ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ (আৰচিবি) আৰু ৰাজস্থান ৰয়েলছ (আৰআৰ)ৰ মাজত অনুষ্ঠিত আই পি এল ২০২২ ছিজনৰ ৩৯ সংখ্যক খেলখনত খেলপথাৰত দুজন খেলুৱৈৰ মাজত উত্তাপৰ তীব্ৰ বাক বিতক্ৰ দেখা গৈছিল। ৰাজস্থান ৰয়েলছৰ (আৰআৰ) বেটছমেন ৰিয়ান পৰাগ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ (আৰচিবি)ৰ পেচাৰ হৰ্ষল পেটেলৰ মাজত সংঘৰ্ষ হৈছিল।
ৰিয়ান পৰাগে হৈ যোৱা match খনত ৩১ টা বলত অপৰাজিত ৫৬ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।
ৰাজস্থান ৰয়েলছৰ (আৰআৰ) বেটছমেন ৰিয়ান পৰাগ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ (আৰচিবি)ৰ দ্ৰুত বলাৰ হৰ্ষল পেটেলে খেলখনৰ সময়ত তীব্ৰ তৰ্ক সন্মুখীন হৈছিল , যাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে । বিতৰ্কৰ আৰম্ভণি তেতিয়া হৈছিল যেতিয়া ৰাজস্থান ৰয়েলছৰ (আৰআৰ) ইনিংছৰ অন্তিম অভাৰত বল কৰিবলৈ অহা আৰচিবিৰ বলাৰ হৰ্ষল পেটেলক ৰিয়ান পৰাগে ধুই পেলাইছিল।
Harshal Patel not giving handshake to riyan parag at end of the game. Very #unsportive move. @rajasthanroyals pic.twitter.com/3MD4MrGKV7
— Kiran (@Kiran14288265) April 26, 2022
দুয়োজনৰ মাজত হোৱা মৌখিক যুঁজৰ পিছত, হৰ্ষল পেটেলে পুনেৰ এমচিএ ষ্টেডিয়ামত পৰাগৰ সৈতে হাত মিলাবলৈ অস্বীকাৰ কৰে।