প্ৰদূষণ, ধুলি আদিৰ ফলত ছালে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয়। ছালত ক’লা দাগবোৰো একেটা সমস্যাৰ ফলত হয়।
👉প্রথমে মুখখন ভালকৈ পৰিষ্কাৰ কৰি লব তাৰ পিছত এটা প্রাত্ৰ ত অলপ বেছন, অলপ হালধি কেছা গাখীৰৰ লগত মিহলাই মুখত লগাই ১৫ মিনিট ৰাখি ধুই দিব ! এনেকৈ আপুনি সপ্তাহত ৪ ৫ বাৰ লগালে অতি-সোনকালে আপোনাৰ মুখৰ কলা দাগ নোহোৱা হব! এইখিনি কৰা পিছত নিতৌ মুখত ছান ক্রীম লগাব এনেকৈ কৰিলে আপোনাৰ দাগ নোহোৱাৰ কাৰণে নাই !
👉 কলা দাগ আঁতৰাবলৈ ঘৰুরা উপায় আলু এদোখৰ লব মুখ খনত অলপ সময় ঘহি থব তাৰপিছত ছান ক্ৰীম লগাব আৰু চাব আপোনাৰ মুখ কলা দাগ লাহে লাহে নোহোৱা হৈছে ।
👉এলো ভেৰা হৈছে ছাল সম্পৰ্কীয় প্ৰতিটো ৰোগৰ বাবে এক মূল্যবান উদ্ভিদ । ছালত এলো ভেৰাৰ সতেজ পাত ঘঁহিলে ক’লা দাগ আঁতৰ হ’ব। এই প্ৰক্ৰিয়াটো প্ৰতিদিনে প্ৰায় ১০ মিনিটৰ বাবে কৰক।
👉নেমুৰ ৰসত ব্লিচিং গুণ থাকে। দাগবোৰত ইয়াক প্ৰয়োগ কৰিলে সেইবোৰ পাতল হ’ব। ই মুখমণ্ডলৰ ৰংও বঢ়ায়। ই সূৰ্যৰ ক্ষতি প্ৰতিহত কৰিব পাৰে।
👉মুখমণ্ডলৰ উজ্জ্বলতা বৃদ্ধি কৰিবলৈ আৰু দাগৰ পৰা পৰিত্ৰাণ পাবলৈ দৈ এটা ভাল বিকল্প। ইয়াত থকা প্ৰ’টিন আৰু অন্যান্য পুষ্টিয়ে ছালক পুষ্টি প্ৰদান কৰে। যদি দৈপানী চেপি দিয়া হয় আৰু প্ৰভাৱিত এলেকাত এঘণ্টা থাকিবলৈ দিয়া হয়, ক’লা দাগবোৰ সোনকালেই পাতল হ’ব। এইটো সপ্তাহত দুবাৰ কৰক।