ব’হাগ বিহু বা ৰঙালী বিহু বসন্ত ঋতু আগমণৰ লগে লগে উদযাপন কৰা হয়। বসন্তৰ আগমনীত যেতিয়া প্ৰকৃতি নতুন ৰূপৰে জিলিকি উঠে, বা প্ৰকৃতিয়ে ন ৰূপ ধৰে তেতিয়া চহা অসমীয়া ৰাইজ জীৱন সুখ ভোগ কৰিবলৈ আগবাঢ়ি আহে। ৰঙালী বিহু হৈছে এক যৌৱনৰ উৎসৱ যত ডেকা গাভৰু, বিহুৰ মাজতে নিজৰ জীৱন সংগী বিচাৰি উলিয়ায়।
কৃষি সংস্কৃতিৰ আৰম্ভণিৰে পৰা এনেধৰণৰ উৎসৱ চলি আহিছে। যৌৱনৰ লগত খেতি মাটিৰ উৰ্বৰতাৰ সম্বন্ধ আছে বুলি মানুহে বিশ্বাস কৰে।আৰু খেতি আৰম্ভ কৰাৰ আগে আগে পালন কৰা হয় । সেয়ে ৰঙালী বিহুৰ কৃষিৰ লগত ওতপ্ৰোত সম্বন্ধ আছে।
বহাগ বিহু বা ৰঙালী বিহু প্ৰতি বছৰে এপ্ৰিলৰ দ্বিতীয় সপ্তাহত পালন কৰা হয়, যি শস্য চপোৱাৰ সময় সূচায়। বহাগ বিহুৱে অসমত নৱবৰ্ষৰ আৰম্ভণি চিহ্নিত কৰে। অসম আৰু উত্তৰ-পূব ভাৰতৰ আন ঠাইত এই উৎসৱটো অতি আনন্দ আৰু উৎসাহেৰে উদযাপন কৰা হয়।
শস্যৰ বতৰৰ ওপৰত নিৰ্ভৰ কৰি অসমবাসীয়ে তিনিটা ভিন্ন প্ৰকাৰৰ বিহু উদযাপন কৰে, আৰু তিনিওটাৰ ভিতৰত বহাগ বিহু আটাইতকৈ গুৰুত্বপূৰ্ণ।
বহাগ বিহুৰ ইতিহাস
খ্ৰীষ্টপূৰ্ব দুহেজাৰ বছৰ আগতে হোৱাংহো আৰু ইয়াংচিকিয়াং নদীৰ পাৰৰ পৰা দক্ষিন চীন , ব্ৰহ্মদেশ , অসম , ইন্দোচীন আদিলৈ অষ্ট্ৰিকভাষী লোক আহিছিল আৰু এওলোকে নদীৰ পাৰত বাস কৰিছিল । কল্পনাবিলাসী অষ্ট্ৰিকসকলে অসমীয়া ভাষা সংস্কৃতিত মচিব নোৱাৰা অৱদান এৰি থৈ গ’ল । লাহে লাহে এই সংস্কৃতিত ব্ৰাহ্মণ্য ধৰ্মৰ প্ৰভাৱ পৰিল আৰ্য সকলৰ যোগেদি । সেয়ে অনাৰ্যৰ লগত মিলি তেওঁলোকৰ দেৱতা শিৱ আৰু সূৰ্যক পূজা কৰিবলৈ ললে । দুয়োটা গোষ্ঠীৰ ৰহনত দিন-ৰাতি সমান হোৱা অৰ্থাৎ ২১ মাৰ্চৰ বিষুৱ সংক্ৰান্তিৰ দিনা গোৱাময়ন উৎসৱ পালন কৰিবলৈ ধৰিলে । গৰুক গোধন আখ্যা দি পূজা কৰিবলৈ ধৰিলে ।
আনহাতে প্ৰাচ্যৰ পৰা অহা তিব্বত-বৰ্মী আৰু শ্যাম ভাষী সকলৰ প্ৰধান শাখা তিনিটাৰ মঙ্গোলয়ড সকলে নদীৰ পাৰত খেতি কৰিবলৈ ধৰিলে । পূৰ্বৰ অষ্ট্ৰিকসকলে ঝুম খেতি কৰোতে যি লক্ ব্যৱহাৰ কৰিছিল সেই লক্ শব্দৰ পৰাই নাঙল শব্দৰ সৃষ্টি হোৱা বুলি জনা যায় । য’তেই খেতি তাতেই কৃষি উৎসৱ ।কৃষিকৰ্ম আৰম্ভ কৰোতে আৰু খেতি সামৰাৰ পাছত তেওঁলোকে গীত গাই নাচিবাগি ফুৰ্ত্তি কৰিছিল আৰু খেতিৰ উৎপাদিত সামগ্ৰীৰে ভোজভাত খাই ভাগৰ পলুৱাইছিল ।
চটাই পৰ্বতৰ দয়াং অধ্যুষিত গৰুচৰ ৰাজ্যতে অসমীয়াৰ আপটৰ পট বিহুৰ উৎপত্তি বুলি মঙ্গোলয়ড সকলে বিশ্বাস কৰে । ইয়াতেই দেৱ-দেৱীৰ বাসস্থান আছিল । দেৱী সকলৰ ভিতৰত চেঙনাওঁ , বনদেৱী , বিক্ৰমদেৱী , কেচাইখাইতি , কলীমতি আদিয়েই প্ৰধান । দেৱতাৰ ভিতৰত চাম-ৰু , দয়াং-দেও , বৰচেমান , বৰকলীয়া আদিবোৰ বিহুৰ উপাস্য দেৱতা । এই দেৱ-দেৱীকেই উপাস্য দেৱতা হিচাপে লৈ গৰুচৰত বিহুৰ আখৰা দি দৈয়াঙৰ ধনশিৰি পাৰ হৈ আহি দেৱতাৰ গাঁৱত বিহুৰ শুভাৰম্ভ কৰে । এই দেৱতাৰ গাঁৱেই বৰ্তমানৰ দেৰগাঁও । দেৱতাৰ গাঁও >দেৱৰ গাঁও > দেৰগাঁও । ইয়াতে সকলোৱে গা-মন হালি -জালি উৎসৱ পাতিলে । এনেদৰে আপোনা আপুনি গা-মন হালি -জালি পৰাক ৰাং-ৰিচু বুলি কোৱা হৈছিল । ৰাং-ৰিচুই পিছলৈ আমাৰ বিহু হ’লগৈ ।
বিহু মূলতঃ জনজাতীয় উৎসৱ । বড়ো , ৰাভা , ডিমাছা , আবৰ , খামতি , চুতীয়া আদি জনগোষ্ঠীসকলে পোনতে বিহু পালন কৰিছিল আৰু তেঁওলোকৰ বিহুৰ নাম আৰু সংস্কৃতি আছিল অনৈক্যৰ মাজত একতাৰে ভৰা , বৈসাদৃশ্যৰ মাজত সাদৃশ্যৰে ভৰা যি আজি বৰ অসমৰ বিহুৰ উমৈহতীয়া মূল সংস্কৃতিলৈ ৰূপান্তৰিত হৈছে । বিহু আজি এক বিৰাট সমন্বয়ৰ বস্তু । এতিয়া আৰু জাতি-জনগোষ্ঠীৰ স্বকীয় উপাদান বিচাৰি পৃথক কৰা সহজসাধ্য নহয় ।
বাপতি সাহোন বিহু কেনেকৈ হল ?
আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰংঘৰ বাকৰিত বিহুক অসমৰ জাতীয় উৎসৱ আখ্যা দি অসমৰ বাপতি সাহোন কৰি লোৱা জনা যায় । এই বিহু কেনেকৈ বাপতি সাহোন হৈ পৰিল তাৰ আঁতিগুৰি বিচাৰিলে পোৱা যায় যে হিন্দু ধৰ্ম লোৱাৰ পূৰ্বে চুতীয়া সকল চীনা তিৱা ধৰ্মৰ আছিল । তিৱাসকলৰ আৰাধ্য দেৱতা ” তি ” । তিৱা সকলে পিতৃক বাপ বুলিছিল । তাৰপৰা বাপ + তি = বাপতি হ’ল বুলি জনা যায় । অৰ্থাৎ ” তি “য়ে বাপ বা পিতৃপুৰুষ বা পৰৱৰ্তী প্ৰজন্মক দি যোৱা । অৰ্থাৎ বাপতি মানে পৈতৃক । বিহুৰ পেপাত এই ” তি ” শব্দটোৰ সঘন ব্যৱহাৰ হয় ।