মহিলা সংৰক্ষণ বিধেয়ক এতিয়া আইনত পৰিণত, অনুমোদন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ । লোকসভাৰ লগতে ৰাজ্য বিধানসভাতো মহিলাক ৩৩ শতাংশ সংৰক্ষণ দিয়াৰ ব্যৱস্থা আছে।

Date:

- Advertisement -

- Advertisement -

মহিলা সংৰক্ষণ বিধেয়কখনে ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰিলে। শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰেও এই সন্দৰ্ভত এক অধিসূচনা জাৰি কৰিছে। বিধেয়কখনত লোকসভাৰ লগতে ৰাজ্য বিধানসভাতো মহিলাক ৩৩ শতাংশ সংৰক্ষণ দিয়াৰ ব্যৱস্থা আছে।

শুকুৰবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মহিলা সংৰক্ষণ বিধেয়ক অৰ্থাৎ নাৰী শক্তি বন্দন আইনত অনুমোদন জনায়। ৰাষ্ট্ৰপতিৰ অনুমোদনৰ লগে লগে এতিয়া ই এক আইনত পৰিণত হৈছে। এই বিধেয়কখন সদ্য সমাপ্ত সংসদৰ বিশেষ অধিৱেশনৰ সময়ত মোডী চৰকাৰে সংসদত উত্থাপন কৰিছিল। বিধেয়কখনৰ ওপৰত আলোচনাৰ অন্তত দুয়োটা সদনৰ অনুমোদন লাভ কৰাৰ পিছত ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হয়। বিধেয়কখনত লোকসভা আৰু ৰাজ্যিক বিধানসভাত মহিলাক ৩৩ শতাংশ সংৰক্ষণ দিয়াৰ ব্যৱস্থা আছে।

সংসদে গৃহীত মহিলা সংৰক্ষণ বিধেয়কখন ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰাৰ পূৰ্বে বৃহস্পতিবাৰে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে বিধেয়কখনত স্বাক্ষৰ কৰিছিল। লোকসভাৰ দৰেই এই সংবিধান সংশোধনী বিধেয়কখনো ৰাজ্যসভাৰ বিশেষ অধিৱেশনৰ সময়ত প্ৰায় সৰ্বসন্মতিক্ৰমে গৃহীত হৈছিল। ইয়াৰ পূৰ্বেও এই বিধেয়কখন সংসদত কেইবাবাৰো দাখিল কৰা হৈছিল যদিও তেতিয়া ৰাজনৈতিক দলসমূহৰ মাজত একমত হ’ব পৰা নাছিল।

- Advertisement -

মহিলা সংৰক্ষণ বিধেয়কখনে নিশ্চিতভাৱে ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰিছে, কিন্তু এই আইন কাৰ্যকৰী হ’বলৈ সময় লাগিব কাৰণ পৰৱৰ্তী লোকপিয়লৰ পিছত লোকসভা আৰু বিধানসভা সমষ্টিৰ সীমা নিৰ্ধাৰণ কৰা হ’ব, তাৰ পিছতহে সংৰক্ষণৰ প্ৰক্ৰিয়া আগবাঢ়িব। এই আইন ২০২৯ চনৰ পৰা বলবৎ হ’ব পাৰে বুলি অনুমান কৰা হৈছে।

- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Chandrayaan-3 : চন্দ্ৰযান-৩ অৱতৰণ স্থানৰ নাম ‘শিৱ শক্তি’ আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংঘৰ ( International Astronomical Union ) অনুমোদিত

Chandrayaan-3 চন্দ্ৰযান-৩ অৱতৰণ স্থানৰ নাম 'শিৱ শক্তি' আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান...

PM Surya Ghar Muft Bijli Yojana Assam : প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ বাবে অসম চৰকাৰে দিব ৰাজসাহায্য।

প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ বাবে অসম চৰকাৰে দিব ৰাজসাহায্য।...

What is CAA । নাগৰিকত্ব সংশোধনী আইন বা CAA কি? এই বিষয়ে ইমান বিতৰ্ক কিয় ?

What is CAA : ভাৰতত কাৰ্যকৰী কৰা হৈছে নাগৰিকত্ব...