কোনে চলাই আছে আপোনাৰ নামত থকা চিম কাৰ্ড?
Who is using the SIM card in your name?
আপোনাৰ অজ্ঞাতে আপোনাৰ নামত অন্য কোনো লোকে ব্যৱহাৰ কৰি আছে নেকি চিম কাৰ্ড? কেতিয়াবা চিমকাৰ্ড ব্যৱহাৰকাৰীজনৰ ভুলৰ বাবে সমস্যাত পৰিব পাৰে যাৰ নামত চিমকাৰ্ডখন আছে, সেইজন ব্যক্তি। কেতিয়াবা আনকি কাৰাগাৰলৈ যাবলগীয়া পৰিস্থিতিও আহি পৰে। কিহৰে আপুনি প্ৰতিহত কৰিব চিমকাৰ্ডৰ অপপ্ৰয়োগঃ
আপোনাৰ আইডিত কিমানটা চিম চলি আছে?
জানিবলৈ, আপুনি
https://www.tafcop.dgtelecom.gov.in/
-লৈ যাব লাগিব আৰু ইয়াত আপোনাৰ ম’বাইল নম্বৰ এণ্টাৰ কৰিব লাগিব, তাৰ পিছত পঞ্জীভুক্ত নম্বৰলৈ OTP আহিব। তাৰ পিছত আপুনি এখন তালিকা দেখিব। ইয়াত আপোনাৰ লিংক কৰা চিম কাৰ্ডৰ বিষয়ে তথ্য থাকিব। আপুনি এই তালিকাত ব্যৱহাৰ নকৰা নম্বৰটো ব্লক কৰিব পাৰে।