Beharbari Outpost : ‘বেহাৰবাৰী আউটপোষ্ট’ এৰি কি ভুল কৰিলে সিদ্ধাৰ্থ-দ্বীপজ্যোতি? কিয় কেকেই ক’লে এই কথা?

Date:

- Advertisement -

Beharbari Outpost : কেকে-মোহনক চিনি নজনা অসমত নাই। অভিনেতা সিদ্ধাৰ্থ শৰ্মা ওৰফে কে কে আৰু দ্বীপজ্যোতি কেওট ওৰফে মোহনে ‘বেহাৰবাৰী আউটপোষ্ট’ ধাৰাবাহিকৰ জৰিয়তে অসমৰ ৰাইজৰ মাজত অতি জনপ্ৰিয় হৈ পৰিছিল তেওঁলোকৰ কমেডীয়ে প্ৰতিজন দৰ্শকক হাঁহিবলৈ বাধ্য কৰাইছিল। এই অভিনেতা দুগৰাকীয়েই ‘বেহাৰবাৰী আউটপোষ্ট’ ধাৰাবাহিকখনে জনপ্ৰিয়তাৰ শিখৰত উপনীত হোৱাৰ কাৰণ আছিল। কিছুদিন আগৰ পৰা বেহাৰবাৰী আউটপোষ্টত দেখা পোৱা নাই অভিনেতা দুগৰাকীক।

বেহাৰবাৰী আউটপোষ্ট এৰি যোৱাৰ কাৰণ মুকলিকৈ প্ৰকাশ কৰা নাই সিদ্ধাৰ্থ শৰ্মা আৰু দ্বীপজ্যোতি কেওটে। কিন্তু বেহাৰবাৰী আউটপোষ্ট এৰি যোৱাৰ পিছত তেওঁলোকে আন এটা মনোৰঞ্জন চেনেলৰ এখন ধাৰাবাহিকত অভিনয় কৰিছে। কিন্তু সিদ্ধাৰ্থ শৰ্মা আৰু দ্বীপজ্যোতিয়ে ‘বেহাৰবাৰী আউটপোষ্ট’ এৰি যোৱাৰ বাবে অনুশোচনা কৰিছেনে!
শেহতীয়াকৈ কেকে ওৰফে সিদ্ধাৰ্থ শৰ্মাই ফেচবুকত এটা পোষ্ট লিখিছে। দ্বীপজ্যোতি কেওটৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছে অভিনেতাজনে। দুয়োকে অত্যন্ত হতাশ যেন লাগে! অৱশ্যে এইখন শ্বুটিং ফটোও হ’ব পাৰে! ফটোখনৰ কেপচনত সিদ্ধাৰ্থ শৰ্মাই লিখিছে-
সিদ্ধাৰ্থ শৰ্মাই কেপচনত লিখিছে, “আমাৰ ভুলৰ বাবেই হয়তো ‘দুপৰীয়া বৃন্দাবন’ বন্ধ হৈ যাব। বৰ্তমান অভিনেতা দুগৰাকীয়ে কাম কৰি থকা ধাৰাবাহিকখনৰ নাম হৈছে ‘আফটাৰনুন বৃন্দাবন’। ‘বেহাৰবাৰী আউটপোষ্ট’ এৰি যোৱাৰ পিছত সম্প্ৰতি এই ধাৰাবাহিকখনত অভিনয় কৰিছে অভিনেতা দুগৰাকীয়ে।

- Advertisement -

কিন্তু সিদ্ধাৰ্থ শৰ্মাৰ এই পোষ্টটোৰ উদ্দেশ্য কি? এইটো সঁচাকৈয়ে অনুশোচনাৰ বাবে লিখা হৈছে নে অপপ্ৰচাৰৰ কৌশল? বৰ্তমান আপুনি অভিনয় কৰা ধাৰাবাহিকখনৰ প্ৰতি দৰ্শকক আকৰ্ষণ কৰাৰ কৌশল নেকি?

যদি তেওঁ অনুশোচনাত লিখিছে, তেন্তে বেহাৰবাৰী আউটপোষ্ট এৰি যোৱাৰ বাবে সিদ্ধাৰ্থ শৰ্মাই আক্ষেপ কৰিছেনে? বেহাৰবাৰী আউটপোষ্টলৈ উভতি যাবনে? জনপ্ৰিয় অভিনেতা দুগৰাকীয়ে পুনৰ কেকে-মোহনৰ চৰিত্ৰত অভিনয় কৰিবনে? সেয়া অৱশ্যে এতিয়াও স্পষ্ট হোৱা নাই।

MUST READ  ভাৰত কোনে আৱিষ্কাৰ কৰিছিল আৰু কেনেকৈ? Who discovered India and how?
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Mure Dusokule Suwa Ghone Ghone | মোৰে দুচুকুৰে চোৱা ঘনে ঘনে Old HIT Lyrics

Mure Dusokule Suwa Ghone Ghone | মোৰে দুচুকুৰে চোৱা...

যেতিয়া ৰেখা অক্ষয় কুমাৰৰ প্ৰেমত পৰিছিল আৰু ছেটত কৰিব লৈছিল এই কাম , মই দেখিছিলো-ৰবিনা টেন্দন 

বলীউডৰ খিলাদি অৰ্থাৎ অক্ষয় কুমাৰৰ নামটো সেই সময়ত উদ্যোগটোৰ...