আজিৰ মুখ্য খবৰ

Date:

- Advertisement -

২৮ মে ২০২১ শুক্ৰবাৰ


Refresh কৰক 

👉DRDOৰ কোৰোণা ঔষধ 2-DG  শীঘ্ৰেই  বজাৰত উপলব্ধ হ’ব। এই ঔষধৰ ক্লিনিকেল পৰীক্ষণত চিকিৎসাধীন ৰোগীৰ সোনকালে আৰোগ্য লাভ আৰু কৃত্ৰিম অক্সিজেনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস হোৱা দেখা গৈছে। তাৰ প্ৰতি লক্ষ্য ৰাখি এই ঔষধৰ ১০,০০০ পেকেট বজাৰত উপলব্ধ হ’ব। প্ৰতি পেকেটত দাম হ’ব ৯৯০টকা হব । ডক্টৰ ৰেড্ডী য়ে ইয়াৰ উৎপাদন কৰিব।

👉আকাশমাৰ্গেৰে ঘূৰ্ণী বতাহ য়াছে প্ৰভাৱিত কৰা পশ্চিম বংগ আৰু ওড়িশাৰ পৰিস্থিতিৰ বুজ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে ।প্ৰধানমন্ত্ৰী মোদীয়ে তৎকালে ১ হাজাৰ কোটি টকাৰ সাহায্য পেকেজ ঘোষণা কৰে । ইয়াৰে ৫০০ কোটি ওড়িশা আৰু ৫০০ কোটি পশ্চিম বংগ আৰু ঝাৰখণ্ডৰ বাবে আগবঢ়োৱা হৈছে। 

👉UK Government য়ে শুকুৰবাৰে ফাৰ্মা কোম্পানী জনছন এণ্ড জনছনৰ ছিংগল শ্বট ভেকচিন (Single Shot Vaccine)ত অনুমোদন জনায়।চৰকাৰৰ মতে, অহা মাহত ছিংগল শ্বট ভেকচিনৰ বাবে টিকাকৰণ অভিযানত বৃহৎ অগ্ৰগতি লাভ কৰিব পৰা যাব। বৰ্তমান ব্ৰিটেইনে এই ভেকচিনৰ ২ কোটি ড’জ অৰ্ডাৰ কৰিছে।
👉দেশজুৰি ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা সামান্য নিম্নগামী হ’লেও দেশত ক’ভিড–১৯ নির্দেশনা পূর্বৰ দৰে বাহাল থাকিব৷ এই মর্মে ক’ভিড–১৯ নির্দেশনা ৩০ জুনলৈকে বাহাল থাকিব৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ে আজি চলিত ক’ভিড–১৯ নির্দেশনা অহা ৩০ জুনলৈকে বাহাল ৰাখিবলৈ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহলৈ নির্দেশ দিছে৷
👉the Narcotics Control Bureau (NCB) য়ে সুশান্ত সিং ৰাজপুতৰ ফ্লেট বন্ধু সিদ্ধাৰ্থ পিতানীক ড্ৰাগছ সম্পৰ্কীয় এটা গোচৰত গ্ৰেপ্তাৰ কৰিছে। ‘পিথানিক হায়দৰাবাদৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে,’ এনচিবিৰ এজন বিষয়াই নিশ্চিত কৰিছে।

👉অসমত আকৌ ৫৭০৪জন কোৰোনাত আক্ৰান্ত হৈছে। আনহাতে কোৰোনাত আক্ৰান্ত ৮৩জনৰ মৃত্যু হৈছে । ১১৯৪৪১গৰাকীৰ কোভিড টেষ্ট কৰা হয়। কোভিডত আক্ৰান্ত সংক্ৰমণৰ হাৰ ৪.৭৮ শতাংশ। আনহাতে কোভিড সুস্থতাৰ হাৰ আছিল ৮৫.৩৯ শতাংশ।দিনটোত মহানগৰখনত আক্ৰান্ত হৈছে ৫৬৯গৰাকী লোক।

👉নাৰী নিৰ্যাতন কাণ্ডৰ লগত জড়িত ৫ অপৰাধী গ্ৰেপ্তাৰ
 বাংগালোৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে অপৰাধী কেইটাক ।
কেৰালাত এগৰাকী যুৱতীক যৌন নিৰ্যাতন চলাইছিল আৰু ভাইৰেল কৰিছিল ভিডিঅ’।ইফালে, ভিডিঅ’টোত দেখা গৈছে যে, যুৱতীগৰাকীক নিৰ্যাতন চলাইছিল চাৰিজন যুৱকৰ সৈতে এগৰাকী যুৱতীয়েও ।
👉গহপৰুত আৰক্ষীৰ অভিযানত ১৪জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে । বৃহস্পতিবাৰে গহপুৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ নেতৃত্বত গহপুৰ আৰক্ষীয়ে এক সফল অভিযান চলাই ড্ৰাগছ ব্যৱসায়ী চক্ৰৰ লগত জড়িত থকা সৰ্বমুঠ ১৪ জনক গ্রপ্তাৰ কৰিছে ৷

👉ডুবাইৰ আইবা এছিয়ান বক্সিঙৰ ফাইনেলত প্ৰৱেশ বক্সাৰ মেৰীকমৰ। ছেমি ফাইনেলত প্ৰৱেশ অসমৰ শিৱ থাপা, লাভলিনা বৰগোঁহাইৰ ৷

👉বিজেপিলৈ দৰঙাজুলিৰ বিপিএফৰ এমচিএলএ বিজিৎ গৌৰা নাৰ্জাৰী মহানগৰীৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত সম্পন্ন হয় যোগদান অনুষ্ঠান। যোগদান কাৰ্যসূচীত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাস, বিজেপিৰ সাংসদ পল্লৱ লোচন দাস। 
MUST READ  আজিৰ মুখ্য খবৰ পঢ়ক মাত্ৰ ১ মিনিটত Top Headlines
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Parliament Session 2024 : কেনেদৰে শপত গ্ৰহণ কৰিব কাৰাগাৰত থকা সাংসদসকলে? এই সম্পৰ্কে কি নিয়ম

কাৰাগাৰত থকা সাংসদে কেনেদৰে শপত গ্ৰহণ কৰেঃ লোকসভা নিৰ্বাচনৰ অন্ত...

Video : শ্ৰী কৃষ্ণ গোবিন্দ হৰে মুৰাৰী… প্ৰসৱৰ সময়ত ভজন গোৱা দেখা গল মহিলা, ভিডিঅ’ চাওক

Woman Singing Bhajan: ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে এটা অতি মৰমলগা...

History Of Nalanda University (নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস): প্ৰাচীন শিক্ষাৰ গৌৰৱ আৰু পুনৰজীৱন

নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস History Of Nalanda University : ৫ম শতাব্দীত...