আমেৰিকা যুক্তৰাষ্ট্ৰ : ২০২৪ত পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব ডণাল্ড ট্ৰাম্পে

Date:

- Advertisement -

আমেৰিকা যুক্তৰাষ্ট্ৰ : ২০২৪ত পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব ডণাল্ড ট্ৰাম্পে

 ২০২৪ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত পুনৰ প্ৰতিদ্বন্দিতা কৰিব দেশখনৰ সদ্যবিতাড়িত ৰাষ্ট্ৰপতি ডণাল্ড ট্ৰাম্পে।

- Advertisement -

ফ্ল’ৰিডাত দেওবাৰে অনুষ্ঠিত হোৱা ‘দ্যা কনজাৰ্ভেটিভ পলিটিকেল এক্চন কনফাৰেন্স’ চমুকৈ চি.পি.এ.চি.ত ট্ৰাম্পে নিজৰ ভাষণত তেওঁৰ ভৱিষ্যত পৰিকল্পনাৰ ইংগিত দিছে।

- Advertisement -

তেওঁ কয় যে ২০২৪ চনত তেওঁ পুনৰ ৰিপাব্লিকান প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ’ব।

‘‘আমি আজিৰ আবেলিটোত ভৱিষ্যতৰ বিষয়ে কথা পাতিবলৈ আহিছো- আমাৰ আন্দোলটোৰ ভৱিষ্যতৰ বিষয়ে, আমাৰ দলটোৰ ভৱিষ্যতৰ বিষয়ে আৰু আমাৰ প্ৰিয় দেশখনৰ ভৱিষ্যতক বিষয়ে।’’ তেওঁৰ সমৰ্থকসকলৰ সমুখত ট্ৰাম্পে এইদৰে কয়।

- Advertisement -

নতুন ৰাষ্ট্ৰপতি জ’ বিডেনক সমালোচনা কৰি ট্ৰাম্পে কয় যে বিদেনৰ পলিচিসমূহে আমেৰিকাক প্ৰথম স্থানৰ পৰা শেষৰ স্থানলৈ অৱনমিত গৈছে।

আনহাতে শেহতীয়াকৈ বাতৰি উলাইছিল যে ৰিপাব্লিকান দলৰ পৰা আতৰি ট্ৰাম্পে নিজাকৈ ৰাজনৈতিক দল গঠন কৰিব, কিন্তু ট্ৰাম্পে এই বাতৰি অস্বীকাৰ কৰিছে।

উল্লেখযোগ্য যে শেহতীয়াকৈ ৰিপাব্লিকান দলত ট্ৰাম্পবিৰোধী এটা শিবিৰৰো উত্থান ঘটিছে।

ৰিপাব্লিকান দলৰ চিনেটৰ বিল কেচ্চিডীয়ে ট্ৰাম্পৰ এই বক্তব্য সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে- ‘‘যদি আমি এজন মানুহকে প্ৰাধান্য দিও, তেন্তে আমি পৰাজীত হ’ম।’’

MUST READ  WWE সম্পৰ্কে কিছুমান আমোদজনক তথ্য - WWE ৰ fight বোৰ সঁচা নে মিছা ? জানক কিছুমান নজনা কথা ।
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

WWE সম্পৰ্কে কিছুমান আমোদজনক তথ্য – WWE ৰ fight বোৰ সঁচা নে মিছা ? জানক কিছুমান নজনা কথা ।

 WWE হৈছে মল্লযুঁজৰ জগতখনত  এক অদ্ভুত আৰু অনন্য খেল।...

Four Day Working Week: বৃটেইনত এক সপ্তাহত ৪ দিন কাম ৩ দিন ছুটীৰ পাইলট প্ৰজেক্ট আৰম্ভ

বৃটেইনত চাৰিদিনীয়া কৰ্ম সপ্তাহৰ (Four Day Working Week) পাইলট...