Class 6 :: Social Science Chapter:1 , সমাজ বিজ্ঞান, সৌৰজগতত আমাৰ পৃথিৱী

Date:

- Advertisement -

Class 6 Social Science

সমাজ বিজ্ঞান

- Advertisement -

Chapter 1: সৌৰজগতত আমাৰ পৃথিৱী


অনুশীলনী: 


- Advertisement -

(১) তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা–


 (ক) সৌৰজগত বুলিলে কি বুজা?


- Advertisement -

 উত্তৰ:- সূৰ্যক কেন্দ্ৰ কৰি পৃথিৱীৰ সৈতে অন্যান্য গ্ৰহ, উপগ্ৰহ, ধুমকেতু, উল্কা আৰু গ্ৰহাণুপুঞ্জক লৈ সৃষ্টি হোৱা সূৰ্যৰ পৰিয়ালকে সৌৰজগত বুলে |


 (খ) সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰৰ নাম লিখা |


 উত্তৰ:- সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰ হ’ল বুধ, শুক্ৰ, পৃথিৱী, মঙ্গল, বৃহস্পতি, শনি, ইউৰেনাচ, নেপচুন |


 (গ) সূৰ্য কি? সূৰ্যৰ বিষয়ে চমুকৈ লিখা |


 উত্তৰ:- সূৰ্য আমাৰ পৃথিৱীৰ ওচৰত থকা উজ্জ্বল নক্ষত্ৰ | ইয়াৰ ওপৰৰ অংশৰ উত্তাপ প্ৰায় ৬০০০ ডিগ্ৰী চেলচিয়াচ | সূৰ্যৰ বয়স ৫০০ কোটি বছৰৰ ওচৰা-উচৰি | সূৰ্যই হ’ল সকলো শক্তিৰ উৎস | সূৰ্যৰ বাবেই পৃথিৱী গ্ৰহত জীৱন ধাৰণ সম্ভৱ হৈছে|


(২) উত্তৰ লিখা–


 (ক) নিজৰ পোহৰ থকা তৰাবোৰক কি বুলি কোৱা হয়?


 উত্তৰ:- নিজৰ পোহৰ থকা তৰাবোৰক নক্ষত্ৰ বুলি কোৱা হয়


 (খ) পৃথিৱীৰ পৰা আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি?


 উত্তৰ:- পৃথিৱীৰ পৰা আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম হ’ল শুক্ৰ |


 (গ) আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰটোৰ নাম কি?


 উত্তৰ:- আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰটো হ’ল সূৰ্য |


 (ঘ) ৰাতিৰ আকাশত তীব্ৰভাবে গতি কৰি ধ্বংস হোৱা উজ্জ্বল পিন্দ্ববোৰক কি বুলি জনা যায়?


 উত্তৰ:- ৰাতিৰ আকাশত তীব্ৰভাবে গতি কৰি ধ্বংস হোৱা উজ্জ্বল পিন্দ্ববোৰক উল্কাপিন্দ বুলি জনা যায় |


(৩) পাঠৰ চিত্ৰ-৩ ত থকা সৌৰজগতৰ চিত্ৰখন পৰ্যৱেক্ষণ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা–


 (ক) সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি?


 উত্তৰ:- সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহটো হৈছে নেপচুন |


 (খ) ইউৰেনাচ গ্ৰহটো কোন দুটা গ্ৰহৰ মাজত অৱস্থিত?


 উত্তৰ:- ইউৰেনাচ গ্ৰহটো শনি আৰু নেপচুন গ্ৰহ দুটাৰ মাজত অৱস্থিত |


 (গ) সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান কেই নম্বৰ স্থানত?


 উত্তৰ:- সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান ৩ নম্বৰ স্থানত |

MUST READ  Oscar 2022: Here is the complete list


 (ঘ) সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি?


 উত্তৰ:- সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম বৃহস্পতি |


 (ঙ) গ্ৰহাণুপুঞ্জবোৰ কোন দুটা গ্ৰহৰ মাজত দেখা যায়?


 উত্তৰ:- গ্ৰহাণুপুঞ্জবোৰ মঙ্গল আৰু বৃহস্পতি গ্ৰহ দুটাৰ মাজত দেখা যায় |


(৪) শুদ্ধ উত্তৰটো লিখা– 


 (ক) পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয়?


  (১) বুধ (২) শুক্ৰ (৩) মঙ্গল (৪) শনি


 উত্তৰ:- শুক্ৰ |


 (খ) সৌৰজগতত অস্থায়ীভাৱে ভুমুকি মৰা উজ্জ্বল বাষ্পপিন্দবোৰ হ’ল–


  (১) ধুমকেতু (২) গ্ৰহাণুপুঞ্জ (৩) উপগ্ৰহ (৪) নক্ষত্ৰ 


 উত্তৰ:- ধুমকেতু |

- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related