অনুষ্ঠানত পশু নিষ্ঠুৰতা আইন আৰু চৰকাৰৰ নিজা এছ অ’ পি উলংঘা হোৱা দেখা গৈছে। ইয়াত অভিযোগ কৰা হৈছে যে জীৱ-জন্তুৰ ওপৰত নিৰ্যাতন চলোৱা হৈছিল আৰু আঘাতপ্ৰাপ্ত হোৱাৰ পিছতো যুঁজিবলৈ বাধ্য কৰা হৈছিল। আদালতে আবেদনসমূহ স্বীকাৰ কৰি এছ অ’ পি উলংঘা কৰা যিকোনো অনুষ্ঠানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে ।

MUST READ  British Indian History : ভাৰতক লুটপাত কৰি ইউৰোপৰ আটাইতকৈ ধনী মানুহ হোৱা ইংৰাজজন
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

List Of Ahom King . Ahom Kingdom.

SerialRulerReign১চ্যু-কা-ফা১২২৮–১২৬৮২চুতেওফা১২৬৮–১২৮১৩চুবিণ্‌ফা১২৮১–১২৯৩৪চুখাংফা১২৯৩–১৩৩২৫চুখ্ৰাম্‌ফা১৩৩২–১৩৬৪শাসক নাই১৩৬৪–১৩৬৯৬চুতুফা১৩৬৯–১৩৭৬শাসক নাই১৩৭৬–১৩৮০৭ত্যাও খাম্‌টি১৩৮০–১৩৮৯শাসক নাই১৩৮৯–১৩৯৭৮চুডাংফা১৩৯৭–১৪০৭৯চুজান্‌ফা১৪০৭–১৪২২১০চুফক্‌ফা১৪২২–১৪৩৯১১চুচেনফা১৪৩৯–১৪৮৮১২চুহেনফা১৪৮৮–১৪৯৩১৩চুপিম্‌ফা১৪৯৩–১৪৯৭১৪চুহুন্মুং১৪৯৭–১৫৩৯১৫চুক্লেণমুং১৫৩৯–১৫৫২১৬চুখাম্‌ফা১৫৫২–১৬০৩১৭চুচেংফা১৬০৩–১৬৪১১৮চুৰাম্‌ফা১৬৪১–১৬৪৪১৯চুত্যিণ্‌ফা১৬৪৪–১৬৪৮২০চুতাম্লা১৬৪৮–১৬৬৩২১চুপংমুং১৬৬৩–১৬৭০২২চুন্যৎফা১৬৭০–১৬৭২২৩চুক্লমফা১৬৭২–১৬৭৪২৪চুহুংফা১৬৭৪–১৬৭৫২৫গোবৰ ৰজা১৬৭৫–১৬৭৫২৬চুজিন্‌ফা১৬৭৫–১৬৭৭২৭চুদৈফা১৬৭৭–১৬৭৯২৮চুলিক্‌ফা১৬৭৯–১৬৮১২৯চুপাতফা১৬৮১–১৬৯৬৩০চুখ্ৰংফা১৬৯৬–১৭১৪৩১চুতণফা১৭১৪–১৭৪৪৩২চুণেণফা১৭৪৪–১৭৫১৩৩চুৰেম্‌ফা১৭৫১–১৭৬৯৩৪চুণ্যেউফা১৭৬৯–১৭৮০৩৫চুহিত্পংফা১৭৮০–১৭৯৫৩৬চুক্লিংফা১৭৯৫–১৮১১৩৭চুদিংফা১৮১১–১৮১৮৩৮পুৰন্দৰ সিংহ১৮১৮–১৮১৯৩৯চুদিংফা১৮১৯–১৮২১৪০যোগেশ্বৰ সিংহ১৮২১–১৮২৪৪১পুৰন্দৰ সিংহ১৮৩২–১৮৩৯

চুডাংফা ( Chaupha Siu-Dang-Pha ) Sudangpha : The Legend of Bamuni Konwar

সুদংফা (১৩৯৭–১৪০৭) আহোম ৰাজ্যৰ ৰজা আছিল। ব্ৰাহ্মণৰ ঘৰত লালন-পালনৰ...