বৰপেটা সত্ৰৰ দৈৱজ্ঞ ত্ৰিদীপ শৰ্মা দলৈয়ে বৰপেটা সত্ৰত বিহু গণনা বা বৰ্ষফল গণনা কৰে৷ নতুন অসমীয়া বছৰ ৰাজ্যখনৰ বাবে কেনেকুৱা হব , আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰ বাবে কেনেকুৱা হব এই বছৰ ?
দৈৱজ্ঞ ত্ৰিদীপ শৰ্মা দলৈয়ে কৰা গণনা অনুসৰি অসমৰ বাবে বছৰটো অশুভ বুলি কোৱা হৈছে ৷ এইবাৰ অসম দেশৰ ৰাশি হ’ল কর্কট৷ ৰাশিফল মতে, তৃতীয় স্থানত চন্দ্ৰ , পঞ্চমত কেতু, সপ্তম স্থানত শনি, অষ্টমত শুক্ৰ-মংগল, নৱমত বৃহস্পতি, দশমত ৰবি- বুধ, একাদশত ৰাহু অৱস্থান কৰিব যাৰ বাবে বছৰতো ৰাজ্যখনৰ কাৰণে ভাল নহব ৷ কাৰণ শনিৰ পূৰ্ণদৃষ্টি থাকিব আৰু ৮ জেঠৰ পৰা ৰাহু কৰ্মস্থানত আৰু কেতু বন্ধুস্থানত অৱস্থান কৰিব৷
এই বছৰটোত ৰাহু, কেতু আৰু শনিৰ দৃষ্টিৰ ফলত ৰাজ্যত যুদ্ধৰ পৰিবেশ স্তিত অৱস্থা দেখা যাব ৷ ৰাজ্যৰ প্ৰতিটো দলৰ মাজত বিবাদ সৃষ্টি হব পাৰে। ৰাহু শনিৰ দৃষ্টিৰ ফলত যানবাহন, ৰেল, বিমান দূৰ্ঘটনা, ৰক্তপাত, অগ্নিদাহ বিস্ফোৰণ, হত্যা লুন্ঠন অপৰহণ, দূৰ্ঘটনা, হিংসাত্মক কার্য্য-চোৰাং কাৰবাৰ, গুপ্তঘাট আৰু সন্ত্রাসবাদী মুলক কার্য্য বৃদ্ধি পাব।
এই বছৰটো মঙ্গলে ৰাজত্বভাৰ লোৱাত বানপানী, শিলাবৃষ্টি, বজ্ৰপাত, ঘূৰ্ণীবতাহে দেশত অশান্তিত পৰিবেশ বিৰাজ কৰিব আৰু প্ৰাকৃতিক দূৰ্যোগ আৰু ভূমিকম্পৰ যোগে ক্ষতিৰ যোগ ৷
শনি, মঙ্গলৰ ফলত ৰাজনৈতিক, অর্থনৈতিক আৰু খাদ্য সংকটে দেখা দিব আৰু দ্ৰব্যমূল্য বৃদ্ধিয়ে জনগণৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিব । ইপিনে কেতুৰ প্ৰভাৱত ৰাজনৈতিক নেতা, বিশিষ্ঠ লোকৰ বুদ্ধি নাশ যোগ পৰিলক্ষিত হৈছে। ছাত্ৰসন্থাৰ বিক্ষোভ, আন্দোলন আদি বৃদ্ধি পাব যদিও ৰাহুৰ কু-প্ৰভাৱত ছাত্ৰ সন্থাৰ মাজত বিভেদ সৃষ্টিৰ সম্ভাৱনা ৷
ড০ হিমন্ত বিশ্ব শৰ্মাৰ শাসনৰ শপত গ্ৰহণৰ দশা অনুসৰি ৰাজ্যৰ বাবে বৰ্তমান সময়তো অশুভ বুলি কোৱা হৈছে ৷ সেইমতে ১১ জুলাইলৈ কেতু-শনিৰ দশা চলিব আৰু লগতে ৰাহু কেতু, মঙ্গলৰ প্ৰভাৱত চৰকাৰৰ ওপৰত বিভিন্ন দল, সংগঠন, শ্ৰমিক, ৰাজনৈতিক নেতা,উচ্চ চিন্তাধাৰাৰ ব্যক্তিৰ দ্বাৰা গোপণ ষড়যন্ত্ৰ, অপপ্ৰচাৰ বিভেদগামী প্ৰচাৰে চৰকাৰক ব্যতিব্যস্ত কৰি ৰাখিব ৷
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰো বুদ্ধিভ্ৰষ্টৰ যোগ ৷ ৰাজ্যৰ মংগলৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক প্ৰতিকাৰৰ দিহা হিচাপে দক্ষিনা কালী পুজা আৰু বগোলামুখী পুজা কৰাৰ দিহা বৰপেটা সত্ৰৰ দৈৱজ্ঞৰ ৷
বৰ্ষাৰম্ভ চক্রত শনি-ৰাহু-কেতুৰ অশুভ প্ৰভাবত ৰাজনৈতিক ক্ষেত্ৰত জটিল প্ৰভাৱ পৰিব আৰু শাৰীৰিক আৰু ৰাজনৈতিক ক্ষেত্ৰত সাবধানে থকাতো মংগলজনক ৷