Assam HSLC 2024 : Announces OMR Sheets বহু নতুন নিয়মেৰে শেষ বাৰলৈ হ’ব মেট্ৰিক পৰীক্ষা

Date:

- Advertisement -

Assam HSLC 2024 Exam RULES AND REGULATIONS 2024

Assam HSLC 2024, SEBA Announces OMR Sheets To Be Introduced In HSLC Exam 2024

- Advertisement -

Assam HSLC 2024 : অতিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। ছেবাৰ অধিনত ১৬ ফেব্ৰুৱাৰীৰ পৰা শেষবাৰলৈ অনুষ্ঠিত হ’ব মেট্ৰিক। কিন্তু এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ’ব সম্পূৰ্ণ নতুন পদ্ধতিৰে। এইবাৰ ৯১৩টা পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হ’ব ৪ লাখ ২৭ হাজাৰ ৯২২ গৰাকী পৰীক্ষাৰ্থী। এইবাৰ মেট্ৰিক পৰীক্ষাত কি নতুনত্ব পৰিলক্ষিত হ’ব?

👉নিৰ্ধাৰিত ৪টা বিষয়ৰ OMR শ্বীটত হ’ব ৪৫ নম্বৰৰ পৰীক্ষা

👉OMR শ্বীটৰ প্ৰতিটো প্ৰশ্নৰ বিপৰীতে থাকিব ১ নম্বৰকৈ

👉অন্য বহীত লিখিব লাগিব আন ৪৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ উত্তৰ

- Advertisement -

👉অৰ্থাৎ‍ পৰীক্ষাৰ্থীসকলে লাভ কৰিব দুখন কৈ প্ৰশ্ন কাকত

👉OMR শ্বীটৰ ব্যৱহাৰৰ বাবে ছেবাই নিৰ্ধাৰণ কৰা নিয়ম অনুসৰি OMR শ্বীটৰ বৃত্ত সমূহ ৰং কৰিবলৈ

👉পৰীক্ষাৰ্থীয়ে ব্যৱহাৰ কৰিব লাগিব ক’লা অথবা নীলা চিয়াঁহীৰ বল পইণ্ট কলম

👉এটা প্ৰশ্নৰ বিপৰীতে কেবল এটাকৈ বৃত্ত ৰং কৰিব লাগিব

- Advertisement -

👉সম্পূৰ্ণকৈ বৃত্তটো ৰং কৰিলেহে মূল্যাংকন কৰা হ’ব

👉কোনো খটৰা কামৰ বাবে পৰীক্ষাৰ্থীয়ে ব্যৱহাৰ কিব নোৱাৰিব OMR শ্বীট

👉তাৰোপৰি OMR শ্বীটখনত ভাঁজ দিয়া, ফলা, আঁচোৰা অথবা ষ্টেপল পিন ব্যৱহাৰ কৰিব নোৱাৰিব

👉এডমিট কাৰ্ডত থাকিব পৰীক্ষাৰ বিতং নীতি–নিয়ম

👉নিৰ্ধাৰিত সময়ৰ ১০ মিনিট পূৰ্বে পৰীক্ষা কেন্দ্ৰত শিক্ষাৰ্থীৰ প্ৰৱেশ বাধ্যতামূলক

অৰ্থাৎ‍ আগবেলা ৯ বজাত অনুষ্ঠিত হ’ব লগীয়া পৰীক্ষাৰ বাবে পূৰ্বৰ ৮.৩০ বজাৰ পৰিৱৰ্তে ৮.২০ বজাতে প্ৰৱেশ কৰিব লাগিব পৰীক্ষা কেন্দ্ৰত। পৰীক্ষা অনুষ্ঠিত হোৱাৰ ৫ মিনিট পূৰ্বে বিতৰণ কৰা হ’ব প্ৰশ্নকাকত। পৰীক্ষা কেন্দ্ৰ সমূহত পূৰ্বৰ দৰেই থাকিব তীক্ষ্ণ নীৰিক্ষণ। প্ৰতিটো কেন্দ্ৰতে চি চি কেমেৰা সংস্থাপনৰ লগতে ১০০ মিটাৰ ব্যাসাৰ্ধত বলৱৎ‍ থাকিব ১৪৪ ধাৰা। মঙলবাৰে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ সন্দৰ্ভত পৰ্যালোচনা সভাত অংশ গ্ৰহণ কৰি মেট্ৰিক পৰীক্ষাক লৈ শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৰ মন্তব্য। অনাগত দিনত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ৰাজ্যৰ উঠি অহা প্ৰজন্মক সাজু কৰি তোলাৰ বাবেই এই পদক্ষেপ।

MUST READ  Assam CEE Exam 2024 – Online Apply for B.Tech Admission Test

ইফালে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰূপায়ন কৰা দেশৰ ৫ ৰাজ্যৰ অন্যতম বুলি উল্লেখ কৰি শিক্ষামন্ত্ৰীৰ মন্তব্য নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰযোজ্য কৰাৰ ক্ষেত্ৰত বহু দূৰ আগুৱাই গৈছে অসম।

নতুন শিক্ষানীতি বলৱৎ‍ কৰাৰ বাবে চৰকাৰে তৰিৎব গতিৰে কাম কাজ আগবঢ়াই নিয়াৰ সমান্তৰালকৈ উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ কেবিনেটে ইতিমধ্যে ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক একত্ৰীকৰণৰ সিদ্ধান্ত লৈছে। গতিকে ছেবাৰ অধীনত ১৬ ফেব্ৰুৱাৰীৰ পৰা অন্তিমবাৰলৈ যে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ’ব সি ধুৰূপ।

ছেবাই জাৰি কৰা জাননী অনুসৰি এটাকৈ নম্বৰ বহন কৰা মুঠ নম্বৰৰ ৫০ শতাংশ মূল বিষয়ৰ বস্তুনিষ্ঠ ধৰণৰ প্ৰশ্ন হ’ব। বিষয়সমূহ হ’ল ইংৰাজী (CI), সাধাৰণ গণিত (C2), সাধাৰণ বিজ্ঞান (C3) আৰু সমাজ বিজ্ঞান (C4)। বিশেষ প্ৰাৰ্থীৰ নামত মাত্ৰ এখন অ’এমআৰ শ্বীট থাকিব।বাকী ৫০ শতাংশ প্ৰশ্নৰ বাবে পূৰ্বৰ দৰেই ১৬ পৃষ্ঠা থকা পৃথক উত্তৰ লিপি প্ৰদান কৰা হ’ব।

- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

List Of Ahom King . Ahom Kingdom.

SerialRulerReign১চ্যু-কা-ফা১২২৮–১২৬৮২চুতেওফা১২৬৮–১২৮১৩চুবিণ্‌ফা১২৮১–১২৯৩৪চুখাংফা১২৯৩–১৩৩২৫চুখ্ৰাম্‌ফা১৩৩২–১৩৬৪শাসক নাই১৩৬৪–১৩৬৯৬চুতুফা১৩৬৯–১৩৭৬শাসক নাই১৩৭৬–১৩৮০৭ত্যাও খাম্‌টি১৩৮০–১৩৮৯শাসক নাই১৩৮৯–১৩৯৭৮চুডাংফা১৩৯৭–১৪০৭৯চুজান্‌ফা১৪০৭–১৪২২১০চুফক্‌ফা১৪২২–১৪৩৯১১চুচেনফা১৪৩৯–১৪৮৮১২চুহেনফা১৪৮৮–১৪৯৩১৩চুপিম্‌ফা১৪৯৩–১৪৯৭১৪চুহুন্মুং১৪৯৭–১৫৩৯১৫চুক্লেণমুং১৫৩৯–১৫৫২১৬চুখাম্‌ফা১৫৫২–১৬০৩১৭চুচেংফা১৬০৩–১৬৪১১৮চুৰাম্‌ফা১৬৪১–১৬৪৪১৯চুত্যিণ্‌ফা১৬৪৪–১৬৪৮২০চুতাম্লা১৬৪৮–১৬৬৩২১চুপংমুং১৬৬৩–১৬৭০২২চুন্যৎফা১৬৭০–১৬৭২২৩চুক্লমফা১৬৭২–১৬৭৪২৪চুহুংফা১৬৭৪–১৬৭৫২৫গোবৰ ৰজা১৬৭৫–১৬৭৫২৬চুজিন্‌ফা১৬৭৫–১৬৭৭২৭চুদৈফা১৬৭৭–১৬৭৯২৮চুলিক্‌ফা১৬৭৯–১৬৮১২৯চুপাতফা১৬৮১–১৬৯৬৩০চুখ্ৰংফা১৬৯৬–১৭১৪৩১চুতণফা১৭১৪–১৭৪৪৩২চুণেণফা১৭৪৪–১৭৫১৩৩চুৰেম্‌ফা১৭৫১–১৭৬৯৩৪চুণ্যেউফা১৭৬৯–১৭৮০৩৫চুহিত্পংফা১৭৮০–১৭৯৫৩৬চুক্লিংফা১৭৯৫–১৮১১৩৭চুদিংফা১৮১১–১৮১৮৩৮পুৰন্দৰ সিংহ১৮১৮–১৮১৯৩৯চুদিংফা১৮১৯–১৮২১৪০যোগেশ্বৰ সিংহ১৮২১–১৮২৪৪১পুৰন্দৰ সিংহ১৮৩২–১৮৩৯

চুডাংফা ( Chaupha Siu-Dang-Pha ) Sudangpha : The Legend of Bamuni Konwar

সুদংফা (১৩৯৭–১৪০৭) আহোম ৰাজ্যৰ ৰজা আছিল। ব্ৰাহ্মণৰ ঘৰত লালন-পালনৰ...