১২৫ বছৰীয়া যোগ গুৰু স্বামী শিৱানন্দ কোন জানেনে? যাৰ আগত মূৰ দোৱালে প্ৰধানমন্ত্ৰী মোদীয়েও

Date:

- Advertisement -

- Advertisement -

দিল্লীত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত সমাৰোহত পৃথক পৃথক ক্ষেত্ৰত উৎকৃষ্ট অৱদান আগবঢ়োৱাৰ বাবে বিভিন্নজনক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে পদ্ম পুৰস্কাৰেৰে (Padma Award) সন্মানিত কৰে। এই উপলক্ষে এজন ব্যক্তি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে, যাৰ সন্মুখত খোদ প্ৰধানমন্ত্ৰী মোদীয়েও মূৰ দোৱায়। কাশীৰ যোগ গুৰু স্বামী শিৱানন্দ (Swami Sivananda)ক পদ্মশ্ৰী সন্মানেৰে অলংকৃত কৰা হয়। ১২৫ বছৰীয়া স্বামী শিৱানন্দই যেতিয়া সন্মান গ্ৰহণ কৰিবলৈ উপস্থিত হয়, দৰবাৰ হলত হাতচাপৰিৰ গুঞ্জন উঠে। প্ৰধানমন্ত্ৰী মোদীয়েও মূৰ দোৱাই তেওঁক অভিৱাদন জনায়।

যোগৰ ক্ষেত্ৰত উৎকৃষ্ট কামৰ বাবে স্বামী শিৱানন্দক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হয়। আচৰিত কথাটো হ’ল ১২৫ বছৰ বয়সতো স্বামী শিৱানন্দই পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ দিল্লীত উপস্থিত হয়। যোগ আৰু সংযমিত দিনচৰ্চাৰ সহায়ত তেওঁ এই বয়সতো নিজকে সুস্থ কৰি ৰাখিবলৈ সক্ষম হৈছে। যোগৰ প্ৰতি তেওঁৰ সমৰ্পিত মনোভাৱে দেশৰ কোটি কোটি জনতাক সুস্বাস্থ্যৰ বাবে প্ৰেৰণা দিয়ে।

- Advertisement -

স্বামী শিৱানন্দ কাশীৰ বাসিন্দা। তেওঁ যোগগুৰু হিচাপে পৰিচিত। কোৱা হৈছে যে তেওঁৰ জন্ম ৮ আগষ্ট ১৮৯৬ত চিলেট জিলাৰ হৰীপুৰ গাঁৱত হৈছিল, যি এতিয়া বাংলাদেশৰ অধীনত। স্বামী শিৱানন্দই কয় যে যোগ, প্ৰাণায়াম আৰু ঘৰুৱা চিকিৎসা সুস্থ হৈ থকাৰ মূলমন্ত্ৰ। স্বামী শিৱানন্দই দৈনিক পুৱা ৩ বজাত টোপনিৰ পৰা উঠে আৰু যোগাসন কৰাৰ লগতে শ্ৰীমদ্ভাগৱত গীতা পাঠ কৰে।

স্বামী শিৱানন্দ বংগৰ পৰা কাশীত উপস্থিত হয় আৰু ওমকাৰানন্দৰ পৰা শিক্ষা লোৱাৰ পিছত তেওঁ যোগ আৰু ধ্যানত নিপুণতা প্ৰাপ্ত কৰে। ভাৰতৰ স্বাধীনতাৰ সময়ত স্বামী শিৱানন্দৰ বয়স প্ৰায় ৫০ বছৰ আছিল অৰ্থাৎ তেওঁ স্বাধীনতা আন্দোলন স্বচক্ষে দেখিছে আৰু স্বাধীনতাৰ পিছত ভাৰতৰ উন্নতিৰো সাক্ষী। বহু কম বয়সতে তেওঁ পিতৃ–মাতৃ আৰু ভগ্নীক হেৰুৱাইছিল। যোগৰ শিক্ষা গ্ৰহণ কৰাৰ পিছত নিজৰ গুৰুৰ নিৰ্দেশত তেওঁ ৩৪ বছৰ সময় বিশ্বৰ বিভিন্ন দেশ ভ্ৰমণ কৰে। তেওঁ লণ্ডন, অষ্ট্ৰেলিয়া, আন ইউৰোপীয় দেশ আৰু ৰাছিয়াৰ দৰে দেশ ভ্ৰমণ কৰিছে।

MUST READ  Entertainment : Krishnasura dot Com Assamese Webseries Review and Ratings

- Advertisement -

স্বামী শিৱানন্দই জাক–জমকতাৰ পৰা নিজকে দূৰত ৰাখিবলৈ ভাল পায় আৰু সহজ–সৰল জীৱনৰ ওপৰত গভীৰ আস্থা ৰাখে। স্বামী শিৱানন্দই এতিয়াও সিদ্ধ খাদ্য গ্ৰহণ কৰে।

- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

চুডাংফা ( Chaupha Siu-Dang-Pha ) Sudangpha : The Legend of Bamuni Konwar

সুদংফা (১৩৯৭–১৪০৭) আহোম ৰাজ্যৰ ৰজা আছিল। ব্ৰাহ্মণৰ ঘৰত লালন-পালনৰ...

উচ্চ ৰক্তচাপ (High Blood Pressure ): এক নিৰৱ হত্যাকাৰী (Silent Killer)আৰু ইয়াৰ পৰিচালনাৰ উপায়

High Blood Pressure : বিশ্বজুৰি প্ৰতিজন প্ৰাপ্তবয়স্কৰ ভিতৰত প্ৰায়...

Conditions for Validity in Hindu Marriages:ইয়াৰ অবিহনে হিন্দু বিবাহক অবৈধ বুলি গণ্য কৰা হ’ব; পঢ়ক

Hindu Marriages : উচ্চতম ন্যায়ালয়ে হিন্দু বিবাহ এক পবিত্ৰ প্ৰক্ৰিয়া আৰু হিন্দু...