Difference Ramayan and Mahabharat : ৰামায়ণ আৰু মহাভাৰতৰ মাজৰ প বিষয়ে জানো আহক

Date:

- Advertisement -

Difference Ramayan and Mahabharat: ৰামায়ণৰ মূল কথা হৈছে ৰাম ৰাৱণৰ যুদ্ধ। আনহাতে মহাভাৰতৰ প্রধান বিষয়বস্তু হৈছে কৌৰৱ আৰু পাণ্ডৱসকলৰ মাজত হোৱা যুদ্ধ।

ৰামায়ণ সাতটা কাণ্ডত বিভক্ত আৰু প্ৰতিটো কাণ্ড বিভিন্ন সর্গত বিভক্ত। মহাভাৰত আকৌ ওঠৰ (১৮) টা পর্বত বিভক্ত। প্রতিটো পর্ব অনেক অধ্যায়ত বিভক্ত।

- Advertisement -

ৰামায়ণ আৰু মহাভাৰতৰ তুলনা

ৰামায়ণ আৰু মহাভাৰতৰ পার্থক্য জানো আহক। ৰামায়ণ বা মহাভাৰত এই দুয়োখন মহাকাব্যই ভাৰতীয় সভ্যতা সংস্কৃতি, ৰীতি নীতি আৰু সাহিত্যৰ ওপৰত অপৰিসীম প্রভাব পেলাইছে। দুয়োখন গ্রন্থই ভাৰতীয় সাহিত্যৰ দুটা ভিন্ন যুগক প্রতিনিধিত্ব কৰিছে। তলত দুয়োখন গ্রন্থৰ তুলনা দাঙি ধৰা হ’ল-

ৰামায়ণৰ ৰচক হৈছে আদিকবি বাল্মীকি আৰু মহাভাৰতৰ ৰচক হৈছে পৰাশৰৰ পুত্র মহামুনি কৃষ্ণ দ্বৈপায়ন বেদব্যাস।

বিস্তৃতিৰ ফালৰ পৰা দেখা যায় যে ৰামায়ণ মহাভাৰতৰ এক চতুর্থাংশ মাত্র। ৰামায়ণৰ শ্লোকসংখ্যা ২৪০০০। অন্যহাতে মহাভাৰত প্রায় এক লাখ শ্লোকৰ সমষ্টি।

- Advertisement -

মহাভাৰতৰ বচনা ৰামায়ণতকৈ পিছৰ। কাৰণ মহাভাৰতৰ বনপর্বত বামোপাখ্যানৰ বর্ণনা

পোৱা যায়। ৰামায়ণৰ ভাষা মহাভাৰতৰ তুলনাত অধিক বিশুদ্ধ। চৰিত্র চিত্রণ, ছন্দ, অলংকাৰ, বসাদিৰ প্রয়োগৰ ক্ষেত্ৰত ৰামায়ণৰ উৎকৃষ্টতা সহজে চকুত পৰে।

ৰামায়ণত সতীদাহৰ উল্লেখ পোৱা নাযায়; কিন্তু মহাভাৰতত এই প্রথাৰ উল্লেখ আছে। উদাহৰণস্বৰূপে মাদ্ৰীৰ সহমৰণৰ কথা উল্লেখ কৰিব পাৰি।

মহাভাৰতৰ নাৰী দ্রৌপদী প্রতিশোধপৰায়ণা, কিন্তু ৰামায়ণৰ সীতা ধীৰ স্থিৰ।

- Advertisement -

মহাভাৰতৰ যুদ্ধৰ বৰ্ণনাত ৰামায়ণতকৈ অধিক বাহুল্য দেখা যায়। বণনীতিৰ কৌশলগত দিশত মহাভাৰতৰ যোদ্ধাসকল বেছি আগৰণুৱা। আনহাতে ৰামায়ণত শিল লৈ বান্দৰ- ৰাক্ষসসকলে যুদ্ধ কৰা দেখা যায়।

ৰামায়ণৰ সমাজ আদর্শবাদৰ ওপৰত প্রতিষ্ঠিত। মহাভাৰতৰ সামাজিক ব্যৱস্থাত আদর্শবাদৰ গুৰুত্ব কম বুলি অনুভৱ কৰা যায়।

ৰামায়ণৰ নায়িকা সীতা আৰু মহাভাৰতৰ নায়িকা দ্রৌপদীৰ জন্ম অলৌকিকভাৱে হোৱা দেখা যায়। দুয়োজনী নায়িকাৰ বিবাহ স্বয়ম্বৰৰ জৰিয়তে সম্পন্ন হৈছে। ৰামায়ণত যি ধৰণে সিংহাসনৰ উত্তৰাধিকাৰিত্বলৈ ৰামৰ বনবাস হৈছে, ঠিক তেনে ধৰণে যুধিষ্ঠিৰাদি পঞ্চপাণ্ডৱৰো সিংহাসন লৈ বনবাস হৈছে।

MUST READ  ৰামায়ণ যুগৰ এই ৭ জন ব্যক্তি এতিয়াও জীয়াই আছে
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

শ্রীমদ্ভগবদ্গীতা: Shrimad Bhagavad Gita (Assamese) Chapter 1 Shloka 5

গীতা অধ্যায় ১, শ্লোক ৫ৰ বিৱৰণ শ্রীমদ্ভগবদ্গীতা: Shrimad Bhagavad...

আজিৰ দিনটোৰ ৰাশিফল । Today’s Horoscope in Assamese

আজিৰ দিনটোৰ ৰাশিফল । Today's Horoscope in Assamese মেষ ৰাশি...

আজিৰ দিনটোৰ ৰাশিফল । Today’s Horoscope in Assamese

মেষ ৰাশি - এই ৰাশিৰ লোকসকলে যোগাযোগৰ জৰিয়তে নিজৰ অৰ্হতা...