Sankardev Natun Assam |
What is the first Borgeet ?
The first song in 1515 was composed by the Shrimant Shankardev. Mann Meri Ram Charanhi Lagu-Mahapurush Shrimant Shankardev First Borgeet of Sri Manta Sankardev
অসমৰ নৱ-বৈষ্ণৱ ধৰ্মৰ হোতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত, উচ্চ আধ্যাত্মিক ভাৱপূৰ্ণ, নিৰ্দিষ্ট ৰাগ বিশিষ্ট, এক বিশেষ শৈলীৰে গোৱা গীতসমূহকেই বৰগীত (ইংৰাজী: Borgeet) বোলা হয়। বৰগীতসমূহ শ্ৰীকৃষ্ণৰ ভক্তিৰ ব্যাখ্যাৰে ব্ৰজাৱলী ভাষা (ব্ৰজবুলি)ত ৰচিত। মহাপুৰুষ দুজনাই তেওঁলোকে ৰচনা কৰা গীত সমূহক বৰগীত হিচাপে নামকৰণ কৰা নাছিল। পৰবৰ্তী কালত তেওঁলোকৰ শিষ্য সকলে গীতসমূহক “বৰগীত” হিচাপে নামকৰণ কৰিছিল। বাণীকান্ত কাকতিয়ে ইংৰাজীত বৰগীতক noble numbers, কালিৰাম মেধিয়ে great songs বা songs celestial আৰু দেৱেন্দ্ৰনাথ বেজবৰুৱাই holy songs আখ্যা দিছে।
শংকৰদেৱে ৰচনা কৰা মুঠ ডেৰকুৰি (ত্ৰিশ)টা গীতৰ সংগ্ৰহ পোৱা যায়। চৰিত পুথি মতে, তেখেতে বাৰ কুৰি (দুশ চল্লিশ) বৰগীত ৰচনা কৰিছিল কিন্তু দুৰ্ভাগ্যক্ৰমে বনপোৰা জুয়ে সেই বৰগীত সমূহ নষ্ট কৰে।[4] মাধৱদেৱে বাৰকুৰি (দুশ চল্লিশ) গীত ৰচনা কৰিছিল বুলি প্ৰবাদ আছে যদিও বৰ্তমান সৰ্বমুঠ নকুৰি (এশ আশী) মান গীতহে উপলব্ধ। অৱশ্যে ইয়াৰ ভিতৰত কিছু সংখ্যক অংকীয়া নাটৰ গীতো সন্নিৱিষ্ট হৈ আছে।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেবে ১৫১৫ খৃঃ ত প্ৰথমটো বৰগীত মন মেৰি ৰাম চৰণহি লাগুৰ ৰচনা কৰিছিল । সেয়া আছিল গুৰুজনাৰ প্ৰথম তীৰ্থ ভ্ৰমণৰ সময়। ধনশ্ৰী ৰাগ ভিত্তিক এই গীতৰ ৰচনাৰ স্থান বদৰিকাশ্ৰম বুলি অনুমেয়। বদৰিকা আশ্ৰমত গুৰুজন থাকোঁতে ঘটা এটা ঘটনাৰ উল্লেখ গুৰু চৰিতত পোৱা যায়। ‘’..গৈ বদৰিকাশ্ৰমে উঠি উদ্ধৱক দৰশন হৈছেগৈ। তাত দক্ষিণ বাহুত বাঢ়িছে মাংস। সৰ্ব্বজয় আতৈ বোলে, কিবা হব হে। গুৰু বোলে আমাৰ সখা ইষ্ট এজন পুৰুষ মাধৱ নামে জন্মিছে। ’’…ইয়াৰ পৰা এইটো অনুমেয় যে গুৰুজনাৰ প্ৰথম বৰগীত ৰচনাৰ কাল, মাধৱ পুৰুষৰ জন্মৰ প্ৰায় সমসাময়িক।
মন মেৰি ৰাম চৰণহি লাগু
ৰাগ – ধনশ্ৰী
ধ্ৰুং ।। মন মেৰি ৰাম চৰণহি লাগু।
তই দেখনা অন্তক আগু।।
পদ ।। মন আয়ু ক্ষণে ক্ষণে টুটে।
দেহ প্ৰাণ কোনদিন ছুটে।।
মন কাল অজগৰে গিলে।
জান তিলকে মৰণ মিলে।।
মন নিশ্চয় পতন কায়া।
তই ৰাম ভজ তেজি মায়া।।
ৰে মন ই সব বিষয় ধান্ধা।
কেনে দেখি নেদেখস আন্ধা।।
মন সুখে পাৰ কৈচে নিন্দ।
তই চেতিয়া চিন্ত গোবিন্দ।।
মন জানিয়া শঙ্কৰে কহে।
দেখ ৰাম বিনে গতি নহে।।