Sukapha চুকাফা Ahom king sukafa |
Founder of the Ahom dynasty | |||||
---|---|---|---|---|---|
Reign | 1228–1268 | ||||
Successor | Suteuphaa | ||||
|
|||||
Born | 1189 Mong Mao kingdom (present day Yunan province of China) |
||||
Died | 1268 (aged 78-79) Charaideo, Ahom kingdom (present day India) |
||||
Burial |
Charaideo
|
||||
Spouse |
|
||||
Issue | Suteuphaa | ||||
|
|||||
House | Su/Tsu (Tiger) clan | ||||
Dynasty | Ahom dynasty | ||||
Father | Chao Chang-Nyeu | ||||
Mother | Blak Kham Sen | ||||
Religion | Ahom religion |
Sukapha in Assamese চুকাফা : চাও -চাং ন্যেউৱে মাওলুং ৰাজ্য জয় কৰিবলৈ অহাত মাওলুংৰ ৰজা খুন-পাং-খামে যুদ্ধৰ বাবে প্ৰস্ত্তত নথকাত নিজৰ ভনীয়েক নাং-ম’ঙব্লক-খাম- চেউক চাও-চাং ন্যেউলৈ বিয়াৰ প্ৰস্তাব আগবঢ়াই।পাছত চাও-চাং-ন্যেউক মাও-লুঙৰ কৰতলীয়া ৰজা পাতিলে।তেওঁলোকৰ তিনি সন্তান জন্ম হয় আৰু আটাইতকৈ সৰু জনেই চাওলুং চ্যুকাফা। চ্যাওলুং চ্যুকাফাৰ জন্মৰ আগতে তেওঁৰ মাতৃ নিজ পিতৃৰ গৃহত আছিলহি। সেয়ে চ্যুকাফাৰ জন্ম পুঠায়েক এনায়েকৰ ঘৰতে হৈছিল। চ্যুকাফা ১৯ বছৰ বয়সলৈকে নিছায়েকৰ ঘৰতে আছিল। পিতৃৰাজ্যলৈ যোৱা নাছিল।নিছায়েকৰ মৃত্যুৰ পাছত তেওঁৰ দুই পুত্রই চ্যুকাফাৰ পিতৃৰাজ্য মাওলুং অধিকাৰ কৰিলে। সেই যুদ্ধত চ্যুকাফাৰ ডাঙৰ ককায়েকক চুজৎ-ফাক বধ কৰা হ’ল।পিছত মাওলুঙৰ ৰজাই চ্যুকাফাক ম’ঙ-মিৎ-কুপ-ক্লি- নয়ৰ ৰজা হিচাপে নিয়োগ কৰে।১৮ বছৰ এনেদৰে তলতীয়া ৰজা হিচাপে থাকি চ্যুকাফাই এখন স্বাধীন ৰাজ্যৰ কথা চিন্তা কৰিবলৈ ধৰিলে।সেই সময়ত মাওলুঙৰ ৰজা ছু-খান-ফাই ” জুন-লুং নামৰ আন এখন ৰাজ্য অধিকাৰ কৰিবলৈ চ্যুকাফাৰ সহায় বিচৰাত চ্যুকাফা মান্তি নহ’ল। সেয়ে ছু-খান-ফাই চ্যুকাফাক বন্দী কৰিবলৈ আগবাঢ়ি আহিল।চ্যুকাফাই নিজৰ মিতিৰৰ ভাতৃৰ লগত যুদ্ধ নকৰি ম’ঙ-মিৎ-কুপ-ক্লি-নয় পৰিত্যাগ কৰে আৰু নতুন ঠাইৰ সন্ধানত যাত্রা কৰে।
Sukapha in Assamese চুকাফা :স্বৰ্গদেউ চ্যুকাফাৰ জন্ম, বংশ পৰিচয়, অসম আগমন আৰু সাম্ৰাজ্য বিস্তাৰ।
চ্যুকাফাই নতুন ৰাজ্যৰ সন্ধানত থাকোতে কিছুদিন সৰু ককায়েক ছু-খাম-ফাৰ নৰা ৰাজ্যত কিছুদিন আশ্ৰয় লয়।ককায়েক ছু-খাম-ফাই চ্যুকাফাক নৰা ৰাজ্যৰ দক্ষিণ-পশ্চিমে থকা ৰাজ্য খন জয় কৰিবলৈ পৰামৰ্শ দিয়ে। চ্যুকাফা মাকৰ লগত নিছায়েকৰ ৰাজ্যত থাকোতেই নিছায়েকৰ পুত্র চাম-লুং- ফাই সৌমাৰ পীঠলৈ যুদ্ধাভিযান চলাই মণিপুৰ আৰু কাছাৰৰ কিছু অংশ অধিকাৰ কৰিছিল।সেয়ে এই অভিযানৰ বিষয়ে চ্যুকাফাই সকলো খিনি জানিছিল আৰু সৌমাৰ জয় কৰাৰ কথাই ভাৱিছিল।
আহোমৰ পিতৃপুৰুষ তথা বৰ অসম গঢ়োতা চাওলুং চ্যুকাফা অসম আগমনৰ সম্পৰ্কে বিভিন্ন সময়ত বিভিন্ন বুৰঞ্জীয়ে বিভিন্ন ধৰণেৰে সমল আগবঢ়াই আহিছে। এই বুৰঞ্জী সমূহ অধ্যয়ন কৰিলে চ্যুকাফাৰ অসম আগমনৰ সম্পৰ্কে কোনো সঠিক সিদ্ধান্তত উপনীত হব পৰা নাযায়।
ৰায়চাহাব স্বৰ্গীয় গোলাপচন্দ্ৰ বৰুৱাৰ আহোম বুৰঞ্জীৰ মতে তেওঁ নিছাদেৱেকৰ পুত্র ছু-খান-ফাক মাও লুঙ ৰাজ্য এৰি দি দেউতাকৰ সৈতে পৰামৰ্শ কৰি ছেংদেওক ( চোমদেও) লৈ লগত খুনৱা, খুনফ্ৰঙ, খুনৰিং, খুনছেঙ, খুনফুকেন আৰু তিনিজন মানুহে একেটা মটঙতে খাব পৰা ৩০০০ মটঙ, খাম খামুঙ নামে দঁতাল হাতী, চুকিনকাও নামে মাইকী হাতী, ফ্ৰঙপেম নামে মাউত আৰু চকুবন্ধা ৩০০ ঘোঁৰা লৈ পিতৃৰাজ্য মুঙ খামুঙ জালৈ গ’ল।
আন এক বুৰঞ্জীয়ে কয় স্বৰ্গদেউ (Sukapha) চুকাফা দেউতাকৰ মৃত্যুৰ পাছত তেওঁ পিতৃ ৰাজ্যৰ ৰজা হ’ল। পিছত তেওঁ পিতৃৰ ৰাজ্য ৰাজত্ব কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰি চুম্ফা-ৰুঙ- চেঙমুঙ আৰু এঘৰ খুনলাক বংশ, এঘৰ খুনতঙৰ বংশৰ , এঘৰ ক্লঙখ্ৰুৰ বংশৰ ,এঘৰ ক্লঙছামৰ বংশ , থাওমুঙ, মাঙখুম থাওমুঙ,খেনলুঙ ৰুপাক, লাওখ্ৰী বংশৰ থাওমছাম, মাছাম বংশৰ থাওমুঙ মছাইক লগত লৈ মুঙদুন (অসম) লৈ আহিল। তেওঁ অসমলৈ আহোতে বাটত বহু জাতিৰ সৈতে যুঁজ কৰি আহিব লগা হৈছিল।
চাৰ এডৱাৰ্ড গেইট চাহাবৰ অসম বুৰঞ্জীমতে খুনলুঙ আৰু খুনলাইৰ বংশধৰসকলৰ এটা ঠালে মাওলুঙত ৪৬৮ বছৰ ৰাজত্ব কৰাৰ পাছত খুনলুঙৰ পুত্র মুঙখুমুঙজাওৰ মাওলুঙৰ ৰজা হ’ল। তেওঁৰ নাতি চ্যুকাফাই মুঙকাঙ দেশৰ ৰজাৰ পৰা চোমদেওক চুৰ কৰি ১২১৫ খ্ৰীঃত আঠজন ডাঙৰীয়া আৰু বিষয়া, ৯০০০ জন পুৰুষ তিৰোতা আৰু ল’ৰা- ছোৱালী, দুটা হাতী আৰু ৩০০ ঘোঁৰা লৈ অসমৰ ফালে যাত্রা কৰিলে।
পুৰণি অসম বুৰঞ্জী অনুসৰি খুনলুঙ আৰু খুনলাইৰ বংশধৰ তাওচাংনেও নিজ ৰাজ্য এৰি মুংখা মুংজালৈ গ’ল। কিন্ত্ত তাৰ পৰা মৰাণে খেদোৱাত তেওঁ নৰা ৰাজ্যলৈ গ’ল। নৰাৰজাই তেওঁলৈ জীয়েকক বিয়া দিলে।তেওঁলোকৰ চ্যুকাফা নামে এটি ল’ৰা হ’ল। পিতৃ-মাতৃৰ মৃত্যু হোৱাত তেওঁক এনায়েকে তুলি-তালি ডাঙৰ কৰিলে।এনায়েকে চোম-ছেঙ-দেওক হাত কৰি চ্যুকাফাক দি নৰা ৰাজ্য ত্যাগ কৰিবলৈ কলে।
|
স্বৰ্গীয় হৰকান্ত বৰুৱা সদৰামিনৰ আসাম বুৰঞ্জী মতে খুনলুঙৰ বংশৰ এটা ডালে মাওলুঙত ৬২০ বছৰ ৰাজত্ব কৰাৰ পাছত সেই বংশৰ ত্যাওতাইলুঙ মাওলুঙৰ ৰজা হয়।তেওঁ খুনলুঙ আৰু খুনলাইৰ পাছৰ সপ্তবিংশতিতম ৰজা।তেওঁ ১৫ বছৰ ৰাজত্ব কৰি মৃত্যু হোৱাত তেওঁৰ বৰপুত্র পামেওপুঙ মাওলুঙৰ আৰু সৰুপুত্র ফুচাঙখাং মুংমিত -কুপ- কিংনাও বা মুংমিহ কুপক্লিং দেশৰ ৰজা হ’ল।ফুচাংখাং সাতবছৰ ৰাজত্ব কৰি মৃত্যু হ’ল।তেওঁৰেই বৰপুত্র চুজতফা তাইপ দেশৰ, মাজুপুত্র ছুখানফা তাইপং দেশৰ আৰু সৰুপুত্র চ্যুকাফা ম’ঙ-মিৎ – কুপ- ক্লি-নয় দেশৰ ৰজা হ’ল।চুখানফাৰ সৈতে জুন-লুঙ দেশৰ ৰজাৰ যুদ্ধ হোৱাত চুখানফাই চ্যুকাফাৰ সহায় বিচাৰিলে, কিন্ত্ত চ্যুকাফাই সহায় নকৰাত তেঁওলোকে চ্যুকাফাক বন্দী কৰিব বিচাৰিলে। চ্যুকাফাই ওঠৰ বছৰ মুংমিত-কুপ কিনাও দেশত ৰাজত্ব কৰাৰ পাছত মুংকং দেশৰ ৰজা নাইচানফাৰ ওচৰলৈ গ’ল। সেই দেশৰ ৰজাৰ পৰা চোমদেওক হাত কৰি ১২২৮ খ্ৰীঃত ১০৮০ জন মানুহ, এটা দঁতাল হাতী, এজনী মাখুন্দী, ৩০০ ঘোঁৰা আৰু থাওমুংক্লিংলুন বুঢ়াগোঁহাই আৰু থাওমুং কানঙ্গন বৰগোহাঁইক লগত লৈ সৌমাৰ পালেহি।
দেওধাই অসম বুৰঞ্জী মতে (Sukapha) চুকাফা ৰ ককায়েক চুখ্ৰানফা মাওলুঙ ৰাজ্যৰ ৰজা হোৱাৰ পাছত চ্যুকাফা পিতৃৰাজ্য মুংজামুংজিলৈ আহিল। চোম চেঙ্গকো ( চোমদেও ) আনিলে। ইয়াৰ পাছত পিতৃ ৰাজ্যৰ পৰা মানুহ- দুনুহ, বয়- বস্ত্ত, হাতী – ঘোঁৰা আদি লৈ দেশ জয় কৰিবলৈ অহা বিৱৰণত সামান্য পাৰ্থক্য থাকিলেও বেছি ভাগ কথাই বিভিন্ন বুৰঞ্জীৰ লগত মিল দেখা যায়।
বিভিন্ন বুৰঞ্জীত বিভিন্ন ধৰণে উল্লেখ থাকিলেও এটা কথা সকলো বুৰঞ্জীয়ে কয়, স্বৰ্গদেউ চ্যুকাফাই ১২১৫ খ্ৰীঃত পিতৃৰাজ্য মাওলুঙ ত্যাগ কৰি এদিন ঘূৰি ঘূৰি হুকং উপত্যকাত উপস্থিত হ’লহি। সেই উপত্যকাত বহুতো টাই জনগোষ্টীয় লোকৰ লগ হৈ সকলোৱে একেলগে অতি দুৰ্গম পথ অতিক্ৰম কৰি পাটকাই পৰ্বত পাৰহৈ ১২১৮ চনত খামজাং নৈৰ পাৰত উপস্হিত হ’লহি। খামজাং নৈ পাৰ হৈ তেওঁলোকে নগাৰাজ্যৰ ন্যাংগ নামৰ পুখুৰীটোৰ পাৰত উপস্হিত হৈ তাতে কিছুদিন বসবাস কৰিবলৈ ললে যদিও নগালোক সকলে তেওঁলোকক খেদি আহিল।ফলত যুদ্ধ হ’ল।সেই যুঁজত নগা সকলক হৰুৱাই নগাৰাজ্যক স্বৰ্গদেউ চ্যুকাফাই তলতীয়া কৰি ললে। সেই নগা ৰাজ্যখনৰ ভাৰ এজন ডাঙৰীয়াৰ হাতত গটাই তেওঁ সৈন্যৰে সৈতে ভৈয়াম ফালে নামি আহিল।১২২৭ চনত চ্যুকাফা সৈন্য সামন্তৰে ভৈয়াম পালেহি।কিছুদিন নামবং নদীৰ পাৰত তেওঁলোক জিৰণি লৈ পুনৰ নদীৰ পাৰে পাৰে আগুৱাই আহি নামৰুক নামৰ ঠাইত বাহৰ পাতিল যদিও সেই ঠাইত বৰ সুবিধা নাপালে।সেয়ে সেই ঠাই ত্যাগ কৰি নদীৰে যাত্রা আৰম্ভ কৰিলে। এদিন চেচা নৈ খন পাৰহৈ আহি ১২২৮ চনৰ ২ ডিচেম্বৰত দিহিং নৈৰ পাৰত উপস্হিত হ’ল।
বুঢ়ীদিহিংৰ পাৰৰ সেউজীয়া, কুঁৱলীৰ আৱৰণ,সোণোৱালী ধাননি পথাৰ, পলসুৱা মাটি, নানা ধৰণৰ ফলৰ গছ দেখি স্বৰ্গদেউ চ্যুকাফাৰ মন পুলকিত হৈ উঠিল। মনৰ উলাহতে তেওঁ চিঞৰি উঠিল__ ” খুঙ-চূণ-ডুন-খাম। এই বাক্যৰ অৰ্থ “সোণৰ দৰে অমূল্যৰে ভৰপুৰ এই প্ৰকৃতি”। চ্যুকাফাই সেই ঠাইৰ নাম দিলে
” টি-পাম।আজিও চ্যুকাফাৰ সেই ” টি-পাম” ৰাজ্যৰ অস্তিত্ব বিদ্যমান।কালক্ৰমত বহু দিন সেই ঠাই অৱহেলিত হৈ আছিল যদিও আজি দুবছৰ মানৰ পৰা সেই ঠাই বহুতো দ’ল সংগঠন মিলি সংৰক্ষণ কৰিবলৈ আগবাঢ়ি আহিছে। স্বৰ্গদেও চ্যুকাফাই পূজাকৰা দুৰ্গা থান খনৰ অস্তিত্ব আজিও আছে।
তিনিবছৰ মান তাত থাকি,বাৰিষাৰ দিহিংৰ উত্তাল ৰূপ দেখি “টি-পাম” ত্যাগ কৰিলে। দিহিংৰ বুকুৱেদি নতুন ঠাই বিচাৰি ভটিয়াই গ’ল। এইবাৰ তেওঁলোক অভয়পুৰ নামৰ এখন ঠাইত থিতাপি ললে। বহু কিছু অসুবিধাৰ বাবে সেই ঠাইয়ো এদিন ত্যাগ কৰিলে। সেই ঠাই ত্যাগ কৰি বৰলুইতেৰে ভটিয়াই দিখৌমুখত উপস্হিত হ’লহি। দিখৌ পাৰৰ লিগিৰী নামৰ এখন গাঁৱত তেওঁলোক প্ৰথমে সোমাল। এনেদৰে বিভিন্ন ঠাই ঘূৰি ঘুৰি ১২৪৬ চনত স্বৰ্গদেউ চ্যুকাফাই শিমলুগুৰিত উপস্হিত হয়। তাত তেওঁ মনে বিচৰা সকলো সুবিধা পাই তাতে নিগাজিকৈ থাকিবলৈ ললে আৰু সেই
সময়ত সেই ঠাইত বৰাহী, মৰাণ, চুতীয়া আদি জাতিৰ লোক সকলে নিজৰ নিজৰ ৰাজ্য পাতি আছিল।চ্যুকাফাই নিজকে সোণৰ জখলাৰে নামি অহা বংগৰ ৰজা বুলি তেওঁলোকৰ আগত চিনাকি দিলে। বৰ কম দিনৰ ভিতৰতে বৰাহী ৰজা “থাকুমথা” আৰু মৰাণ সকলৰ অধিপতি” বাডানচা ” চ্যুকাফাৰ আপোন হৈ পৰিল।চ্যুকাফাই তেওঁলোক দুয়োৰে একো গৰাকীকৈ জীয়ৰীক বিয়া কৰাই সম্বন্ধ আৰু কটকটীয়া কৰিলে। তাত এটা পাহাৰ দেখি আগুৱাই গৈ পাহাৰটোত ১২৫৩ খ্ৰীঃত নুনি গছৰ তলত দুটা ঘোঁৰা বলি দি দেওধাই পণ্ডিতৰ হতুৱাই পূজা কৰোৱাই চৰাইদেও পৰ্বতত স্থায়ী ৰাজধানী পাতিলে।
চ্যুকাফাৰ সাহস, শক্তি, গুণ দেখি স্থানীয় লোক সকলে নিজৰে মংগল হ’ব বুলি জানি তেওঁক সমীহ কৰিবলৈ ললে।চ্যুকাফাক অধিপতি পাতি সকলো তেওঁৰ লগত একগোট হৈ পৰিল। চ্যুকাফা সকলোৰে ৰজা হ’ল। চ্যুকাফাই সকলো লোকক ৰণশিক্ষা,জ্ঞান,শিক্ষা আদিৰে পাকৈত কৰি তুলিলে। সকলো মানুহৰ অভাব, ৰোগ, ব্যাধি দূৰ কৰিবলৈ চ্যুকাফা উঠি-পৰি লাগে।তাকে দেখি সকলো মানুহে চ্যুকাফাৰ সকলো পৰামৰ্শ মানি চলিবলৈ ধৰিলে।
এসময়ত নিজৰ পৰাক্ৰমেৰে চ্যুকাফাই তেওঁৰ ৰাজ্যৰ সীমা বঢ়াই দিলে। গোটেই সৌমাৰ পীঠকে নিজৰ দখললৈ আনিলে।খুউব কম দিনৰ ভিতৰত তেওঁৰ ক্ষমতা ইমানেই বাঢ়ি গ’ল যে সৌমাৰৰ বাহিৰৰ ৰজা বিলাককো পৰাভূত কৰি নিজৰ তলতীয়া কৰি পেলালে।অৱশ্যে তলতীয়া ৰজা সকলক সকলো সময়তে সহায়ো কৰিছিল।সন্মানৰ চকুৰে চাই তেওঁলোকৰ মান ৰাখিছিল।সৌমাৰৰ বাহিৰৰ ৰজা সকলেও তেওঁৰ ক্ষমতা দেখি আচৰিত হৈছিল।চ্যুকাফাক সকলো ৰজাই অ-সম অৰ্থাৎ তেওঁৰ সমান কোনো নাই বুলি কবলৈ ধৰিলে। তেনেদৰেই কালক্ৰমত সৌমাৰৰ নাম অসম হ’লগৈ। ৰাজ্য জয় কৰাত চ্যুকাফা যেনেদৰে পৰাক্ৰমী আছিল ৰাজ্য শাসনতো তেওঁৰ বিচক্ষণৰ তুলনা নাছিল। উপযুক্ত জনক যথাযোগ্য সন্মান দিবলৈ কেতিয়াও পিছুৱাই অহা নাছিল। স্বৰ্গদেউ চ্যুকাফাই নিজৰ ভাষা এৰি অসমীয়া ভাষা গ্ৰহণ কৰিলে। তেওঁৰ লগত অহা সৈন্য সকলক অসমীয়া জীয়ৰীৰ লগত বিয়া পাতি সংসাৰ কৰিবলৈ উৎসাহ দিলে।
স্বৰ্গদেউ চ্যুকাফাৰ পানী আৰু মাটিত থকা পদাৰ্থবোৰৰ প্ৰচুৰ জ্ঞান আছিল।এইবোৰ দিশত পাৰদৰ্শিতা থকা বাবেই ৰাজ্যখনক জয়জয় ময়ময় কৰি জাকত জিলিকা কৰি তুলিবলৈ সক্ষম হৈছিল। গোটেই ৰাজ্যখনৰ প্ৰজা সকলক নানা কামত থান-থিত লগাই স্বৰ্গদেউ চ্যুকাফাই নিয়াৰিকৈ চলাই নিছিল। স্বৰ্গদেউ চ্যুকাফাই সকলো ধৰ্মকে ভক্তি কৰিছিল।তেওঁৰ অধীনত থকা ৰাজ্যৰ মানুহ বোৰক নিজৰ নিজৰ ধৰ্মৰ মতে চলিব দিছিল।সকলো লোক স্বাধীন ভাবে থাকিবলৈ পাই ৰজাক অসীম ভাল পাইছিল।মানুহ সকলৰ মাজতো একতা,মৰম-চেনহৰ ডোল দাল সদায় কটকটীয়া হৈ আছিল।
চ্যুকাফা স্বৰ্গদেৱে প্ৰায় ৪০ বছৰ ৰাজ্য চলায়।এই সময় খিনিত তেওঁ ৰাজ্য খন জাকত জিলিকা কৰি তুলিছিল। তেওঁ প্ৰতিষ্ঠা কৰি যোৱা ৰাজ্যই গৌৰৱ আৰু পৰাক্ৰমৰ চানেকি হৈ ছশবছৰ ধৰি জিলিকি থাকিল।
১২৬৮ খ্ৰীঃত স্বৰ্গদেউ চ্যুকাফা স্বৰ্গগামী হয়। অসাধাৰণ সাহস, বীৰত্ব, বুদ্ধিমত্তা,ৰণ কৌশলৰ গৰাকী এই বীৰপুৰুষক অসমীয়া জাতিৰ পিতৃ বুলি ধৰা হয়।
চ্যুকাফাৰ অৱদানলৈ শ্ৰদ্ধা জনাই ২ ডিচেম্বৰ তাৰিখটো সমগ্ৰ অসমবাসীয়ে ১৯৮৭ চনৰ পৰা চ্যুকাফা দিৱস হিচাপে পালন কৰি আহিছে।১২২৮ চনৰ ২ ডিচেম্বৰ তাৰিখে চাওলুং চ্যুকাফাই সৌমাৰত উপস্থিত হোৱা ঐতিহাসিক দিনটো চিৰস্মৰণীয় কৰি ৰখাৰ উদ্দেশ্যৰে।
FAQ (Frequently Asked Questions)
1. Who was Sukapha?
Ans:Sukapha was the founder of the Ahom kingdom in medieval Assam, India. He was a Tai prince who migrated from Mong Mao (present-day Yunnan province in China) and established the Ahom dynasty in the 13th century.
2. When did Sukapha rule?
Ans: Sukapha ruled from 1228 to 1268 AD, marking the beginning of the Ahom dynasty’s reign in Assam.
3.What was Sukapha’s significance in Assam’s history?
Ans: Sukapha is considered the architect of the Ahom kingdom and played a crucial role in shaping Assam’s political, cultural, and social landscape. His legacy is deeply ingrained in Assamese history and culture.
4.What were Sukapha’s achievements?
Ans: Sukapha successfully established the Ahom kingdom by uniting various ethnic groups and tribes in the region. He introduced various administrative, military, and social reforms, laying the foundation for a prosperous kingdom.
5.What were Sukapha’s contributions to Assamese culture?
Sukapha’s reign saw the assimilation of Tai-Ahom culture with local Assamese culture, leading to a unique cultural amalgamation. He patronized literature, art, and architecture, which flourished under his rule.
6. How did Sukapha’s arrival impact the indigenous tribes of Assam?
– Sukapha’s migration and subsequent establishment of the Ahom kingdom had a significant impact on the indigenous tribes of Assam. While there were conflicts initially, over time, the Ahoms integrated with the local population, leading to a diverse and multicultural society.
7. What is Sukapha’s legacy today?
– Sukapha’s legacy continues to endure in Assam, with numerous monuments, festivals, and cultural practices commemorating his reign. He is revered as a visionary leader who laid the foundation for Assam’s rich heritage.