সাপৰ বিষ মুখৰে চুহি আঁতৰাই পেলাব পাৰিনে? সাপে কামুৰিলে প্ৰথমে কি কৰিব লাগে?
সাপৰ কামোৰৰ ঘটনা ভাৰতত এক গুৰুত্বপূর্ণ স্বাস্থ্যসমস্যা হিচাপে পৰিগণিত হৈছে। প্ৰতিবছৰে প্ৰায় ৮১,০০০ৰ পৰা ১,৩৮,০০০ লোক সাপে কামুৰাৰ ফলত মৃত্যু মুখত পৰে। সাপৰ কামোৰৰ ক্ষেত্ৰত সঠিক সাৱধানতা আৰু চিকিৎসা প্ৰয়োজন, কাৰণ অন্ধবিশ্বাস আৰু ভুল ধাৰণাসমূহে বহু লোকৰ প্ৰাণ কাঢ়ি লৈছে।
সাপৰ বিষ মুখৰে চুহি আঁতৰাই পেলাব পাৰিনে?
সাপে কামুৰাৰ পিছত কোনো ধৰণৰ বিষ মুখেৰে চুহি উলিয়াব পাৰি বুলি বহুতৰ বিশ্বাস আছে। কিন্তু এই ধাৰণাটো সম্পূৰ্ণৰূপে ভুল আৰু বিপদজনক। উত্তৰ প্ৰদেশ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ গাইডলাইন অনুসৰি, সাপৰ বিষ চুহি আঁতৰাবলৈ চেষ্টা কৰা উচিত নহয়। যদি চুহি থকা ব্যক্তিজনৰ মুখত কোনো মুকলি ঘা থাকে, তেন্তে বিষ সেই স্থানেদি প্ৰৱেশ কৰি বিপদজনক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। লগতে, মুখত থকা বীজাণুৰে ঘাঁত সংক্ৰমণৰ সম্ভাৱনা থাকে। সেয়েহে, বিষ চুহি উলিয়াব চেষ্টা নকৰিব।
সাপে কামুৰিলে কি কৰিব লাগে?
১. ৰোগীক স্থিৰ কৰি ৰাখক: সাপে কামুৰাৰ পাছত, ভুক্তভোগীক স্থিৰ আৰু শান্ত কৰি ৰাখক। অধিক হালচাল বা আতঙ্কিত হোৱাৰ ফলত বিষ শৰীৰৰ ভিতৰত সোনকালে বিস্তাৰিত হ’ব পাৰে।
২. ঘাঁটো পৰিস্কাৰ কৰক: কামুৰা স্থানটো চাবোন আৰু পানী ব্যৱহাৰ কৰি ভালদৰে ধুব।
৩. ৰোগীক চিকিৎসালয়লৈ নিবলৈ উদ্যোগ কৰক: কামুৰাৰ পাছত ৰোগীক সোনকালে চিকিৎসালয়লৈ নি এন্টিভেনম দিয়া অত্যন্ত প্ৰয়োজনীয়।
৪. সাপৰ বৰ্ণনা মনত ৰাখক: সাপে কামুৰাৰ পাছত সাপৰ ৰং, আকৃতি, আৰু কামুৰাৰ স্থান মনত ৰাখিবলৈ চেষ্টা কৰক, যাতে চিকিৎসকে সঠিক চিকিৎসা প্ৰদান কৰিব পাৰে।
কি কৰিব নালাগে?
- অন্ধবিশ্বাসৰ বলি নাহক: সাপে কামুৰাৰ পাছত তান্ত্ৰিক বা ভূত-প্ৰেত নিৰ্বাসকৰ ওচৰলৈ ননিয়াৰ বৰং সঠিক চিকিৎসালয়লৈ নিনোযা উচিত।
- কোনো ঔষধ বা মলম প্ৰয়োগ নকৰিব: কামুৰা স্থানত কোনো ঔষধ বা মলম প্ৰয়োগ নকৰিব, যাৰ ফলত সংক্রমণৰ আশংকা থাকে।
- সাপক ধৰিবলৈ চেষ্টা নকৰিব: সাপৰ কামোৰৰ পাছত সাপক ধৰিবলৈ বা মাৰিবলৈ চেষ্টা নকৰিব, কাৰণ সেয়া অধিক বিপদজনক হ’ব পাৰে।
সাপৰ কামোৰৰ লক্ষণসমূহ কি কি?
- কামোৰা স্থানত তীব্ৰ বিষ অনুভৱ হ’ব
- কামোৰা স্থানত ফুলা বা বিষ হ’ব
- চকুৰ সন্মুখত ম্লান হৈ পৰিব
- ঘাম, বমি, আৰু উশাহ লোৱাত অসুবিধা
- ৰক্তচাপ বৃদ্ধি আৰু হৃদস্পন্দনৰ অনিয়ম
এইবোৰ লক্ষণ দেখা পেলালে, সোনকালে চিকিৎসালয়লৈ যোগাযোগ কৰাটো একান্ত প্ৰয়োজনীয়। সাপৰ কামোৰক লঘু হিচাপে নাৰাখিব আৰু সঠিক সময়ত সঠিক চিকিৎসা গ্ৰহণ কৰাটোই হ’ল জীৱন ৰক্ষা কৰাৰ মূল পথ।