Why Celebrate Mahashivratri in Assamese : মহাশিৱৰাত্ৰি কিয় পালন কৰা হয় ?

Date:

- Advertisement -

Mahadev : শিৱ আৰু পাৰ্বতীৰ বিবাহৰ কথা পুৰাণত বহু ঠাইত উল্লেখ আছে। কোৱা হয় যে শিৱ আৰু পাৰ্বতীৰ বিবাহ হোৱা দিনটোত আমি মহাশিৱৰাত্ৰি পালন কৰো।

আমি মাতৃ পাৰ্বতী আৰু ভগৱান শিৱৰ বিবাহ উদযাপনৰ বাবে মহাশিৱৰাত্ৰিৰ দিনটো পালন কৰো। কিন্তু শিৱ-পাৰ্বতী বিবাহ কেনেকৈ হৈছিল জানেনে? শিৱ-পাৰ্বতী বিবাহৰ কাহিনী জানো আহক।

- Advertisement -

মা পাৰ্বতীয়ে ভগৱান শিৱক বিয়া কৰাব বিচাৰিছিল। এই সম্পৰ্কত সকলো দেৱতা সুখী হৈছিল আৰু সকলোৱে বিচাৰিছিল পৰ্বত ৰাজকুমাৰী মাতা পাৰ্বতী আৰু ভগৱান শিৱৰ বিবাহ হওঁক।  তপস্বী (সাধু) শিৱই কোনো সম্পৰ্কত বান্ধ খাব বিচৰা নাছিল কিয়নো তেওঁ অঘৰী আছিল । সম্পৰ্কৰ খবৰ শুনি শিৱ খঙত তৃতীয় চকু মেলিব ললে। তেওঁ এনে সম্পৰ্কৰ কথা অস্বীকাৰ কৰিলে।

ভগৱান শিৱই সম্পৰ্ক নাকচ কৰাৰ খবৰ শুনি মা পাৰ্বতীয়ে বৰ দুখ অনুভৱ কৰিলে। কিন্তু পাৰ্বতীয়ে সিদ্ধান্ত লৈছিল যে তাই কেৱল মহাদেৱক হে বিয়া কৰাব। এই দৃঢ়তাৰে মাতৃ পাৰ্বতীয়ে ভগৱান শিৱক লাভৰ বাবে তপস্যা আৰম্ভ কৰে। তেওঁৰ তপস্যাই সকলোতে হুলস্থুলৰ সৃষ্টি কৰিছিল। পৃথিৱী প্ৰলয় আহিব আৰম্ভ হল । এই সব দেখি ভগৱান শিৱই ধ্যান ভাঙি চকু মেলিলে। আৰু মা পাৰ্বতীৰ ওচৰত শিৱ প্ৰকত হল । আৰু ভোলেনাথে মাক পাৰ্বতীক বিয়া কৰাবলৈ মান্তি হ’ল আৰু এই কথা শুনি কেৱল মা পাৰ্বতীই নহয় সকলো দেৱতা অতিশয় আনন্দিত হ’ল।

মা পাৰ্বতীৰ ঘৰত এই বিবাহৰ প্ৰস্তুতি পূৰ্ণগতিত আৰম্ভ হল । এতিয়া সমস্যাটো আছিল যে ভগৱান শিৱ তপস্বী আছিল আৰু তেওঁৰ পৰিয়ালত কোনো নাছিল। বিবাহৰ ৰীতি-নীতিৰ বিষয়ে তেওঁৰ কোনো ধাৰণা নাছিল। বিশ্বাস আছিল যে বিয়াৰ দিনা দৰা আহি কইনাৰ হাত বিচাৰিব লাগে, কিন্তু ভগৱান শিৱৰ পৰিয়ালত কোনো নাছিল।

এনে অৱস্থাত মহাদেৱৰ লগত ডাকিনি, ভূত আৰু ডাইনীৰ লগতে শিৱ যিহেতু পশুপতি আছিল গতিকে তেওঁৰ বিয়াত সকলো জীৱ-জন্তু, পোক-পৰুৱা আৰু সকলো জীৱ উপস্থিত হল । বিবাহৰ বাবে কেনেকৈ প্ৰস্তুতি চলাব লাগে সেই বিষয়েও ভগৱান শিৱই অৱগত নাছিল। ডাকিনিসকলে ভগৱান শিৱৰ শৰীৰত ছাই লগাই হাড়ৰ মালা পিন্ধি দক্ষৰ ঘৰত উপস্থিত হ’ল | মা পাৰ্বতীৰ পৰিয়ালৰ সদস্য আৰু দেৱতাকে ধৰি সকলোৱে স্তম্ভিত হৈ পৰিল। এই ৰূপত মহাদেৱক দেখি শাহুৱেক অৰ্থাৎ মাকে জীয়েকৰ হাত দিবলৈ অস্বীকাৰ কৰিলে।

- Advertisement -
MUST READ  শ্রীমদ্ভগবদ্গীতা: Shrimad Bhagavad Gita (Assamese) Chapter 1 Shloka 5

ইয়াৰ পিছত মহাদেৱে চন্দ্ৰশেখৰৰ চন্দ্ৰৰূপ ধাৰণ কৰিলে । মহাদেৱক এই বাবে চন্দ্ৰ শেখৰ বুলি কোৱা হয়। পাৰ্বতীক বিয়া কৰাব এই ৰূপ ধাৰণ কৰিছিল।

ভগৱান ব্ৰহ্মৰ সান্নিধ্যত আৰম্ভ হোৱা বিবাহ অনুষ্ঠানত দুয়োজনে ইজনে সিজনক বৰ মালা পিন্ধাইছিল । এইদৰেই মাতৃ পাৰ্বতী আৰু ভগৱান শিৱৰ বিবাহ হৈছিল, যাক আমি শিৱৰাত্ৰি হিচাপে পালন কৰি ভগৱানক শিৱ ভগৱানক পূজা কৰো।

- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

শ্রীমদ্ভগবদ্গীতা: Shrimad Bhagavad Gita (Assamese) Chapter 1 Shloka 5

গীতা অধ্যায় ১, শ্লোক ৫ৰ বিৱৰণ শ্রীমদ্ভগবদ্গীতা: Shrimad Bhagavad...

আজিৰ দিনটোৰ ৰাশিফল । Today’s Horoscope in Assamese

আজিৰ দিনটোৰ ৰাশিফল । Today's Horoscope in Assamese মেষ ৰাশি...

আজিৰ দিনটোৰ ৰাশিফল । Today’s Horoscope in Assamese

মেষ ৰাশি - এই ৰাশিৰ লোকসকলে যোগাযোগৰ জৰিয়তে নিজৰ অৰ্হতা...