Gita in Assamese : Shrimad Bhagavad Gita শ্রীমদ্ভগবদ্গীতা গীতা Cheptar 1

Date:

- Advertisement -

Gita in Assamese : Shrimad Bhagavad Gita শ্রীমদ্ভগবদ্গীতা গীতা Cheptar 1

Gita in Assamese : শ্ৰীমদ্ভগৱদগীতাৰ এক মহৎ অংশ হৈছে কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হোৱাৰ আগতে বিষণ্ণ আৰু বিমুঢ় হৈ পৰা অৰ্জ্জুনৰ প্ৰতি শ্ৰীকৃষ্ণৰ তাত্ত্বিক উপদেশ। গীতাত ওঠৰতা অধ্যায়ত মুঠতে সাতশ এটা শ্লোক আছে, য’ত শ্ৰীকৃষ্ণ অৰ্জ্জুনক উপদেশ দিয়া আৰু জীৱনযাপন কৰিবলৈ উত্সাহিত কৰিছে ।গীতাৰ প্ৰথম অধ্যায়ে চেপ্তাৰ ১ তে অস্থায়ী অসৰলাৰ সময়ত অৰ্জ্জুন মোহ আৰু উদ্বেগত হয় আৰু যুদ্ধ কৰিবলৈ প্ৰস্তুতি নকয়। এই সংদৰ্ভত শ্ৰীকৃষ্ণ অৰ্জ্জুনক ধৈৰ্য আৰু নৈতিক উপদেশ দিয়া আৰু যুদ্ধত যোগ কৰিবলৈ প্ৰস্তুতি কৰিছে। এই অধ্যায়ে অৰ্জ্জুনৰ বিপদ আৰু সংকট তেওঁক বিষণ্ণ আৰু বিমুঢ় হোৱা ব্যক্তিত্ব প্ৰদৰ্শিত হয়।

- Advertisement -

Gita in Assamese : Shrimad Bhagavad Gita শ্রীমদ্ভগবদ্গীতা গীতা Cheptar 1

ধৄতৰাষ্ট্ৰ উৱাচ – ধৰ্ম্মক্ষেত্ৰ কুৰুক্ষেত্ৰে সমবেতা যুযুৎসৱ: |

             মামকাপান্ডৱাশ্চৈব কিমকুৰ্ব্বত সঞ্জয় || 

ধৄতৰাষ্ট্ৰই সুধিলে – হে সঞ্জয় ! দুৰ্যোধন আদি মোৰ লৰাহঁতে আৰু পান্ডৱহঁতে ধৰ্ম্মক্ষেত্ৰ কুৰুক্ষেত্ৰত গোটখাই কি কৰিছে ?

সঞ্জয় উৱাচ – দৄষ্ট্বা তু পান্ডৱানীকং ৰূঢ়ং দুৰ্যোধনস্তদা |

- Advertisement -

           আচাৰ্য্যমুপসঙ্গম্য ৰাজা বচনমব্ৰবীৎ || 

সঞ্জয়ে উত্তৰ দিলে – পান্ডৱ সেন্যসকলক বেহু ৰচনা কৰি য়ুদ্ধৰ কাৰণে প্ৰস্তুত হৈ থকা দেখি ৰজা দুৰ্যোধনে দ্ৰোণাচাৰ্য্যৰ ওচৰলৈ গৈ ক’লে || 

পাশ্যৈতাং পান্ডুপুত্ৰাণামাচাৰ্য্য মহতীং চমূম |

           ব্যুঢ়াং দ্ৰুপদপুত্ৰেণ তৱ শিষ্যেণ ধীমতা || 

- Advertisement -

হে গুৰুদেৱ ! আপোনাৰ ধীমান শিষ্য দ্ৰুপদ নন্দন ধৄষ্টদ্যুম্ন ৰচিত বেহুত সুৰক্ষিত হৈ থকা পান্ডৱৰ বিপুল সৈন্যবাহিনীক লক্ষ্য কৰক | 

ধৄষ্টকেতুশ্চেকিতান: কাশীৰাজশ্চ বীৰ্য্যবান |

পুৰুজিত কুন্তিভোজশ্চ শৈৱ্যশ্চ নৰপুঙ্গব: ||

৫ যুধামন্যুশ্চ বিক্ৰান্ত উত্তমৌজাশ্চ বীৰ্য্যবান |

সৌভদ্ৰো দ্ৰৌপদেয়াশ্চ সৰ্ব্ব এৱ মহাৰথা: || ৬

এই সৈন্যসকলৰ মাজত যুদ্ধত ভীম অৰ্জ্জুনৰ সমকক্ষ্ এইসকল বীৰ আছে, যেনে – যুযুধান (সাত্যকি), বিৰাট, মহাৰথী দ্ৰুপদ, বীৰ্য্যবান ধৄষ্টকেতু, চেতিকান কাশীৰাজ, নৰশ্ৰেষ্ঠ পুৰুজিত, কুন্তিভোজ, শৈব্য, মহাবিক্ৰমী যুধামন্যু, প্ৰৱল পৰাক্ৰমী উত্তমৌজা, সুভদ্ৰানন্দন অভিমন্যু আৰু দ্ৰৌপদীৰ পুত্ৰসকল | এওঁলোক সকলোৱেই একো একোজন মহাৰথী 

আস্মাকং তু বিশিষ্টা যে তান্নিবোধ দ্বিজোত্তম |

নায়কা মম সৈন্যস্য সংজ্ঞাৰ্থং তানব্ৰবীমি তে || ৭

হে দ্বিজোত্তম, আমাৰ পক্ষত যিসকল বিশিষ্ট বীৰে সৈন্য পৰিচালনা কৰিছে তেওঁলোকৰো নাম আপোনাক কৈ যাওঁ |

ভৱান ভীমশ্চ কৰ্ণশ্চ কৄপশ্চ সমিতিঞ্জয়। 

MUST READ  Weekly Horoscope in Assamese : সাপ্তাহিক ৰাশিফল ​​২৪ৰ পৰা ৩০ জুনলৈ ২০২৪

অশ্বত্থামা বিকৰ্ণশ্চ সোমদত্তিৰ্জয়দ্ৰথ: || ৮

আপুনি স্বয়ং আৰু পিতামহ ভীষ্ম, কৰ্ণ, কৄপাচাৰ্য্য, অশ্বত্থামা, বিকৰ্ণ, সোমদত্ত, ভূৰিশ্ৰবা আৰু জয়দ্ৰথ |

 আন্যে চ বহৱ: শুৰা মদৰ্থে ত্যক্তজীবিতা: । 

নানাশস্ত্ৰপ্ৰহৰণা: সৰ্ব্বে যুদ্ধবিশাৰদা: || ৯

এইসকলৰ উপৰিও (শল্য, কৄতবৰ্মা, ত্ৰিগৰ্ত, ভগদত্ত, বাহিলক) নানা অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত হৈ অনেক মহাবীৰে মোৰ হকে প্ৰাণ পৰ্য্যন্ত বিসৰ্জ্জন দিবলৈ স্স্জু হৈ আহিছে |

অপৰ্য্যাপ্তং তদস্মাকং বলং ভীষ্মাভিৰক্ষিতম

পৰ্য্যাপ্তং ত্বিদমেতেষাং বলং ভীমাভিৰক্ষিতম || ১০

পিতামহ ভীষ্মৰ দ্বাৰা ৰক্ষিত আৰু পৰিচালিত আমাৰ সৈন্য সংখ্যাত অনেক, কিন্তু ভীম পৰিচালিত পান্ডৱ সৈন্য সংখ্যাত কম |

(পান্ডৱৰ সৈন্য আছিল ৭ অক্ষৌহিণী আৰু কৌৰৱৰ আছিল ১১ অক্ষৌহিণী | ১০৯৩৫০ পদাতিক + ৬৫৬১০ ঘোঁৰা + ২১৮৭০ ৰথ + ২১৮৭০ হাতী = ১ অক্ষৌহিণী

         অয়নেষু চ সৰ্ব্বেষু যথাভাগমৱস্থিতা: |

         ভীষ্মমেৱাভিৰক্ষন্ত্ত ভবন্ত: সৰ্ব্ব এৱ হি ||  ১১

আপোনালোক সকলোৱে বেহুৰ সন্মুখত নিজ নিজ স্থান অধিকাৰ কৰি ভীষ্মক ৰক্ষা কৰক, কাৰন ভীষ্মৰ ওপৰতে আমাৰ জয়-পৰাজয় নিৰ্ভৰ কৰিছে |

- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

শ্রীমদ্ভগবদ্গীতা: Shrimad Bhagavad Gita (Assamese) Chapter 1 Shloka 5

গীতা অধ্যায় ১, শ্লোক ৫ৰ বিৱৰণ শ্রীমদ্ভগবদ্গীতা: Shrimad Bhagavad...

আজিৰ দিনটোৰ ৰাশিফল । Today’s Horoscope in Assamese

আজিৰ দিনটোৰ ৰাশিফল । Today's Horoscope in Assamese মেষ ৰাশি...

আজিৰ দিনটোৰ ৰাশিফল । Today’s Horoscope in Assamese

মেষ ৰাশি - এই ৰাশিৰ লোকসকলে যোগাযোগৰ জৰিয়তে নিজৰ অৰ্হতা...