৪৬ বছৰত বৃদ্ধি পোৱা তাপৰ পাৰ্থক্য । কেনকে পৃথিৱীত উষ্ণতা বৃদ্ধি পাইছে ।

Date:

- Advertisement -

 নাছাই সমগ্ৰ বিশ্বতে পৰি থকা তাপৰ এখন মানচিত্ৰ অংকন কৰিছে। এই কথা দেখি আপুনি বুজিব যে গোটেই পৃথিৱীখন ৰঙা পৰি গৈছে। আটাইতকৈ বেছি আক্ৰান্ত হৈছে ইউৰোপ, এছিয়া আৰু আফ্ৰিকা। 

২০২২ চনৰ জুন আৰু জুলাই মাহত তাপমাত্ৰা ইমানেই বৃদ্ধি পাইছিল যে ইউৰোপ, উত্তৰ আফ্ৰিকা, মধ্যপ্ৰাচ্য আৰু এছিয়াৰ বহু অঞ্চলত পাৰাৰ ৪০ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিছিল। বহু ঠাইত পাৰাৰে থাৰ্মোমিটাৰৰ অভিলেখ ভংগ কৰিলে। আপুনি দেখা মানচিত্ৰখন ২০২২ চনৰ ১৩ জুলাইৰ। ইয়াত পৃথিৱীৰ পূব গোলাৰ্ধৰ ওপৰত পৃষ্ঠীয় বায়ুৰ উষ্ণতা দেখুওৱা হৈছে। যিটো ৪০ ডিগ্ৰী চেলছিয়াছৰ ওপৰত।

- Advertisement -

এই মানচিত্ৰখন গডাৰ্ড আৰ্থ অবজাৰ্ভিং চিষ্টেম (GOES) গ্লোবেল মডেলৰ পৰা পোৱা তথ্যৰ পৰা তৈয়াৰ কৰা হৈছে। এই মানচিত্ৰসমূহৰ মতে বায়ুমণ্ডল আৰু স্থানীয়তাত বৃদ্ধি পোৱা তাপৰ ভিত্তিত উষ্ণতা নিৰ্ণয় কৰা হৈছে। নাছাৰ গডাৰ্ড স্পেচ ফ্লাইট চেণ্টাৰৰ গ্ল’বেল মডেলিং এণ্ড এচিমিলেচনৰ মুৰব্বী ষ্টিভেন প’ছনে কয় যে এই মানচিত্ৰত আপুনি ৰঙা ৰঙৰ উষ্ণ অঞ্চল আৰু নীলা ৰঙৰ ঠাণ্ডা অঞ্চল স্পষ্টকৈ দেখা পাব।

ষ্টিভেনে কয় যে মানুহে বিয়পিয় প্ৰদূষণৰ বাবে সেউজ গৃহ গেছৰ নিৰ্গমনে জলবায়ু অহৰহ সলনি কৰি আছে। বিশ্বজুৰি গৰম বৃদ্ধি পাইছে। পশ্চিম ইউৰোপত বিয়পি পৰিছে এক ভয়ংকৰ খৰাং। গৰম আৰু খৰাঙৰ বাবে পৰ্তুগাল, স্পেইন আৰু ফ্ৰান্সৰ কিছু অংশত বন্য অগ্নিকাণ্ড বিয়পি পৰিছে। পৰ্তুগালৰ তাপমাত্ৰা ৪৫ ডিগ্ৰী চেলছিয়াছত উপনীত হৈছে। ইয়াত লিৰিয়া নামৰ চহৰখনৰ ৭৪০০ একৰ ভূমি জ্বলি গৈছে । 

- Advertisement -

চীনত গলি গৈছে ৰাস্তা-ঘাট। ছাদ ভাঙি গৈছে । ছাংহাইৰ তাপমাত্ৰা ৪০.৯ ডিগ্ৰী চেলছিয়াছত উপনীত হৈছিল। তাত আৰ্দ্ৰতাও বৃদ্ধি পাইছে। কেৱল এয়াই নহয়, নাছাই আৰু দুখন মানচিত্ৰ মুকলি কৰিছে। অৰ্থাৎ ১৯৭৬ চনৰ পৰা ২০২২ চনলৈ কেনেকৈ মানচিত্ৰখন নীলাৰ পৰা ৰঙালৈ গতি কৰিলে।

১৯৭৬ চনত নাছাই নিৰ্মাণ কৰা বিশ্বৰ হিট মেপ এইখন। তেতিয়া পৃথিৱীৰ বহু অঞ্চল নীলা ৰঙেৰে দেখা গ’ল, অৰ্থাৎ উষ্ণতা কম আছিল। (ফটো: নাছা)
MUST READ  ঢুলীয়াৰ ৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কান্ধত ঢোল, মুখত ম'হৰ শিঙৰ পেঁপা লৈ বিহু মাৰিলে প্ৰধানমন্ত্ৰী গৰাকীয়ে।

ডলমাইটছৰ ওপৰত থকা মামোলাডা হিমবাহ গৰমৰ বাবে ভাঙি যোৱাৰ লগতে হিমস্খলনত ১১ জন হাইকাৰৰ মৃত্যু হয়। ইংলেণ্ডে সমগ্ৰ দেশত চৰম গৰমৰ সতৰ্কবাণী দিছে। উত্তৰ আফ্ৰিকাৰ টিউনিছিয়াত গৰমৰ ফলত শস্যৰ ক্ষতি হৈছে। ১৩ জুলাইত ৰাজধানী টিউনিছৰ তাপমাত্ৰা ৪৮ ডিগ্ৰী চেলছিয়াছত উপনীত হয়। ইৰাণৰ তাপমাত্ৰা সৰ্বোচ্চ ৫২ ডিগ্ৰী চেলছিয়াছত উপনীত হৈছিল।

- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Parliament Session 2024 : কেনেদৰে শপত গ্ৰহণ কৰিব কাৰাগাৰত থকা সাংসদসকলে? এই সম্পৰ্কে কি নিয়ম

কাৰাগাৰত থকা সাংসদে কেনেদৰে শপত গ্ৰহণ কৰেঃ লোকসভা নিৰ্বাচনৰ অন্ত...

Video : শ্ৰী কৃষ্ণ গোবিন্দ হৰে মুৰাৰী… প্ৰসৱৰ সময়ত ভজন গোৱা দেখা গল মহিলা, ভিডিঅ’ চাওক

Woman Singing Bhajan: ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে এটা অতি মৰমলগা...

History Of Nalanda University (নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস): প্ৰাচীন শিক্ষাৰ গৌৰৱ আৰু পুনৰজীৱন

নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস History Of Nalanda University : ৫ম শতাব্দীত...