প্ৰতি সপ্তাহৰ হোৱাৰ দৰে চলিত সপ্তাহৰো আজিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক অনুষ্ঠিত হয় । আজিৰ কেবিনেট বৈঠকত বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
◽সমবায়সমূহে প্ৰতিবছৰে পাঁচ লাখকৈ মঞ্জুৰী পাব ৷ ১৬ জিলাত সমবায়সমূহে ট্ৰেন্সপৰ্টেচনৰ সুবিধা পাব।
◽আৰক্ষী জোৱান সকললৈ বছৰি এমাহ পাব ছুটি।
◽ পদ্ম হাজৰিকাৰ অধ্যক্ষতাত ছিপাঝাৰৰ গৰুখুটিত ৭৭ হাজাৰ বিঘা মাটিত খেতি কৰাৰ বাবে যি দায়িত্ব দিয়া হৈছিল, তেওঁ আজিৰ পৰা কেবিনেট মৰ্যাদা পাব ৷ গৰুখুটিৰ পিছত পৰ্যায়ক্ৰমে তেওঁ আন দায়িত্ব পাব।
◽ মোবাইল টাৱাৰ স্থাপনৰ সিদ্ধান্ত ৷ যাতে কোনো অঞ্চলৰ ছাত্ৰছাত্ৰীয়ে নেটৱৰ্ক পাই ৷ আৰু অনলাইন ক্লাছ কৰিব পাৰে।
◽ কেবিনেটত লোৱা সিদ্ধান্ত বোৰ বিভাগসমূহে কাৰ্যকৰী কৰিছেনে নাই তাক পৰ্যালোচনা কৰিব তিনিজনীয়া মন্ত্ৰীৰ কমিটী গঠন। কমিটীত থাকিব চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা আৰু ডা° ৰণোজ পেগু ৷
◽প্রতি কুইণ্টল চাউলৰ বাবদ সুলভ মূল্যৰ দোকানক দিয়া হ’ব ১৪৩ টকাৰ কমিছন।