Government Job: সলনি হ’ব ৰাজ্যৰ নিযুক্তি প্ৰক্ৰিয়াৰ পৰীক্ষা পদ্ধতি!

Date:

- Advertisement -

Assam Common Test


- Advertisement -

ৰাজ্য চৰকাৰে প্ৰথম বৰ্ষপূৰ্তিৰ ভিতৰত ৰাজ্যৰ এক লাখ নিবনুৱাৰ হাতত নিযুক্তিপত্ৰ তুলি দিব বুলি ইতিমধ্যে কথা দিছে। তাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা( Himanta Biswa Sarma)ই সকলো বিভাগতে খালী হৈ থকা পদৰ বিজ্ঞাপন প্ৰকাশ কৰিবলৈ নিৰ্দেশ দিছে। গঠন কৰি দিছে কমিটী। সেইদৰে স্বাস্থ্য বিভাগ, শিক্ষা বিভাগ আৰু গৃহ বিভাগে ইতিমধ্যে খালী পদৰ বাবে জাৰি কৰিছে বিজ্ঞাপন। জানিব পৰা মতে, আন আন বিভাগ সমূহেই শীঘ্ৰে প্ৰকাশ কৰিব বিভিন্ন বৰ্গত খালী হৈ থকা পদসমূহৰ বিজ্ঞাপন। পিছে তাৰ মাজতে অন্য এটা প্ৰসংগই বিশেষ চৰ্চা লাভ কৰিছে।(Government Job)

বিভিন্ন মিডিয়া ৰিপৰ্ট অনুসৰি, ৰাজ্য চৰকাৰে বিভিন্ন বিভাগৰ বাবে নিযুক্তি প্ৰক্ৰিয়াৰ পৰীক্ষা পদ্ধতি সলনি কৰাৰ চিন্তা চৰ্চা কৰিছে। নিযুক্তি প্ৰক্ৰিয়া খৰটকীয়া কৰিবলৈ এটাই Common Test অনুষ্ঠিত কৰাৰ চিন্তা-চৰ্চা কৰিছে। ফলত ২০২২ চনৰ পৰা সুকীয়া সুকীয়া কৈ বিভাগ সমূহে নিযুক্তি পৰীক্ষা অনুষ্ঠিত নকৰিব পাৰে।

- Advertisement -

তথ্য মতে,ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ আছে ১,১১,১৯১টা পদ। ইয়াৰে গ্ৰেড ১ৰ খালী পদৰ সংখ্যা ৩,৫৮৭টা। সেইদৰে গ্ৰেড ২ত খালী হৈ আছে ১০৯৪টা পদ। ইয়াৰ বাবে অসম লোকসেৱা আয়োগে বিভিন্ন পৰ্যায়ত পৰীক্ষা অনুষ্ঠিত কৰি আহিছে। কিন্তু এই নিযুক্তি প্ৰক্ৰিয়া খৰকটীয়া আৰু স্বচ্ছ কৰিবলৈ সুকীয়া পদ্ধতি চিন্তা কৰিছে ৰাজ্য চৰকাৰে। যিসমূহ পদৰ বাবে নূন্যতম শিক্ষাগত অৰ্হতা একেই হব, তাৰ বাবে APSCৰ জৰিয়তে ৰাজ্য চৰকাৰে Common Test অনুষ্ঠিত কৰিব পাৰে। সেইদৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত নিযুক্তিৰ ক্ষেত্ৰতো একেই নীতি ল’ব চৰকাৰে।

ইয়াৰ বাবে ৰাজ্য চৰকাৰে ইণ্টাৰনেট ৰিক্ৰুইটমেণ্ট কমিশ্যন গঠনৰ চিন্তা-চৰ্চা কৰিছে। আগন্তুক বিধানসভা অধিৱেশনত ৰাজ্য চৰকাৰে সবিশেষ জনাব পাৰে।

- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Subscribe

Popular

More like this
Related

Chandrayaan-3 : চন্দ্ৰযান-৩ অৱতৰণ স্থানৰ নাম ‘শিৱ শক্তি’ আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংঘৰ ( International Astronomical Union ) অনুমোদিত

Chandrayaan-3 চন্দ্ৰযান-৩ অৱতৰণ স্থানৰ নাম 'শিৱ শক্তি' আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান...

PM Surya Ghar Muft Bijli Yojana Assam : প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ বাবে অসম চৰকাৰে দিব ৰাজসাহায্য।

প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ বাবে অসম চৰকাৰে দিব ৰাজসাহায্য।...

What is CAA । নাগৰিকত্ব সংশোধনী আইন বা CAA কি? এই বিষয়ে ইমান বিতৰ্ক কিয় ?

What is CAA : ভাৰতত কাৰ্যকৰী কৰা হৈছে নাগৰিকত্ব...