আজিৰ মুখ্য খবৰ । পঢ়ক মাত্র ১ মিনিটত ৷ Top Headlines in one minute

Date:

- Advertisement -
👉 দিল্লীত ৭ জুন লৈ কাৰ্ফিউ বৃদ্ধি ।
👉শনিবাৰে মুঠ ১,১৬,৫৬২ জনৰ COVID TEST কৰা হৈছিল আৰু ইয়াৰে ৫,৬১৩জনৰ ফলাফল পজিটিভ আহে।শনিবাৰে আক্ৰান্তৰ হাৰ হৈছে ৪.৮২ শতাংশ। বিগত ২৪ ঘণ্টাত ৭৭জন লোকে প্ৰাণ হেৰুৱায়। দিনটোত সৰ্বাধিক আক্ৰান্ত হৈছে কামৰূপ মহানগৰ জিলাত ৫৮০ জন।
👉দ্বিতীয়বাৰৰ বাবে অনিশ্চয়তাত অম্বুবাচী মেলা। কোভিডসৃষ্ট পৰিস্থিতিৰ বাবে এতিয়া স্তব্ধ হৈ পৰিছে নীলাচল।
👉শনিবাৰে মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হয় সমাজ কল্য়ান বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ বহু কেইটা গুৰুত্বপূৰ্ণ আৰু কঠোৰ নিৰ্দেশনা জাৰি কৰে।জন্মৰ পৰা ছয় বছৰৰ শিশুলৈ বছৰৰ ৩০০ দিনেই পুষ্টিকৰ খাদ্য যোগানৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।সমাজ কল্যাণ বিভাগৰ যিসকল CDPO-এ বৰ্তমানৰ কৰ্তব্যস্থলীত তিনিবছৰ অতিক্ৰম কৰিলে; সকলোকে বদলি কৰাৰ নিৰ্দেশ ৷FCIৰ পৰা চাউল ক্ৰয় কৰাৰ নিৰ্দেশ।ঠিকাদাৰসকলক নাকি লগাবলৈ আৰু অসাধু ঠিকাদাৰক সমাজ কল্যাণ বিভাগৰ পৰা আঁতৰাবলৈ নিৰ্দেশ।
👉বেঙ্কিং নিয়ন্ত্ৰণ আইনৰ ধাৰা ৬(২) আৰু ধাৰা ৮-ৰ বিধান উলংঘন কৰাৰ বাবে ১০ কোটি টকাৰ জৰিমনা আৰোপ কৰা হৈছে HDFC বেংকক ।
👉যিসকল শিশুৱে পিতৃ-মাতৃ বা পৰিয়ালৰ মুখ্য উপাৰ্জনকাৰীক হেৰুৱালে, বা বৰ্তমান পিতৃ-মাতৃক হেৰুৱাই ছে পৰিয়ালৰ আন সম্পৰ্কীয় লোকৰ সৈতে আছে, সেইসকল শিশুৱে প্ৰতিমাহে শিক্ষাৰ বাবে লাভ কৰিব ৩৫০০ টকাকৈ। শিশুৰ নিয়োগ নিশ্চিত নোহোৱালৈকে চৰকাৰে প্ৰদান কৰিব এই ধনৰাশি।কিন্তু যিসকল শিশুৰ সম্পৰ্কীয় কোনো নাই, সেইসকলক ৩৫০০ টকা দিয়াৰ পৰিৱৰ্তে গোৱালপাৰা সৈনিক স্কুল, নবোদয় বিদ্যালয় বা কস্তৰ্ভা গান্ধীৰ দৰে আৱাসীক বিদ্যালয়ত পঢ়া শুনা কৰোৱাৰ ব্যৱস্থা কৰিব ৷ লগতে লেপটপ দিয়াৰ ব্যৱস্থথা কৰিব ৷ বিিয়াৰ বাবে উপযুক্ত হোৱা ছোৱালীক ১ তোলা সোণৰ উপৰি ৫০ হাজাৰকৈ টকা দিযা হব।
👉অসমৰ  প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক পুনৰ হাস্পতালত ভৰ্তি
স্বাস্থ্যজনিত সমস্যাৰ বাবে অসমৰ  প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক আজি পুৱা পুনৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
👉বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন বলবৎ হোৱাৰ পূৰ্বেই চুবুৰীয়া দেশৰ ধৰ্মীয় সংখ্যালঘুক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ বাবে তৎপৰ হৈছে কেন্দ্ৰীয় চৰকাৰ। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এই সন্দৰ্ভত জাৰি কৰিছে এখন জাননী।
👉২০০৯ চনত নাগৰিকত্ব আইন ১৯৫৫চনৰ অধীনত প্ৰস্তুত কৰা নিয়ম অনুসৰি কেন্দ্রই ৫ ৰাজ্যৰ ১৫জিলাত বসবাস কৰি থকা আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ ধৰ্মীয় সংখ্যালঘুক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিবলৈ জাননী জাৰি কৰিছে ।
👉পাঁচ ৰাজ্য ক্ৰমে গুজৰাট, ছত্তীশগড়, পঞ্জাৱ, ৰাসস্থান, হাৰিয়ানাত থকা শৰনাৰ্থীয়ে কৰিব পাৰিব আবেদন। ইছলাম ধৰ্মৰ বাদে ৬ ধৰ্মৰ শৰনাৰ্থীয়ে কৰিব পাৰিব আবেদন।
👉তামুলপুৰৰ বিধায়ক লেহোৰাম বড়োৰ মৃত্যু। কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় বিধায়কগৰাকীৰ। কোভিডত আক্ৰান্ত হৈ জি এম চি এইচত সংকটজনক অৱস্থাত চিকিতসাধীন হৈ আছিল বিধায়কগৰাকী।
👉২০১৯ চনত পুলৱামা আক্ৰমণত শ্বহীদ হোৱা মেজৰ বিভূতি শংকৰ দণ্ডডিয়াল পত্নী নিকিতা কৌলে সেনাবাহিনীত যোগদান কৰিছে ৷
MUST READ  What is CAA । নাগৰিকত্ব সংশোধনী আইন বা CAA কি? এই বিষয়ে ইমান বিতৰ্ক কিয় ?
- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Parliament Session 2024 : কেনেদৰে শপত গ্ৰহণ কৰিব কাৰাগাৰত থকা সাংসদসকলে? এই সম্পৰ্কে কি নিয়ম

কাৰাগাৰত থকা সাংসদে কেনেদৰে শপত গ্ৰহণ কৰেঃ লোকসভা নিৰ্বাচনৰ অন্ত...

Video : শ্ৰী কৃষ্ণ গোবিন্দ হৰে মুৰাৰী… প্ৰসৱৰ সময়ত ভজন গোৱা দেখা গল মহিলা, ভিডিঅ’ চাওক

Woman Singing Bhajan: ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে এটা অতি মৰমলগা...

History Of Nalanda University (নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস): প্ৰাচীন শিক্ষাৰ গৌৰৱ আৰু পুনৰজীৱন

নালন্দা বিশ্ববিদ্যালয়ৰ ইতিহাস History Of Nalanda University : ৫ম শতাব্দীত...