শনিবাৰে ভাৰতে প্ৰথমবাৰৰ বাবে ফিফা নেচনছ কাপ ২০২২ৰ বাবে যোগ্যতা অৰ্জন কৰে।
এই বছৰ ডেনমাৰ্কৰ কোপেনহেগেনত ২৭ জুলাইৰ পৰা ৩০ জুলাইলৈ অনুষ্ঠিত হ’ব এই ইস্প’ৰ্টছ (eSports) শ্ব’পিছ ইভেণ্ট।
FIFAe Nations Series 2022 ৰ প্লে অফত কোৰিয়া ৰিপাব্লিক আৰু মালয়েছিয়াক পৰাস্ত কৰি ভাৰতে যোগ্যতা অৰ্জন কৰে।
ভাৰতীয় ইফুটবল দলটোৰ বাবে যাত্ৰা আৰম্ভ হৈছিল যোৱা বছৰৰ জানুৱাৰী মাহত যেতিয়া অল ইণ্ডিয়া ফুটবল ফেডাৰেচনে ফিফাৰ সৈতে ফিফা নেচনছ ছিৰিজ ২০২১ৰ বাবে অংশগ্ৰহণ চুক্তিত স্বাক্ষৰ কৰিছিল।ভাৰত অংশগ্ৰহণ কৰা ৬০ খন দেশৰ ভিতৰত আছিল আৰু মধ্যপ্ৰাচ্য আৰু আফ্ৰিকা জ’নত স্থান দিয়া হৈছিল। ভাৰতে নিজৰ জ’নত তৃতীয় স্থান দখল কৰি ২০২১ চনৰ ফিফা নেচনছ প্লে অফত স্থান লাভৰ পৰা সংকীৰ্ণভাৱে হেৰুৱাই পেলাইছিল।
ভাৰতে ২২ নম্বৰৰ বিশ্বব্যাপী ৰেংকিঙেৰে ছিজনৰ সামৰণি মাৰি ২০২১ৰ ৰেংকিঙত ইটালী, আৰ্জেণ্টিনা, স্পেইনৰ দৰে হেভিৱেট দলৰ ওপৰত স্থান দখল কৰে।