অই , হয় আপোনাকে কৈছোঁ
কেতিয়াকৈ আহিম বুলি ভাবিছে
মোৰ প্ৰেমিক চৰাই হৈ
কিমান যে হেঁপাহ পুহি ৰাখিছোঁ
আপোনাৰ নামত
এতিয়া যে মই সকলোতে
আপোনাকে বিচাৰি পাওঁ জানে
জোনাক ভৰা আকাশ খনলৈ চাই
যেতিয়া চাদৰ ওপৰত থিয় হও
তেতিয়া , আপোনাৰ লগতে
মনৰ কথাবোৰ কও
দুই ওঠতে বিৰিঙি উঠে হাঁহি
গান প্ৰিয় মইজনিয়ে প্ৰতিটো গীততে
আপোনাক বিচাৰি হাবাথুৰি খাও
কেতিয়াকৈ আহিব বাৰু
আপুনি (মোৰ কল্পনাৰ প্ৰেমিক)
বৰ আশাৰে ৰৈ আছোঁ জানা
“আপুনি আহিব উশাহো বাঢ়িব
অচিনা অনুভূতিয়ে বুকুতে নামিব”