গ্লোবেল হংগাৰ ইণ্ডেক্সঃ ১১৬ খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১০১ Global Hunger Index: India ranks 101 out of 116

Date:

- Advertisement -

Global Hunger Index: India ranks 101 out of 116
global-hunger-index-india-ranks-101-out-of-116

- Advertisement -

India has been ranked 101st in the list of 116 countries. Accordingly the hunger situation in India has become more alarming than before. Because India was ranked 94th in this list of Global Hunger Index in 2020.


গ্লোবেল হাংগাৰ ইণ্ডেক্স ২০২১ ৰ তালিকা প্ৰকাশ হোৱাৰ পিছতে এতিয়া এই বিষয়ে চৰ্চা আৰম্ভ হৈছে। ১১৬ খন দেশৰ তালিকাত ভাৰতে স্থান লাভ কৰিছে ১০১ নং স্থানত। এই অনুসৰি পূৰ্বতকৈ ভাৰতত ভোকৰ পৰিস্থিতি অধিক উদ্বেগজনক হৈ পৰিছে। কিয়নো ২০২০ চনত গ্লোবেল হাংগাৰ ইণ্ডেক্সৰ এই তালিকাত ভাৰতৰ স্থান আছিল ৯৪।


- Advertisement -

গ্লোবেল হাংগাৰ ইণ্ডেক্সে ভাৰতক ‘উদ্বেগজনক’ ভোকৰ শ্ৰেণীত তালিকাভুক্ত কৰিছে। মনকৰিবলগীয়া যে ক্ষুধাৰ ক্ষেত্ৰত ভাৰত চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান, নেপাল, বাংলাদেশতকৈ পিছ পৰি আছে যদিও ভাৰতৰ চুবুৰীয়া দেশ নেপাল, বাংলাদেশ, ম্যানমাৰ আৰু পাকিস্তানক ভয়ংকৰ ক্ষুধাৰ শ্ৰেণীত ৰখা হৈছে, তথাপিও এই দেশবোৰে হাংগাৰ ইণ্ডেক্সত ভাৰততকৈ ভাল প্ৰদৰ্শন কৰিছে।


গ্লোবেল হাংগাৰ ইণ্ডেক্সৰ ৱেবছাইটৰ তথ্য অনুসৰি চীন, কুৱেইট আৰু ব্ৰাজিলকে ধৰি মুঠ ১৮ খন দেশে এই তালিকাৰ শীৰ্ষস্থান দখল কৰিছে। এই দেশবোৰৰ জি এইচ আই নম্বৰ ৫ তকৈ কম। ১১৬ খন দেশৰ এই তালিকাত মাত্ৰ ১৫ খন দেশ ভাৰততকৈ পিছ পৰি আছে। এই ১৫ খন দেশ হৈছে ক্ৰমে পাপুয়া নিউ গিনি (১০২), আফগানিস্তান (১০৩), নাইজেৰিয়া (১০৪), কঙ্গো (১০৫), মোজাম্বিক (১০৬), চিয়েৰা লিয়ন (১০৬), তিমুৰ-লেষ্টে (১০৮), হাইতি (১০৯), লাইবেৰিয়া (১১০), মাদাগাস্কাৰ (১১১), ডেমক্ৰেটিক ৰিপাব্লিক অফ কঙ্গো (১১২), চাদ (১১৩), মধ্য আফ্ৰিকান গণৰাজ্য (১১৪), য়েমেন (১১৫) আৰু চোমালিয়া (১১৬)।

- Advertisement -


উল্লেখ্য যে ২০২০চনত, গ্লোবেল হাংগাৰ ইণ্ডেক্সে প্ৰকাশ কৰা এই একেখন তালিকাত ভাৰতে ১০৭ খন দেশৰ ভিতৰত ৯৪ সংখ্যক স্থান লাভ কৰিছিল। এইবাৰ ১১৬ খন দেশৰ ভিতৰত ভাৰতে ১০১ নং স্থান দখল কৰিছে। কেৱল সেয়াই নহয়, ভাৰতৰ জি.এইচ.আই. স্ক’ৰো হ্ৰাস পাইছে। ২০০০ চনত ভাৰতৰ জি এইচ আই স্ক’ৰ আছিল ৩৮.৮।

MUST READ  ইষ্ট ইণ্ডিয়া কোম্পানী: ১০০ বছৰ ধৰি ভাৰতত শাসন কৰাৰ পৰা এজন ভাৰতীয় ব্যৱসায়ীৰ মালিকানাধীনলৈ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ইতিহাস যাত্ৰা


২০১২-২০২১ বৰ্ষৰ ভিতৰত এই স্ক’ৰ ২৮.৮- ২৭.৫ লৈ হ্ৰাস পাইছে। জি.এইচ.আই. নম্বৰ চাৰিটা বিষয়ৰ ওপৰত আধাৰিত কৰি গণনা কৰা হয়। এইবোৰ হৈছে পুষ্টিহীনতা, শিশু ভেষ্টিং (পাঁচ বছৰৰ তলৰ শিশু যাৰ ওজন কম), শিশুৰ শাৰীৰিক গঠন ৰৈ যোৱা (পাঁচ বছৰৰ তলৰ শিশু যাৰ দৈৰ্ঘ্য কম) আৰু শিশু মৃত্যুৰ হাৰ (পাঁচ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ হাৰ)। প্ৰতিবেদন অনুসৰি, ১৯৯৮-২০০০ চনৰ ভিতৰত ভাৰতত শিশুৰ ভেষ্টিং ১৭.১ শতাংশ আছিল, যি ২০১৬ ৰ পৰা ২০২০ ৰ ভিতৰত বৃদ্ধি হৈ ১৭.৩ শতাংশ হয়।


- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related