PM Surya Ghar Muft Bijli Yojana Assam : প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ বাবে অসম চৰকাৰে দিব ৰাজসাহায্য।

Date:

- Advertisement -

প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ বাবে অসম চৰকাৰে দিব ৰাজসাহায্য। সৌৰশক্তি সংস্থাপনত ৰাজ্য চৰকাৰৰে প্ৰদান কৰিব ৰাজসাহায্য।

- Advertisement -

মুঠ মূল্য: ₹৪৭,০০০ ৰাজসাহায্য: ১৮,০০০ পৰিশোধ কৰিবলগীয়া বেলেঞ্চ: ২৯,০০০ ₹অৰ্থাৎ, আপুনি মাত্ৰ ২৯,০০০ ₹হে দিব লাগিব, যাৰ ফলত ১৮,০০০ ₹ ৰাজসাহায্য লাভ কৰিব। এই সৌৰ ছাদৰ ব্যৱস্থাৰ জৰিয়তে আপোনাৰ ঘৰত বিদ্যুৎ যোগান ধৰিব পাৰিব।এইদৰে আপোনাৰ ঘৰত সৌৰ ছাদৰ ব্যৱস্থা স্থাপন কৰিবলৈ মাত্ৰ ২৯,০০০ টকা দিব লাগিব, বাকী ধনৰাশি চৰকাৰে ৰাজসাহায্য হিচাপে প্ৰদান কৰিব। এই ৰাজসাহায্যই সৌৰজগতৰ প্ৰায় ৩৮% খৰচ বহন কৰে।

ঘৰত সৌৰশক্তিৰ পেনেল লোৱাৰ বাবে অসম চৰকাৰেও প্ৰদান কৰিব ৰাজসাহায্য। ১ কিলোৱাট সৌৰশক্তিৰ পেনেলত কেন্দ্ৰ চৰকাৰে দিব ৩০ হাজাৰ টকা আনহাতে ১ কিলোৱাট সৌৰশক্তিৰ পেনেলত ৰাজ্য চৰকাৰে দিব ১৫ হাজাৰ টকা। ১ কিলোৱাট পেনেলত গ্ৰাহকে ভৰিব লাগিব ৫,০০০ টকা।

২ কিলোৱাট সৌৰশক্তিৰ পেনেলত কেন্দ্ৰ চৰকাৰে দিব ৬০ হাজাৰ টকা। আনহাতে ২ কিলোৱাট পেনেলত অসম চৰকাৰে দিব ৩০ হাজাৰ টকা। ২ কিলোৱাট সৌৰশক্তিৰ পেনেলত গৰাকীয়ে দিব লাগিব ১০ হাজাৰ টকা। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ অধীনত এই সুবিধা। সাংবাদিকেও আবেদন কৰিব পাৰিব সৌৰশক্তি পেনেলৰ বাবে। অনলাইন বা ডাকঘৰত এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। সংবাদমেলত এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

PM Surya Ghar Muft Bijli Yojana Assam

প্ৰধানমন্ত্ৰী সূৰ্য্য ঘৰ মুফ্ট বিজলী যোজনাঃ ৩০০ ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ! How to apply for PM Surya Ghar Yojana?

- Advertisement -

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেন্দ্ৰীয় বাজেটত সৌৰশক্তি ব্যৱহাৰ কৰি বিদ্যুতৰ বিল হ্ৰাস কৰাৰ লক্ষ্য ঘোষণা কৰিছিল। এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সূৰ্য্য ঘৰ প্ৰকল্পৰ শুভাৰম্ভৰ কথা ঘোষণা কৰে। এই প্ৰকল্পৰ দ্বাৰা দেশৰ প্ৰায় ১ কোটি জনসাধাৰণ উপকৃত হ’ব। প্ৰতিমাহে ৩০০ ইউনিট পৰ্যন্ত বিদ্যুৎ বিনামূলীয়া হ’ব। কেনেকৈ আবেদন কৰিব?

MUST READ  India Union Budget 2024 highlights :বাজেট ২০২৪ৰ উল্লেখযোগ্য দিশ

সৌৰশক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰি ঘৰুৱা বিদ্যুতৰ বিল হ্ৰাস কৰাৰ লক্ষ্য কেন্দ্ৰীয় চৰকাৰৰ। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেটত এই কথা কয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘প্ৰধানমন্ত্ৰী সূৰ্যঘৰঃ মুফট বিজলী যোজনা’ নামৰ এক প্ৰকল্প আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। তেওঁ কয় যে এই প্ৰকল্পৰ দ্বাৰা দেশৰ প্ৰায় ১ কোটি জনসাধাৰণ উপকৃত হ’ব। প্ৰতিমাহে ৩০০ ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ লাভ কৰিব।

ইয়াৰ লাভ কি হ’ব?

এই প্ৰকল্পৰ লক্ষ্য দেশবাসীৰ বিদ্যুতৰ ব্যৱহাৰ ৰাহি কৰা। ফলত গ্ৰাহকে প্ৰায় ১৮ হাজাৰ টকা ৰাহি কৰিব। এই প্ৰকল্পৰ কথা বাজেটত উল্লেখ কৰা হৈছে। সৌৰশক্তিৰ ব্যৱহাৰ বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰে যে তেওঁৰ চৰকাৰে ‘প্ৰধানমন্ত্ৰী সূৰ্য্য ঘৰঃ মুফতা বিজলী যোজনা’ আৰম্ভ কৰিছে।

ইয়াৰ লক্ষ্য প্ৰতিমাহে ৩০০ ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ প্ৰদান কৰি এক কোটি পৰিয়ালক পোহৰাই তোলা। তেওঁ কয় যে এই প্ৰকল্পত ৭৫ হাজাৰ কোটিতকৈ অধিক টকা বিনিয়োগ কৰা হৈছে।

- Advertisement -

প্ৰধানমন্ত্ৰীয়ে কয়, ইয়াত যথেষ্ট পৰিমাণৰ ৰাজসাহায্য দিয়া হ’ব। এই ধন পোনপটীয়াকৈ মানুহৰ বেংক একাউণ্টত দিয়া হ’ব। লগতে বৃহৎ ৰেহাই মূল্যৰ বেংক ঋণৰ ব্যৱস্থা কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰেও যাতে ৰাইজৰ ওপৰত কোনো ধৰণৰ খৰচৰ বোজা নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখিব। এটা ৰাষ্ট্ৰীয় অনলাইন পৰ্টেলত সকলো ‘অংশীদাৰ’ সংযোজন কৰা হ’ব বুলিও প্ৰধানমন্ত্ৰীয়ে কয়। কৰ্মসংস্থাপন থাকিব ৷প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্ৰকল্পটোক তৃণমূল পৰ্যায়ত জনপ্ৰিয় কৰাৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰা হ’ব। সৌৰশক্তিৰ ব্যৱহাৰৰ দ্বাৰা উপকৃত হ’বলৈ বিভিন্ন সংস্থাক নিয়োগ কৰা হ’ব। নগৰ অঞ্চলৰ পৌৰসভা আৰু গ্ৰামাঞ্চলৰ পঞ্চায়তৰ দৰে সংগঠনক নিজৰ অঞ্চলত সৌৰ শক্তি উৎপাদন ব্যৱস্থাৰ প্ৰচাৰৰ বাবে উৎসাহিত কৰা হ’ব। একে সময়তে এই প্ৰকল্পৰ জৰিয়তে জনসাধাৰণৰ বাবে অধিক আয়, বিদ্যুতৰ বিল কম আৰু কৰ্মসংস্থাপন সৃষ্টি হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে কয়।

MUST READ  Pegasus: মিছ কল এটাৰ পৰাও hack হব পাৰে ফোন । Pegasus কি ?ই কিমান বিপদজনক ? Pegasus: A phone can also be hack from a miscall. What's Pegasus? How dangerous is it?

ক’ত আবেদন কৰিব?

প্ৰধানমন্ত্ৰীয়ে দেশৰ যুৱক-যুৱতীসকলক এই কামত অধিক আগবাঢ়ি আহিবলৈ আহ্বান জনায়। এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ https://pmsuryaghar.gov.in ৱেবছাইটত আবেদন কৰিব লাগিব বুলি জনোৱা হৈছে। তাত গৈ ৰাজ্য, শক্তি কোম্পানী, গ্ৰাহক নম্বৰ আদিৰ সৈতে ছাদত ‘সৌৰ পেনেল’ স্থাপনৰ বাবে আবেদন কৰক।

অনুমোদন পালে ৩০ দিনৰ ভিতৰত ৰাজসাহায্যৰ ধন বেংক একাউণ্টত প্ৰৱেশ কৰিব। মন কৰিবলগীয়া যে ৰাম মন্দিৰ উদ্বোধনৰ দিনা মোদীয়ে ‘প্ৰধানমন্ত্ৰী সূৰ্যোদয় যোজনা’ নামৰ প্ৰকল্পটোৰ কথা ঘোষণা কৰিছিল। এইবাৰ ‘বিনামূলীয়া বিদ্যুৎ যোজনা’ৰো শুভাৰম্ভ কৰা হৈছে।

Documents Required For PM Surya Ghar Free Bijli Yojana (পি এম সূৰ্য্য ঘৰঃ বিনামূলীয়া বিদ্যুৎ আঁচনিৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ)


প্ৰধানমন্ত্ৰী সূৰ্য্য ঘৰঃ বিনামূলীয়া বিদ্যুৎ আঁচনিৰ বাবে আবেদন কৰাৰ সময়ত তলত দিয়া নথি-পত্ৰৰ প্ৰয়োজন হ’ব:

আধাৰ কাৰ্ড
স্থায়ী ঠিকনাৰ প্ৰমাণ
বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰ
ৰেচন কাৰ্ড
বিদ্যুৎ বিল

PM Surya Ghar Muft Bijli Yojana 2024 Apply Online (পি এম সূৰ্য্য ঘৰ বিনামূলীয়া বিদ্যুৎ আঁচনিৰ বাবে এইদৰে আবেদন কৰক)


1)প্ৰথমে প্ৰধানমন্ত্ৰী সূৰ্য্য ঘৰ মুফট বিজলী যোজনাৰ অফিচিয়েল ৱেবছাইট https://pmsuryaghar.gov.in চাওক।
2)কাষৰ হোম পেজত PM Surya Ghar Muft Bijli Yojana 2024 Apply Online ত ক্লিক কৰক।
3)এতিয়া আপোনাৰ সন্মুখত আবেদন পত্ৰখন খোল খাব। প্ৰয়োজনীয় তথ্য সঠিকভাৱে পূৰণ কৰক।
4)প্ৰ-পত্ৰ পূৰণ কৰাৰ পিছত প্ৰয়োজনীয় সকলো নথি-পত্ৰৰ ডিজিটেল কপি আপলোড কৰক।
5)সকলো তথ্য আৰু নথি-পত্ৰ আপলোড কৰাৰ পিছত জমা দিয়া বুটামত ক্লিক কৰক।
6)এতিয়া এবাৰ জমা দিলে আপুনি আপোনাৰ আবেদনৰ প্ৰিন্টআউট ল’ব পাৰিব।

- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Parliament Session 2024 : কেনেদৰে শপত গ্ৰহণ কৰিব কাৰাগাৰত থকা সাংসদসকলে? এই সম্পৰ্কে কি নিয়ম

কাৰাগাৰত থকা সাংসদে কেনেদৰে শপত গ্ৰহণ কৰেঃ লোকসভা নিৰ্বাচনৰ অন্ত...

Video : শ্ৰী কৃষ্ণ গোবিন্দ হৰে মুৰাৰী… প্ৰসৱৰ সময়ত ভজন গোৱা দেখা গল মহিলা, ভিডিঅ’ চাওক

Woman Singing Bhajan: ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে এটা অতি মৰমলগা...

History Of Nalanda University (নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস): প্ৰাচীন শিক্ষাৰ গৌৰৱ আৰু পুনৰজীৱন

নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস History Of Nalanda University : ৫ম শতাব্দীত...