assambudgetsuggestions@gmail.com আৰু ৭৬৩৬৮৭৯০১৯ হোৱাটছএপ নম্বৰত অহা ৩ জুলাইৰ ভিতৰত আপুনি আপোনাৰ পৰামৰ্শৱলী প্ৰেৰণ কৰিব পাৰে ।
পঞ্চদশ অসম বিধানসভাৰ প্ৰথমখন ৰাজ্যিক বাজেটৰ পূৰ্বে ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে শনিবাৰে ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেট প্ৰস্তুতকৰাৰ বিষয়ে ৰাইজৰ পৰা পৰামৰ্শ বিচাৰিছে ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিত্ত মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে ৰাজ্যখনৰ প্ৰতিজন নাগৰিকৰ হিতৰ বাবে এক ব্যাপক বাজেট প্ৰস্তুত কৰা হব ।
২০২১-২২ বিত্তীয় বৰ্ষৰ ৰাজ্যিক বাজেট ১৬ জুলাই, ২০২১ তাৰিখে অসম বিধান সভাত উত্থাপন কৰা হ’ব।
বাজেটৰ বাবে জনসাধাৰণৰ পৰামৰ্শ বিচাৰিছে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে জনসাধাৰণৰ মুকলি পৰামৰ্শৰ বাবে Email ID, WhatsApp নম্বৰ মুকলি কৰিছে ৰাজ্যৰ বিত্ত বিভাগে ।
assambudgetsuggestions@gmail.com আৰু ৭৬৩৬৮৭৯০১৯ হোৱাটছএপ নম্বৰত অহা ৩ জুলাইৰ ভিতৰত আপুনি আপোনাৰ পৰামৰ্শৱলী প্ৰেৰণ কৰিব পাৰে ।
অহা ১৬ জুলাইত বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেট দাখিল কৰিব
ৰাজ্যখনৰ সকলো স্তৰৰ লোকসকলে ৩ জুলাইলৈকে এই ই-মেইল আৰু হোৱাটছএপ নম্বৰৰ জৰিয়তে বাজেটত অন্তৰ্ভুক্ত কৰিবলগা উন্নয়নৰ বিষয়সমূহৰ ওপৰত পৰামৰ্শ প্ৰেৰণ কৰিবলৈ সক্ষম হ’ব।
বাজেট অধিৱেশন ১২ জুলাইত আৰম্ভ হ’ব আৰু ১৩ আগষ্ট, ২০২১ তাৰিখে সমাপ্ত হ’ব।