ৰৌদ্ৰ ৰস – মৃদুষ্মান শৰ্মা

Date:

- Advertisement -

 সমুখত তোৰ বিশাল লক্ষ্য


- Advertisement -

     দুহাতত শকতি


বুকুত জ্বলে দাওদাওকৈ


- Advertisement -

    প্ৰেৰণাৰ অগনি


আকাশ কঁপাই যোৱা গৰ্জন


- Advertisement -

   শতৰুৰ আৱাহন


তৰোৱাল খন খামুচি ধৰাৰ


 তোৰো যে মৰণ পণ


 লালাসাৰ জিভা মেলা শতৰুৰ 


  কাঢ়িব লাগিব প্ৰাণ 


 বিৰোধী সেনাৰ কেচা শোণিতেৰে


   কৰিব লাগিব স্নান 


অগনি বৰষে অম্বৰে আজি


 বজ্ৰত মৰন গান


সৃষ্টিকর্তা উত্রাৱল হ’ল


 ওভতাই লবলৈ দান


নিবাৰণ কৰ তোৰ অস্ত্ৰৰ ৰক্ত পিপাসু ক্ষুধা


যুদ্ধই যদি কৰ্তব্য তোৰ তেজেই হবগৈ সুধা ।

- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Eassy On Himanta Biswa Sarma in Assamese : হিমন্ত বিশ্ব শৰ্মাৰ জীৱনী।

প্ৰাৰম্ভিক জীৱনৰাজনৈতিক জীৱনভাৰতীয় জনতা পাৰ্টীমুখ্যমন্ত্ৰী হিচাপে শপত গ্রহণঅন্যান্য হিমন্ত বিশ্ব...