Top Aggressive Cricket: আটাইতকৈ খঙাল ক্ৰিকেটাৰ কোন ? List

Date:

- Advertisement -

Top Aggressive Cricket : ক্ৰিকেট হৈছে এক আবেগিক খেল য’ত প্ৰতিজন খেলুৱৈয়ে প্ৰতিটো বলত নিজৰ সকলো চেষ্টা লগাই দিয়ে। যেতিয়া ফলাফল আশা কৰা ধৰণে নহয়, তেতিয়া ক্ৰিকেটাৰসকলেও সকলো মানুহৰ দৰে ক্ৰোধিত হয় । কিছুমানে অৱশেষত নিজৰ খং উলিয়াবলৈ গালি গলাজৰ লগতে শাৰীৰিক শক্তি প্ৰয়োগ কৰা দেখা যায় । আটাইতকৈ আগ্ৰাসী ক্ৰিকেটাৰসকলক চাওঁ আহক।

Shakib Al Hasan

যদি আমি খঙাল খেলুৱৈৰ কথা কওঁ তেন্তে বাংলাদেশৰ ছাকিব আল হাছানক শীৰ্ষত ৰখা হ’ব। প্ৰায়ে খেলপথাৰত আম্পায়াৰৰ সৈতে তৰ্ক-বিতৰ্ক লিপ্ত হয়। লগতে কৰি ষ্টাম্পত লাথি মাৰি আনকি ষ্টাম্প উভালি মাটিত পেলাই দিছিল।

- Advertisement -

Shoaib Akhtar

পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰ শ্বোৱেইব আখতাৰক খেলপথাৰত অতি আক্ৰমণাত্মক দেখা পোৱা যায় । প্ৰায়ে মেচত বিপক্ষ দলৰ খেলুৱৈৰ সৈতে সংঘৰ্ষ হোৱা দেখা গৈছিল। ভাৰতীয় দলৰ খেলুৱৈৰ সৈতেও বহুবাৰ সংঘৰ্ষত লিপ্ত হৈছে আখতাৰ।

Ambati Rayudu

খেলপথাৰত ভাৰত আৰু চেন্নাই ছুপাৰ কিংছৰ প্ৰাক্তন খেলুৱৈ অম্বতী ৰায়ুডুক অতি খঙাল দেখা যায়। মুম্বাই ইণ্ডিয়ানছত সতীৰ্থ হৰভজন সিঙৰ সৈতেও সংঘৰ্ষত লিপ্ত হৈছে ৰাডু। ইয়াৰ উপৰিও ৰাডুৰ শ্বেলডন জেকচনৰ সৈতেও সংঘৰ্ষ লিপ্ত হৈছে ।

Ricky Ponting

অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলটোক স্লেডিং মাষ্টাৰ বুলি ক’লে ভুল নহ’ব। দলৰ প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিং খেলপথাৰৰ ক্ষোভৰ বাবেও পৰিচিত আছিল। পণ্টিঙক প্ৰায়ে বিপক্ষ দলৰ খেলুৱৈসকলক স্লেজিং কৰা দেখা গৈছিল।

S Sreesanth

ভাৰতৰ প্ৰাক্তন বেগী বলাৰ এছ শ্ৰীসন্তক প্ৰায়ে খঙাল হোৱা দেখা যায়। তেওঁৰ উইকেট লোৱাৰ পিছত উদযাপন কৰাটোও যথেষ্ট আক্ৰমণাত্মক।তেওঁ মেচ ফিক্সিং বিতৰ্কতো লিপ্ত হৈছিল ।

- Advertisement -

Mushfiqur Rahim

বাংলাদেশৰ মুছফিকুৰ ৰহিমে খেলপথাৰত ইমানেই খঙাল যে নিজৰ দলৰ খেলুৱৈৰ ওপৰতে খং প্ৰদৰ্শন কৰে । 

Gautam Gambhir

গম্ভীৰক খেলপথাৰত বিপক্ষ খেলুৱৈৰ সৈতে সংঘৰ্ষ হোৱা দেখা যায়। দক্ষিণ আফ্ৰিকাৰ আন্দ্ৰে নেল বা পাকিস্তানৰ শ্বাহিদ আফ্ৰিদিৰ সৈতে হোৱা বিতৰ্কই বহু শিৰোনাম দখল কৰিছে। আচলতে ২০০৭ চনত কানপুৰৰ এদিনীয়াৰ সময়ত পাকিস্তানৰ তাৰকা অল-ৰাউণ্ডাৰ শ্বাহিদ আফ্ৰিদিৰ সৈতে গম্ভীৰৰ কাজিয়া হৈছিল। ইজনে সিজনৰ ওপৰত গালি-গালাজ চলোৱাৰ উপৰিও দুয়োজনে গুৰুতৰ দৌৰ লোৱাৰ সময়তে (হয়তো ইচ্ছাকৃতভাৱে) শ্বাহিদ আফ্ৰিদিৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। তাৰ লগতে গম্ভীৰে বহুবাৰ IPL ত Virat Kohli ৰ লগত কাজিয়াত লিপ্ত হয়।

MUST READ  IPL Match Fixing : আই পি এলত পাকিস্তানৰ পৰা ফিক্সিংৰ জাল কেনেদৰে পেলাইছিল ?

Virat Kohli

Top Aggressive Cricket virat kohli

বিৰাট কোহলীৰ ক্ষোভৰ কথাও সকলোৱে জানে। কোহলীয়ে খং উঠিলে গালি-গালাজৰ পৰা নিজকে ৰেহাই নিদিয়ে। কেৱল ভাৰতীয় খেলুৱৈয়েই নহয় বিদেশী খেলুৱৈও কোহলীৰ ক্ষোভৰ বলি হৈছে। দৰাচলতে বাৰ্মিংহাম টেষ্টৰ তৃতীয় দিনা খেলপথাৰত বিৰাট কোহলী আৰু ইংলেণ্ডৰ বেটছমেন জনী বেয়াৰষ্ট’ৰ মাজত তীব্ৰ কাজিয়া দেখা গৈছিল। মহম্মদ শ্বামী যেতিয়া ভাৰতৰ হৈ বলিং কৰিবলৈ খেলপথাৰলৈ আহিছিল, তেতিয়া বেয়াৰষ্টোৱে তেওঁৰ এটা বলত পৰাস্ত হৈছিল। ইফালে কোহলীয়ে বেয়াৰষ্ট’ক উচটনি দিবলৈ দুয়ো বাক বিতৰ্ক ত লিপ্ত হয় ।

- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related