মেষ: মঙ্গল গ্ৰহৰ প্ৰভাৱত মানসিক উৎকৰ্য সাধন । শত্রু-মিত্র চিনা টান হ’ব। শুভ ৰং ৰূপালী। নিৰামিষ খাদ্যত গুৰুত্ব দিয়ক। মহা দুর্যোগ আঁতৰিব। শুভ সংখ্যা আঠ।
Daily Horoscope 13 June : Today’s Horoscope in Assamese আজিৰ দিনটোৰ ৰাশিফল | Rashifal
বৃষ: শুক্র গ্ৰহৰ প্ৰভাৱত মানসিক স্থিতি সবল। অসবর্ণ বিবাহৰ সংযোগ। শুভ ৰং বগা। প্ৰতিৱেশীৰ ওপৰত নজৰ ৰাখক। ব্যৱসায়ত উন্নতি। কাৰো অপকাৰ নকৰিব। শুভ সংখ্যা দুই।
মিথুন: গুৰুত্বপূর্ণ কাম দক্ষতাৰে সম্পন্ন কৰিব পাৰিব। আনক সমালোচনা নকৰিব। শুভ ৰং ৰূপালী। দূৰ যাত্রা নকৰাই ভাল। বৃক্ক, হৃদৰোগত আক্রান্ত হ’ব পাৰে। শুভ সংখ্যা আঠ।
কর্কট: কর্মক্ষেত্রত নিষ্ঠা আৰু ধৈৰ্যৰ প্ৰয়োজন হ’ব। তিল, মাটিমাহ দান কৰক। শুভ ৰং মাখন। আনক বেছি উপদেশ নিদিব। সন্তানক লৈ চিন্তা। ভ্রমণ। শুভ সংখ্যা পাঁচ।
Daily Horoscope 13 June : Today’s Horoscope in Assamese আজিৰ দিনটোৰ ৰাশিফল | Rashifal
সিংহ: কাম-কাজৰ পৰিসৰ বৃদ্ধি পাব। আনৰ বদনামে ক্ষতি কৰিব নোৱাৰিব। শুভ ৰং মুগা। পিতৃ-মাতৃক অৱহেলা নকৰিব। মাদক দ্রব্য বৰ্জন কৰক। বিদ্যাত শুভ। শুভ সংখ্যা দুই।
কন্যা: নিজৰ শক্তিক সাৰথি কৰক। দুই নম্বৰী ধন-সম্পত্তিৰ চিন্তা মনলৈ নানিব। শুভ ৰং বগা। ঘিউ, তিল, চাউল দান কৰক। মদ- ভাং সেৱন নকৰিব। ভ্রমণ। শুভ সংখ্যা আঠ।
তুলা: নিষ্ঠাৰে কৰ্ম সম্পাদন কৰিব পাৰিব। জখলাত নুঠিব। শুভ ৰং মাখন। অভিনয়, চাৰুকলাত দক্ষতা বৃদ্ধি। বদহজম হ’ব পাৰে। আনক গালি নাপাৰিব। শুভ সংখ্যা পাঁচ।
বৃশ্চিক: সামাজিক আৰু ধর্মীয় স্থিতি উন্নত। সন্তানৰপৰা মনত আনন্দ। শুভ ৰং মুগা। অনিদ্রা, বৃক্ক ৰোগত ভুগিব পাৰে। পদপথত সাৱধান। সম্পত্তি বৃদ্ধি। ভ্রমণ। শুভ সংখ্যা চাৰি।
ধনুঃ কর্মক্ষেত্রত চঞ্চলতা, উৎকণ্ঠা কমিব। পৰচৰ্চা নকৰিব। শুভ ৰং ৰূপালী। ভ্ৰাম্যভাষত ব্যস্ত নথকাই ভাল। অতি ভোজন নকৰিব। গৃহত তুলসী গছ ৰোপণ কৰক। শুভ সংখ্যা আঠ।
মকৰ: কৰ্মোন্নতি। কোনো দিশত মন ভাৰাক্ৰান্ত। শুভ ৰং বগা। মূর্খক উপদেশ নিদিব। আনক অৱহেলা নকৰিব। সোণ ধাৰণ কৰক। ৰোগৰপৰা সকাহ পাব। শুভ সংখ্যা দুই।
কুম্ভ: মনৰপৰা অৱসাদ আঁতৰিব। আনক অৱহেলা নকৰিব। শুভ ৰং মুগা। অভিনেতা, অধিবক্তা, জ্যোতিষী, সাংবাদিকৰ দক্ষতা বৃদ্ধি। প্ৰভাৱশালী লোকৰ সান্নিধ্য পাব। শুভ সংখ্যা ছয়।
মীন: কাম-কাজৰ পৰিসৰত গুৰু সহায়। পদপথত উজুটি খাব পাৰে। শুভ ৰং সোণালী। মাটি সম্পত্তি কিনোতে ভালদৰে পৰীক্ষা কৰক। ব্যৱসায়ত উন্নতি। অর্থ লাভ। শুভ সংখ্যা চাৰি।