সমুখত তোৰ বিশাল লক্ষ্য
দুহাতত শকতি
বুকুত জ্বলে দাওদাওকৈ
প্ৰেৰণাৰ অগনি
আকাশ কঁপাই যোৱা গৰ্জন
শতৰুৰ আৱাহন
তৰোৱাল খন খামুচি ধৰাৰ
তোৰো যে মৰণ পণ
লালাসাৰ জিভা মেলা শতৰুৰ
কাঢ়িব লাগিব প্ৰাণ
বিৰোধী সেনাৰ কেচা শোণিতেৰে
কৰিব লাগিব স্নান
অগনি বৰষে অম্বৰে আজি
বজ্ৰত মৰন গান
সৃষ্টিকর্তা উত্রাৱল হ’ল
ওভতাই লবলৈ দান
নিবাৰণ কৰ তোৰ অস্ত্ৰৰ ৰক্ত পিপাসু ক্ষুধা
যুদ্ধই যদি কৰ্তব্য তোৰ তেজেই হবগৈ সুধা ।