সাৰ পাই সেই গৰম পানীয়ৰ চাহ নোখোৱাকৈ দিনটো আৰম্ভ হ’ব নিবিচাৰে। কিন্তু বয়োজ্যেষ্ঠসকলে সাৰ পোৱাৰ পিছত খালী পেটত চাহ খাবলৈ নিষেধাজ্ঞা আৰোপ কৰে। কাৰণ চাহত থকা কেফেইনে শৰীৰৰ ক্ষতি কৰিব পাৰে। অৱশ্যে পুষ্টিবিদসকলে কয় যে কফিতকৈ চাহত কেফেইন কম থাকে। কিছুমান বিশেষ বনৌষধি চাহ আছে যিবোৰ ৰাতিপুৱা খালী পেটত খাব পাৰি। ই যথেষ্ট উপকাৰী। হজম শক্তি বৃদ্ধি পায়। এই বনৌষধি পানীয়বোৰে খাদ্যৰ পৰা পুষ্টিকৰ উপাদান শোষণতো সহায় কৰে।
১) কেমোমিল চাহ
কেমোমিল হৈছে বনৌষধি চাহ যিটোও যথেষ্ট জনপ্ৰিয়। কেমোমিল মূলতঃ এবিধ বনৌষধি ফুল। এই চাহ কেমোমিল নামৰ ফুলৰ সহায়ত তৈয়াৰ কৰা হয়। কেমোমিল চাহত শক্তিশালী এন্টি অক্সিডেন্ট পোৱা যায়। ইয়াত কেফেইন নাথাকে। ইয়াৰ সোৱাদ মৃদু মিঠা। কেমোমিল চাহত এন্টি-ইনফ্লেমেটৰী আৰু ফ্লেভন’ইড উপাদান পোৱা যায়। কেমোমিল চাহ সেৱনে স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যা দূৰ কৰাত সহায় কৰিব পাৰে। হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে কেমোমিল চাহ ভাল বুলি গণ্য কৰা হয়। কেৱল এয়াই নহয়, ইয়াৰ সেৱনৰ দ্বাৰাও ডায়েবেটিছ নিয়ন্ত্ৰণ কৰিব পাৰি।
২) পদিনা চাহ
বদহজম ৰোগত আক্ৰান্ত নেকি ? পদিনা পাতৰ চাহ খাব। পানী গৰম কৰি তাত পদিনা পাত কিছু কাটি ১৫ মিনিট ঢাকি ৰাখিব। পাত কাটিলে গোটেই পদিনা গোন্ধ পাব আপুনি পদিনা চাহও খাব পাৰে যাতে মুখৰ দুৰ্গন্ধৰ পৰা হাত সাৰিব পাৰি। এই চাহ খালে শাৰীৰিক আৰু মানসিক ভাগৰ নিমিষতে আঁতৰি যাব। শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে এই চাহে নিৰন্তৰ কামৰ বাবে মানসিক মনোযোগো উন্নত কৰাত সহায় কৰে।
৩) ডালচেনি চাহ
এটা বাটিত পানী গৰম কৰি দালচেনিৰ গুড়ি, নেমুৰ ৰস আৰু মৌ মিহলাই লওক। ইয়াৰ পিছত এই চাহ চেকি লৈ খাব। ইয়াত প্ৰচুৰ পৰিমাণে এন্টি অক্সিডেন্ট থাকে, যিয়ে শৰীৰক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে। ঋতুস্ৰাৱৰ সময়ত যদি পেটৰ বিষ হয় তেন্তে এই চাহ খালেও ইয়াৰ পৰা সকাহ পাব।