বিশ্বৰ শ্বেয়াৰ বজাৰত তেজৰ নৈ। এবেলাতে ৭ লাখ কোটি টকাৰ লোকচান বিনিয়োগৰাকীৰ। নিবনুৱাৰ সংখ্যা বৃদ্ধিয়ে মন্দাৱস্থাৰ দিশলৈ ঠেলি দিছে আমেৰিকাৰ অৰ্থনীতি। শুকুৰবাৰে মুকলি কৰা তথ্য মতে জুলাই মাহত ৪.৩ শতাংশলৈ বৃদ্ধি পাইছে আমেৰিকাত নিৱনুৱাৰ সংখ্যা। সেই তথ্য ৰাজহুৱা হোৱাৰ পাছতে ৰক্তাক্ত হ’ল বিশ্বৰ শ্বেয়াৰ বজাৰ।
১১ জুলাইত ৪২৪২৬.৭৭ পইণ্টেৰে সৰ্বকালৰ শিখৰ চোৱা জাপানৰ Nikkei 225 ইনডেক্স সোমবাৰে নামিল ৩১১৫৬.১২ পইণ্টলৈ। ১৯৮৭ চনৰ পাছত এদিনতে এনেদৰে পতন হোৱা নাছিল জাপানৰ শ্বেয়াৰ বজাৰ। টাইৱানৰ বজাৰতো হাহাকাৰ। ৫৭ বছৰত পতনৰ অনাকাংক্ষিত অভিলেখ ৰচিলে টাইৱানৰ শ্বেয়াৰ বজাৰে। দক্ষিণ কোৰিয়াৰ বজাৰতো বিগত ৩ দিন ধৰি অব্যাহত আছে পতন।
সোমবাৰৰ দিনা ১০ শতাংশৰো অধিক পতনেৰে অনাকাংক্ষিত ইতিহাস ৰচিলে কোৰিয়াৰ KOSPI200 ইনডেক্সে। বিটকইনৰ ওপৰতো প্ৰভাৱ পৰিছে আমেৰিকাৰ সম্ভাব্য মন্দাৱস্থাৰ। বিগত ২৪ ঘণ্টাত ১৬শতাংশ পতন হৈছে বিটকইৰ মূল্য। এফালে মধ্য প্ৰাচ্যত সংঘাত, আনফালে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ, তাৰ মাজতে তুংগত উঠিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ যুঁজ। এনে জটিল ক্ষণত ৰুগ্ন হৈ পৰিছে বিশ্ব অৰ্থনীতি। এই দুৰ্দশাৰ আগতীয়া উমান পায়েই বিদেশী বিনিয়োগকাৰীয়ে ভাৰতীয় শ্বেয়াৰ বজাৰৰ পৰা তুলি নিছে লাখ লাখ কোটি টকাৰ বিনিয়োগ। যাৰ প্ৰভাৱত সোমবাৰে ২৩৮৯৩ পইণ্টলৈ নামিল Nifty। অৱশ্যে ৬জুনৰ ভোট গণনাৰ দিনা ২১২৮১ পইণ্টলৈ পতন ঘটিছিল নেচনেল ষ্টক একচেঞ্চৰ সুচকাংক Niftyৰ। কিন্তু ৪০টা ট্ৰেডিং চেচনতে ২১ হাজাৰ ২৮১ ৰ পৰা ২৫০৭৮ ৰ সীমা অতিক্ৰম কৰি গৈছিল Nifty-এ।
ধাৰাবাহিক উত্থানৰ পাছত পতনৰ আশংকা কৰিলেও এনে ৰক্তাক্ত পৰিস্থিতি কল্পনা কৰা নাছিল ভাৰতৰ বিনিয়োগকাৰীয়ে। কেৱল নিফটিয়েই নহয় ৩ শতাংশ তললৈ নামিল বোম্বে ষ্টক একচেঞ্জৰ সূচক ছেনছেক্সো। সোমবাৰৰ শ্বেয়াৰ বজাৰৰ চুনামিত উটি গ’ল বিনিয়োগকাৰীৰ ৭ লাখ কোটি টকা। শক্তি খণ্ড, FMCG, IT, ফাৰ্মা, মেটেল, Oil & Gas, কনজিউমাৰ ডিউৰেবল, ৰে’লৱে, হেলথ কেয়াৰকে ধৰি প্ৰায় প্ৰতিটো ছেক্টৰত অভূতপূৰ্ব পতনে ইংগিত দিছে ভয়ংকৰ ভবিষ্যতৰ।
শ্বেয়াৰ বজাৰৰ উত্থাত পতনৰ সূচক India VIXৰ ভয়ংকৰ উত্থানেও অশনি সংকেত কঢ়িয়াই আনিছে ভাৰতীয় বজাৰত। ১৩.৯১ ৰ পৰা ২৩.১৫ লৈ India VIXৰ উত্থানে আগন্তুক দিনত উত্তাল কৰাৰ সম্ভাৱনা আছে ভাৰতৰ শ্বেয়াৰ বজাৰ। কিন্তু এনে আশংকা নুই কৰিছে দেশৰ কেইবাগৰাকীও বজাৰ বিশ্লেষকে। আমেৰিকা, ইউৰোপ কিম্বা এচিয়াৰ অন্যান্য দেশৰ মন্দাৱস্থাৰ পৰিপ্ৰেক্ষিতত উৎপন্ন হোৱা পৰিস্থতি সহজেই চম্ভালি লৈ ভাৰতৰ বজাৰে পুনৰবাৰ শিখৰ চোৱাৰ আশা বজাৰ বিশ্লেষকৰ। Write a article as from information in Assamese