Life Style : শৰীৰত তেজ বৃদ্ধিৰ বাবে এই ঘৰুৱা উপায়সমূহ গ্ৰহণ কৰক ।

Date:

- Advertisement -

Life Style : শৰীৰত তেজৰ অভাৱ অতি সাধাৰণ সমস্যা। এই অৱস্থাত ৰক্তকণিকাৰ সংখ্যা কমি যায়। যিকোনো বয়সৰ লোকৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব পাৰে। বিশেষকৈ শিশু আৰু মহিলাৰ ক্ষেত্ৰত ইয়াক বেছিকৈ দেখা যায়। ইয়াৰ বাবে ৰক্তহীনতাৰ দৰে অৱস্থাও উদ্ভৱ হয়। অৱশ্যে সঠিক খাদ্যাভ্যাসৰ সহায়ত শৰীৰৰ ৰক্তহীনতা দূৰ কৰিব পাৰি। 

ৰক্তহীনতা দূৰ কৰাৰ অন্যতম উত্তম উপায় হ’ল বুটমাহ খোৱা। ইয়াক চালাড বা ৰসৰ ৰূপতো খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে। ইয়াত ভাল পৰিমাণৰ আইৰণ পোৱা যায়। ইয়াৰ বাহিৰেও ইয়াত আন বহুতো পুষ্টিকৰ উপাদান আছে যেনে কেলচিয়াম,পটাছিয়াম,চালফাৰ,ভিটামিন চি ইত্যাদি এই সকলোবোৰ পুষ্টিকৰ পদাৰ্থই একেলগে শৰীৰত তেজৰ অভাৱ পূৰণ কৰে।ৰক্তহীনতাত ভুগি থকা লোকসকলে বুটমাহ সেৱন কৰিব পাৰে।

- Advertisement -

ডালিমতো প্ৰচুৰ পৰিমাণে আইৰণ থাকে, যাৰ ফলত শৰীৰত হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধি পায়। যদি আপুনিও ৰক্তহীনতাত ভুগি আছে তেন্তে নিশ্চিতভাৱে ডালিমৰ ৰস খাব পাৰে। ইয়াৰ উপৰিও ইয়াত ভাল পৰিমাণৰ ভিটামিন চি থাকে যিয়ে আইৰণ শোষণত সহায় কৰে।

ৰক্তহীনতা দূৰ কৰিবলৈ আপুনি খাদ্য তালিকাতো খেজুৰ অন্তৰ্ভুক্ত কৰিব পাৰে। ইয়াৰ উপৰিও ইয়াত আইৰণ , কপাৰ, মেগনেছিয়াম আৰু ভিটামিন (vitamin) বি৬ আদি পুষ্টিকৰ উপাদান থাকে যিয়ে হিম’গ্লবিন বৃদ্ধি কৰাত সহায় কৰে।

যদি আপুনি ৰক্তহীনতাৰ আছে তেন্তে আপুনি আপোনাৰ খাদ্যত (টমেটো) বিলাহী আৰু কচুও অন্তৰ্ভুক্ত কৰিব পাৰে । ইয়াত আইৰণ থাকে, ইয়াৰ উপৰিও তিসী গুটি, ৰঙা লাওৰ গুটি, তিল আদিয়েও হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰে। বিশেষজ্ঞসকলৰ মতে, তামৰ পাত্ৰত পানী খোৱাটোৱেও ৰক্তহীনতা দূৰ কৰাত সহায় কৰে।

আমাৰ লেখটোৰ লগত জড়িত কিবা প্ৰশ্ন থাকিলে লেখাটোৰ তলত দিয়া কমেণ্ট বক্সত আমাক জনাব। আমি আপোনাক শুদ্ধ তথ্য দিবলৈ চেষ্টা কৰি যাম। যদি এই লেখনিটো ভাল লাগিছে, তেন্তে শ্বেয়াৰ কৰিব। এনেধৰণৰ কাহিনী আৰু পঢ়িবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকক।

MUST READ  এলো ভেৰাৰ 10 টা লাভালাভ ।এলো ভেৰা কিহৰ বাবে উপযোগী । জানো আহক
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

উচ্চ ৰক্তচাপ (High Blood Pressure ): এক নিৰৱ হত্যাকাৰী (Silent Killer)আৰু ইয়াৰ পৰিচালনাৰ উপায়

High Blood Pressure : বিশ্বজুৰি প্ৰতিজন প্ৰাপ্তবয়স্কৰ ভিতৰত প্ৰায়...

নিৰামিষভোজীতো প্ৰটিন-ভিটামিন প্ৰচুৰ পৰিমাণে থাকে ।

মাছ আৰু মাংস খালে পৰ্যাপ্ত পৰিমাণৰ প্ৰটিন আৰু ভিটামিন...

Life Style : লাইফস্টাইলৰ সৈতে Summer চ’ৰ্চা: এটি স্বাস্থ্যকৰ পৰিসৰে Summer ৰ যতন

লাইফস্টাইলৰ সৈতে Summer চ'ৰ্চা: এটি স্বাস্থ্যকৰ পৰিসৰে Summer ৰ...

Herbal tea: এই বনৌষধি চাহ খালী পেটত খাব লাগে।

সাৰ পাই সেই গৰম পানীয়ৰ চাহ নোখোৱাকৈ দিনটো আৰম্ভ...