আজিৰ মুখ্য খবৰ । পঢ়ক মাত্র ১ মিনিটত ৷ Top Headlines in one minute

Date:

- Advertisement -

👉 কালি  ৩২৪৫ জন  নতুন কৈ কভিড ১৯ ত আক্ৰান্ত হয় । কালিৰ দিনটোত আক্ৰান্ত হাৰ আছিল ৪.৫৩ % । কালি ৭১৫৯৮ জনৰ টেষ্ট কৰা হৈছিল । কালিৰ দিনটোত মৃত্যু হয় ৫৫ জনৰ । কামৰূপ মেট্ৰো আক্ৰান্ত হয় ৪২২ জন ।


👉অসম আৰক্ষীত ব্যাপক সালসলনি কৰা হৈছে। তিনিচুকীয়াৰ ডিএছপি (HQ) দীপক তামুলীক গোলাঘাটৰ ডিএছপি (ডিএছবি)লৈ বদলি কৰা হৈছে। তিনিচুকীয়াৰ নতুন ডিএছপি(HQ) হ’ব হেমন্ত বড়ো।
. মহাৰাষ্ট্ৰত এতিয়ালৈকে ব্লেক ফাংগাছত আক্ৰান্ত তিনি হাজাৰ লোক।

👉পুনৰ ভূমিকম্পই জোকাৰিলে অসম। দেওবাৰে আবেলি প্ৰায় ২:২৩ বজাত ৪.১ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে অসম।
ভূমিকম্পৰ উৎপত্তিস্থল আছিল তেজপুৰৰ পৰা ৪০ কিলোমিটাৰ পশ্চিমে শিঙিমাৰি গাঁও।

👉ৰাজ্যৰ প্রান্তে প্রান্তে ড্রাগ্ছবিৰোধী অভিযান ত ড্রাগ্ছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে অসম আৰক্ষীয়ে জালুকবাৰী আৰু কামাখ্যা গেটৰ পৰা তিনিজন সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ লগতে ধুবুৰী নগাঁও যোৰহাট বাক্সা জিলাৰ পৰা ড্রাগ্ছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়।

👉১৫ জুনৰ পূর্বে ৰাজ্যত আনলকৰ সম্ভাৱনা নাই – মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা ।

👉অহা ৭ জুনলৈ ৰাজ্যত ক’ভিড পৰিৱেশ কিছু শাম কাটিব বুলি আশা কৰা হৈছে৷ অহা ৫ জুন পর্যন্ত ৰাজ্যখনত বাধা–নিষেধ বাহাল আছে৷ ৫ জুনৰ পাছতহে বাকী কথা ক’ব পৰা যাব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা কয় সংবাদ মেলত ।

👉৩ জুন লৈ অসমত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভৱনা ।

👉২১৫ টা শিশুৰ মৃতদেহ কানাডিয়ান বিদ্যালয় চৌহদত সমাধিস্থ কৰা অৱস্থাত পোৱা গৈছে। তাৰে কিছুমান হৈছে ৩ বছৰ বয়সলৈকে শিশুৰ শৰীৰ। এই বিদ্যালয়খন এসময়ত কানাডাৰ সৰ্ববৃহৎ আৱাসিক বিদ্যালয় (আৱাসিক বিদ্যালয়) হিচাপে গণ্য কৰা হৈছিল। এজন বিষয়াই কৈছিল যে মৃতদেহবোৰ যোৱা সপ্তাহত গ্ৰাউণ্ড পেনিট্ৰেটিং ৰাডাৰৰ সহযোগত বিচাৰি উলিওৱা হৈছিল।

👉ডুবাইত অনুষ্ঠিত ফাইনেলত পৰাস্ত হ’ল মেৰী কম।কাজাখাস্তানৰ নাজিম কিজাইবাইৰ হাতত পৰাস্ত হয়। ৫১-কেজি শাখাৰ ফাইনেলত ৰূপৰ পদক লাভ কৰিব  লগা হ’ল মেৰী কম।

👉 দেওবাৰে ৭ বছৰ সম্পূর্ণ কৰিলে NDA চৰকাৰে ৷ 

👉 মহানগৰীত ৰেপিড চালকৰ ৰূপত দূর্ধষ উগ্ৰপন্থী NLFB যুতীয়া সম্পাদক ক গ্রেপ্তাৰ I

👉 সেনা বাহিনীত যোগদান নিকিতা কৌলৰ ৷২০১৯ চনত পুলৱামা আক্ৰমণত শ্বহীদ হোৱা মেজৰ বিভূতি শংকৰ দণ্ডডিয়াল পত্নী নিকিতা কৌলে সেনাবাহিনীত যোগদান কৰিছে ৷

👉দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীয়ে প্ৰতিগৰাকী কৰোনা যোদ্ধাক ধন্যবাদ দিয়ে ৷ফ্ৰণ্টলাইন কৰ্মীসকলে কোভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিয়াত এক উল্লেখযোগ্য ভূমিকা পালন কৰিছে বুলি কয় ৷ লগতে দুটা ডাঙৰ ঘূৰ্ণীবতাহৰ বিষয়ে কয় ৷
👉 তৃতীয় বাৰৰ বাবে বিবাহ শাপত আবদ্ধ হয় ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন প্ৰেয়সী কেৰী ছাইমণ্ডছৰ সৈতে গোপনে আৱদ্ধ হ’ল বিবাহ পাশত। 
👉 ৰাজ্যত black fungus ত আক্রন্ত হৈছে দ্বিতীয় জন লোক শিলচৰ মেডিকেলত ধৰা পৰিছে দ্বিতীয় জন ব্যক্তি ৷
MUST READ  PM Modi Foreign Visits : তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ লগে লগে মোডীয়ে প্ৰথমে ইটালী ভ্ৰমণ কৰিব, জানি লওক তেওঁ আন কোনখন দেশ ভ্ৰমণ কৰিব
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Parliament Session 2024 : কেনেদৰে শপত গ্ৰহণ কৰিব কাৰাগাৰত থকা সাংসদসকলে? এই সম্পৰ্কে কি নিয়ম

কাৰাগাৰত থকা সাংসদে কেনেদৰে শপত গ্ৰহণ কৰেঃ লোকসভা নিৰ্বাচনৰ অন্ত...

Video : শ্ৰী কৃষ্ণ গোবিন্দ হৰে মুৰাৰী… প্ৰসৱৰ সময়ত ভজন গোৱা দেখা গল মহিলা, ভিডিঅ’ চাওক

Woman Singing Bhajan: ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে এটা অতি মৰমলগা...

History Of Nalanda University (নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস): প্ৰাচীন শিক্ষাৰ গৌৰৱ আৰু পুনৰজীৱন

নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস History Of Nalanda University : ৫ম শতাব্দীত...