সোমবাৰে অসম আৰক্ষীৰ OC সকলৰ সৈতে এখন কনফাৰেন্সত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক উদ্দেশ্যি বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
অহা তিনি মাহৰ ভিতৰত প্ৰতিখন থানালৈ আমি এখনকৈ গাড়ী প্রদান কৰা হব । লগতে প্ৰতি বছৰে দুই লাখ ৫০ হাজাৰকৈ টকা পাব থানাই। লগতে তিনিটাকৈ কম্পিউটাৰ দিয়া হব। এজন OC আৰু চাৰি জন SI থাকিব পৰাকৈ কোৱাৰ্টাৰ বনোৱাৰ ব্যবস্থা কৰি দিয়া হব ৷ এতিয়াৰ পৰা এখন থানাত দুবছৰতকৈ অধিক সময় থাকিব নোৱাৰিব OC-য়ে। প্ৰতি দুবছৰৰ মূৰে মূৰে OC সকল বদলি হ’ব ৷ আৰু ইয়াত কোনো ধৰণৰ ৰাজনৈতিক হেঁচা নাথাকিব ৷পাৰদৰ্শিতাৰ ওপৰত নিৰ্ভৰ কৰিহে পৰৱৰ্তী বদলি কৰা হ’ব।
সোণ ধৰিলেই আধা সোণ লুকুৱাই গহনা বনাই , লগতে পুলিচ Verification ত হোৱা পলমৰ কথা কয় । কাৰোৰে পৰা চাহ নাখাব। দৰকাৰ হ’লে একাপ খোৱাব। পাৰ্চপোৰ্টৰ ভেৰিফিকেচনৰ ক্ষেত্ৰত যিসকল মানুহৰ ওপৰত সন্দেহ নাই, তেওঁলোকৰ ৰিপৰ্ট দিওঁতে দেৰি নকৰিব।Death Certificate ঘৰত দি থৈ আহিব কয় ৷
‘ধৰ্ষণকাৰীৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ কৰিব নোৱাৰিব আৰক্ষীয়ে। কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগিব ধৰ্ষণকাৰীক। ধৰ্ষণকাৰীৰ কোনো জাতি ধৰ্ম নাই, ছমাহৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰিব লাগিব। কেচ পেণ্ডিং pending নাৰাখিব । অসম আৰক্ষীক আমি এটা ‘professional organization’ হিচাপে গঢ় দিয়াৰ চেষ্টা কৰা হৈছে । লগতে কয় যে, ‘থানাৰ প্ৰতিটো গোচৰৰ দায়িত্ব OC সকলৰ। প্ৰতিটো গোচৰত জনসাধাৰণক বিশ্বাস প্ৰদানৰ দায়িত্ব OC সকলৰ।