ৰাজ্যৰ কলেজসমূহত অহা বছৰৰ পৰা নাথাকে উচ্চতৰ মাধ্যমিক শাখা। চৰকাৰে ইতিমধ্যে ৫৬খন CBSEৰ অধীনৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় মুকলি কৰিছে। মুকলি কৰা হ’ব এনে ৭০খন মডেল স্কুল। জাতীয় বিদ্যালয়, শংকৰদেৱ শিশু নিকেটন, ডন বস্ক’ আদিক একাদশ, দ্বাদশ শ্ৰেণী মুকলি কৰাৰ নিৰ্দেশ চৰকাৰৰ।
২০২৩ চনলৈ একত্ৰিত হ’ব SEBA আৰু AHSEC। ২০২৩ চনত শেষবাৰৰ বাবে HSLC পৰীক্ষা অনুষ্ঠিত হ’ব। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰযোজ্য কৰাৰ দিশত এনেবোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই কথা জানিবলৈ দিছে শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়াই।
‘ৰাজ্যৰ হাইস্কুলসমূহ HSলৈ উন্নীত কৰা হ’ব’
‘একত্ৰিত কৰা হ’ব ছেবা আৰু উঃ মাঃ শিক্ষা সংসদৰ ব্যৱস্থাক’
‘২০২৩ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গুৰুত্ব নাথাকিব’ পৰ্যায়ক্ৰমে কলেজসমূহৰ পৰা উঠি যাব উঃ মাঃ শ্ৰেণী’