দৈনিক ৩০ মিনিটৰ পৰা ১ ঘণ্টা ৰ’দ ল’লে বহু ৰোগৰ পৰা থাকিব পাৰি দূৰত’

Date:

- Advertisement -
Sun light

- Advertisement -

‘দৈনিক ৩০ মিনিটৰ পৰা ১ ঘণ্টা ৰ’দ ল’লে বহু ৰোগৰ পৰা থাকিব পাৰি দূৰত’

এই অধ্যয়ন সম্পৰ্কে আমেৰিকান একাডেমী অব নিউৰ’লজী (American Academy of Neurology)ৰ জাৰ্নেল ‘নিউৰ’লজী (Neurology)’ৰ অনলাইন সংস্কৰণত প্ৰকাশ কৰা হৈছে।

- Advertisement -

Benefits of basking in sun: ৰ’দ আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী বুলি কোৱা হয়। বৰ্তমান ইয়াকে লৈ আন এক গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে। গৱেষকে এক নতুন অধ্যয়নৰ আধাৰত প্ৰকাশ কৰিছে যে ইউ ভি ৰশ্মি (Ultra Violet Rays)ৰ সম্পৰ্কলৈ আহিলে ভিটামিন–ডি বৃদ্ধি হয়, যাৰ ফলত অটো–ইমিউন ৰোগ (auto-immune diseases)ৰ পৰা ৰক্ষা পাব পাৰি। গৱেষকৰ মতে, ৰ’দ সকলো বয়সৰ লোকৰ বাবে লাভদায়ক। এই গৱেষণাত আন গৱেষণাৰ দ্বাৰা পূৰ্বে কৰা অধ্যয়নো অন্তৰ্ভুক্ত কৰা হৈছে, য’ত পোৱা গৈছিল যে শিশুকালত আলট্ৰা ভায়’লেট ৰশ্মিৰৰ অধিক সম্পৰ্কৰ ফলত বয়স বৃদ্ধি হ’লে Multiple Sclerosisৰ আশংকা কম হয়। আপোনাক জনাওঁ যে এম এছত নাৰ্ভ ডেমেজ ((nerve damage) হোৱাৰ কাৰণে মগজু আৰু শৰীৰৰ মাজত সম্পৰ্ক প্ৰভাৱিত হয়, যাৰ ফলত দৃষ্টিশক্তি (loss of vision)ত প্ৰভাৱ, বিষ, ভাগৰুৱা আদি কেইবাধৰণৰো সমস্যা দেখা যায়।

- Advertisement -

গৱেষকে এই অধ্যয়নত ৩৩২ গৰাকী লোকক অন্তৰ্ভুক্ত কৰিছিল, যাৰ বয়স ৩ৰ বৰা ২২ বছৰৰ ভিতৰত আছিল আৰু তাৰ ভিতৰত গড়ে ৭ মাহৰ পৰা এমএছ অৰ্থাৎ Multiple Sclerosis আছিল। এই অংশগ্ৰহণকাৰীসকলৰ থকাৰ স্থান আৰু ৰ’দ লোৱাৰ সময়ৰ তুলনা ৫৩৪ এনে অংশগ্ৰহণকাৰীৰ সৈতে কৰা হৈছিল যিসকলৰ এম এছ নাছিল।

গৱেষকসকলে যেতিয়া ডাটাৰ বিশ্লেষণ কৰিলে তেতিয়া পালে যে যিসকল অংশগ্ৰহণকাৰীয়ে দৈনিক ৩০ মিনিটৰ পৰা ১ ঘণ্টা ৰ’দ লয় তেওঁলোকৰ Multiple Sclerosisৰ আশংকা সেইসকলতকৈ ৫২ শতাংশ কম হয়, যিসকলে দৈনিক গড় ৩০ মিনিটতকৈ কম ৰ’দ লয়।

ইউনিভাৰ্ছিটী অব কেলিফৰ্ণিয়া ছান ফ্ৰান্সিস্কোৰ নিউৰ’লজিষ্ট আৰু অধ্যয়নৰ কো–ৰাইটাৰ ইমানুৱেল ৱাউবাণ্টৰ মতে, ৰ’দক ভিটামিন ডিৰ স্তৰ বৃদ্ধিৰ বাবে জনা যায়। ই ছালত এনেকুৱা ইমিউন কোষসমূহক উত্তেজিত কৰে, যাৰ এমএছৰ দৰে ৰোগসমূহৰ সৈতে যুঁজাত গুৰুত্বপূৰ্ণ ভূমিকা থাকে। ভিটামিন–ডি ইমিউন কোষৰ জৈৱিক কাৰ্যকো সলনি কৰিব পাৰে আৰু এই ধৰণৰ অটো ইমিউন ৰোগৰ পৰা ৰক্ষা কৰাত ভূমিকা পালন কৰে।

MUST READ  VIDEO: খেলপথাৰত ভূত । ভূতে বন্ধ কৰিলে ক্ৰিকেট খেল ! এই video দেখি সকলো হতবাক হৈ পৰিল।
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

উচ্চ ৰক্তচাপ (High Blood Pressure ): এক নিৰৱ হত্যাকাৰী (Silent Killer)আৰু ইয়াৰ পৰিচালনাৰ উপায়

High Blood Pressure : বিশ্বজুৰি প্ৰতিজন প্ৰাপ্তবয়স্কৰ ভিতৰত প্ৰায়...

Parliament Session 2024 : কেনেদৰে শপত গ্ৰহণ কৰিব কাৰাগাৰত থকা সাংসদসকলে? এই সম্পৰ্কে কি নিয়ম

কাৰাগাৰত থকা সাংসদে কেনেদৰে শপত গ্ৰহণ কৰেঃ লোকসভা নিৰ্বাচনৰ অন্ত...

Video : শ্ৰী কৃষ্ণ গোবিন্দ হৰে মুৰাৰী… প্ৰসৱৰ সময়ত ভজন গোৱা দেখা গল মহিলা, ভিডিঅ’ চাওক

Woman Singing Bhajan: ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে এটা অতি মৰমলগা...