ঢেঁকীয়া শাক : অসমৰ বিখ্যাত এবিধ শাক ৷ জানো আহক ৷

Date:

- Advertisement -

- Advertisement -

আমাৰ অসম তথা ভাৰতবৰ্ষৰ কোনো ঠাইতেই ঢেঁকীয়া শাক কৃষি ভিত্তিত গঢ় লৈ উঠা নাই বাবে ই সকলো ধৰণৰ ৰাসায়নিক সাৰ তথা কীট নাশক ঔষধৰ পৰা সৰ্বথা মুক্ত ৷ অন্য শাক-পাচলিৰ খেতিত যথেষ্ট পৰিমানে ৰাসায়নিক সাৰ, ভিটামিন, কীট নাশক ঔষধ প্ৰয়োগৰ ওপৰিও শীতলীকৰণ বা দীৰ্ঘ দিনৰ বাবে সংৰক্ষণ কৰিবৰ বাবে ব্যৱহাৰ কৰা ঔষধৰ ফলত খোৱাৰ প্ৰায় অনুপযোগী বা স্বাস্থ্যৰ বাবে হানিকাৰক হৈ পৰে । ঢেঁকীয়াত প্ৰটিন, ভিটামিন এ, ভিটামিন বি কম্প্লেক্স, ভিটামিন চি, ভিটামিন ই, বিতা কেৰোটিন, এন্টিঅক্সিডেন্ট, কেলচিয়াম, আইৰণ, ফছফৰাছ ইত্যাদি পোৱা যায়।

১. লিভাৰৰ চিৰচিচ, লিভাৰৰ অসুখত উপযোগী ।

- Advertisement -

২. নানান কাৰণত দেখা দিয়া জণ্ডিচ, টিউমাৰ, ভাইৰাচজনিত ৰোগত উপকাৰী ।

৩. পাক প্ৰণালীত – ৰুচি বঢ়ায়, শৌচ-কচা আঁতৰায় ৷

৪. ফিটা পেলুৰ চিকিৎসাত প্ৰমাণিত৷

৫. ডায়েবেটিজৰ উপযোগী শাক ৷

- Advertisement -

৬. ভিটামিন এ থকা বাবে দৃষ্টিশক্তিৰ উন্নতি সাধে ৷

৭. উচ্চ ৰক্তচাপ কমোৱাত পটেচিয়ামে ভূমিকা লয় ৷

৮. কেঞ্চাৰ, হাওঁফাওঁ, বক্ষ আৰু মুখৰ ছালৰ কৰ্কটৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷

৯. মহিলাৰ স্তনৰ ৰোগ – প্ৰসৱৰ পিছত হোৱা স্তনৰ বিষ, স্তনাগ্ৰ ফাটি যোৱাত ঢেঁকীয়াৰ শিপাৰে চিকিৎসা দিয়া হয় ৷ ঢেঁকীয়া খালে মাতৃদুগ্ধৰ উন্নতি ঘটে ৷

১০. বক্ষৰোগ, কাঁহ – শ্বাসজনিত ৰোগৰ উপশম হয় ৷

১১. ঢেঁকীয়া শাকৰ বাতনাশক গুণ আছে ৷

১২. শক্তিবৰ্ধক আৰু যৌনদূৰ্বলতা আঁতৰ কৰাত সহায়ক ৷

১৩. ঢেঁকীয়াৰ শিপাৰ গুড়িৰ পাউদাৰ লগালে ঘা শুকায় ৷

১৪. ঢেঁকীয়া শাকৰ বিকিৰণ ৰোধক গুণ (Ant radiation power )আছে বুলি চিনাক্ত হৈছে ৷

১৫. ই অতি সুলভ মূল্যত উপলব্ধ উচ্চমানৰ প্ৰটিন ভিটামিনযুক্ত অনেক গুণকাৰী স্বাদিষ্ট খাদ্য ।

১৬. কেলচিয়াম, ফচফৰাছ থকা বাবে হাড়ৰ গঠনৰ বাবে উপকাৰী।

১৭. জীৱণুনাশক গুণ থকা আৰু স্বভাৱত শীতল হোৱা বাবে প্ৰস্ৰাৱৰ সমস্যা যেনে মূত্ৰনলীৰ সংক্ৰমণ বা ইউৰিনাৰী ট্ৰেক্ট ইনফেক্সন (UTI)ত উপকাৰী।

MUST READ  আপুনি কেনেকৈ হোৱাটছএপত নম্বৰ Save নকৰাকৈ মেচেজ প্ৰেৰণ কৰিব?

১৮. বিতা কেৰোটিন, ভিটামিন চি থকা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে।

১৯. ৰুচি বৰ্ধক, আৰু কোষ্ঠকাঠিন্য দুৰ কৰে।

২০. পেলুৰ সমস্যাত ঢেঁকীয়া শাক উপকাৰী।

ঢেঁকীয়াত থকা লাগতিয়াল তত্ব সমূহ হৈছে…

 উৰ্জা : ১০০গ্ৰাম ঢেকীয়াত ৩৫ শতাংশ কেলৰি, কাৰ্বোহাইড্ৰেট – ৪ শতাংশ, প্ৰটিন- ৮ শতাংশ, ফেট – ২শতাংশ, কলেষ্টৰল ০, ভিটামিন – এ, ভিটামিন – বি (গোট), ভিটামিন – চি; চডিয়াম ১ শতাংশৰো কম, পটাচিয়াম ৮ শতাংশ; মিনাৰেল কেলচিয়াম ৩ শতাংশ, ক’পাৰ ৩৫ শতাংশ, আইৰণ ১৬ শতাংশ, মেগনেচিয়াম ৮-৫ শতাংশ, মেংগানিজ ২২ শতাংশ, জিংক ৭-৫ শতাংশ আৰু চেলেনিয়াম ১ শতাংশ ৷ আৰু আছে বিটা-কেৰটিন, এন্টিঅক্সিডেন্ট, অমেগা-৩, অমেগা – ৬ আৰু লাগতিয়াল ফেটি এচিড ৷

- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related