Kati bihu is also called Kongali (“Poor”) as the granaries are usually empty and there is not much to eat at this time of the year .
( Kati Bihu is celebrated on the day of the month of Ahin and Kati.During this time the rice in the store is almost exhausted and there is a lot of time to harvest shali rice. Kati Bihu is also known as Kangali Bihu as it is celebrated at this time which is full of shortages and shortages.)
তুলসীৰ তলে তলে মৃগপহু চৰে……
তাকে দেখি ৰামচন্দ্ৰই ধনু-কাঁড় ধৰে…
অসমীয়া জনজীৱনক কাতি বিহুৰ প্ৰচলিত লোকাচাৰ সমূহে সুকীয়া মৰ্য্যাদা প্ৰদান কৰিছে । কৃষিজীৱী জনতাই কাতি বিহুকো ৰঙালী আৰু ভোগালী বিহুৰ দৰেই মৰম আৰু চেনেহৰ উমেৰে সাৱটি লৈছে। বিভিন্ন কৃষি সম্পৰ্কীয় বিশ্বাস, ধৰ্মীয় তথা আধ্যাত্মিক বিশ্বাস কাতি বিহুৰ স’তে নিবিড় ভাৱে জড়িত হৈ আছে(Assam Bihu )।
জেঠ, আহাৰ, শাওণ মাহ খেতিৰ বতৰ । মূৰৰ ঘাম মাটিত পেলাই হাড়ভাঙা পৰিশ্ৰমেৰে খেতিয়কে পথাৰ খনত ভূঁই ৰুই অন্ত কৰে । অন্তৰত হেঁপাহ, এদিন সোণ গুটিৰে ভঁৰাল ভৰিব, শেষ হ’ব অকালৰ দিন(Assamese traditional festival) । এই সপোন দেখা খেতিয়কে শৰতৰ বতৰত উৎফুল্লিত হয় । শইচৰ ফুল দুলে, সোণগুটি লাগিবৰ হয় ।
এনে সময়ত শস্যৰ নষ্টকাৰী কীট-পতংগৰো উৎপাত বেছি হয়, পোক-পৰুৱা, চৰাই-চিৰিকটি, নিগনি-এন্দুৰৰ লগতে প্ৰাকৃতিক উপসৰ্গ সমূহে নকৈ ফুলাম হৈ পৰা ধাননি ডৰাৰ যাতে অপকাৰ সাধিব নোৱাৰে, তাৰ বাবে খেতিয়ক সজাগ হয় । শস্যৰৰ নিৰাপত্তাৰ বাবে বিধি–বিধান পালন কৰে ।
অসমীয়া ৰাইজে কাতি বিহু ভোগ আৰু আনন্দৰ বিপৰীতে সীমিত ৰুপত অনুষ্টুপীয়াকৈ অনাড়ম্বৰ ভাৱে পালন কৰি আহিছে । এই সময়তে সৰহ ভাগ খেতিয়কৰ ভঁৰাল উদং হয়, অভাৱ – অনাটনে কৃষক ৰাইঅজক হেঁচি ধৰে । সেয়েহে নিৰানন্দ আৰু হতাশাৰ মাজতো কাতি বিহু প্ৰাচীন কালৰে পৰা কৃষিজীৱী গঞাই শস্যৰ মংগলৰ অৰ্থে বিবিধ নিয়মেৰে পালন কৰি আহিছে ।
কাতি বিহু বা কঙালী বিহু অসমৰ জাতীয় উৎসৱ বিহু তিনিটাৰ অন্যতম। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। এই সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু শালি ধান চপাবলৈ যথেষ্ট সময় থাকে। অভাৱ-অনাটনৰে ভৰা এই সময়ত উদযাপিত হোৱাৰ বাবে কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়।কঙালী বিহুত উলহ-মালহ বেছিকৈ নাথাকে, ভোগ-প্রাচুর্য ও নাথাকে। কিন্তু কঙালী বুলিলে এই বিহুটি তাৎপর্যহীন নহয়।ধর্মীয় আচাৰ-অনষ্ঠানেৰে শৰৎকলীয়া এই কাতি বিহ, যেন শৰৎ ৰ দৰে স্নিগ্ধ সমাহিত ৰূপত আবির্ভাব হয়। প্রাচুর্যৰ অহংকাৰ নাশ হ’লে মানুহৰ অন্তৰ আধ্যাত্মিকতাৰ জ্যোতিৰে আলোকিত হয়। কাতি মাহত কৃষিজীৱী অসমীয়াৰ ভৰাল উদং হৈ আহে, নতুন ফচল চপোৱাৰ দিনো নৌ হয়; এই বিহুত অসমীয়া মানুহে ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধূলি তাৰ গুৰিত চাকি জ্বলাই নাম গায়।এই বিহুৰ দিনা মানহে আকাশ-বঞ্চি জলায়। ইয়াৰ লগতে ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতিপথাৰত শস্যৰ মংগল কামনা কৰি লখিমী আদৰিবলৈ চাকি জ্বলায়। কোনো কোনো ঠাইত আকাশ বন্তিয়ো জ্বলোৱা হয়।ভ’ৰাল, ঢেকীশাল, ধোৱা চাং, ধাননি পথাৰত চাকি জ্বালায়।