Explain Space ( Assamese News) : ভাবি চাওকচোন! এজন মহাকাশচাৰীয়ে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (ISS)ৰ পৰা ওলাই আহি মহাকাশ ভ্ৰমণ কৰি আছে। হঠাতে হৃদযন্ত্ৰ বন্ধ হৈ মৃত্যু হ’লে কি হ’ব? এতিয়ালৈকে বিজ্ঞানীসকলে এনে সমস্যাৰ সন্মুখীন হ’বলগীয়া হোৱা নাই। এই পৰ্যন্ত মহাকাশত মুঠ ২১ জন লোকৰ মৃত্যু হৈছে। এই সকলোবোৰ মৃত্যু হৈছে মহাকাশযানখনৰ বিজুতিৰ বাবে, য’ত সমগ্ৰ ক্ৰু নিহত হৈছিল। কিন্তু যদি এজন মহাকাশচাৰীৰ অসুস্থতাৰ বাবে মৃত্যু হয় আৰু বাকী ক্ৰুসকল সুৰক্ষিত হৈ থাকে তেন্তে কি হ’ব? স্পষ্টভাৱে তেওঁলোকে মৃতদেহটো যিমান সোনকালে পাৰে নিষ্কাশন কৰিব লাগিব। কিন্তু কেনেকৈ?
আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ প্ৰট’কলত কোৱা হৈছে যে পৃথিৱীৰ নিম্ন কক্ষপথ অভিযানত মহাকাশচাৰীৰ মৃত্যু হ’লে ক্ৰুৱে মৃতদেহটো কেপচুলত ৰাখি কেইঘণ্টামানৰ ভিতৰতে পৃথিৱীলৈ প্ৰেৰণ কৰিব। চন্দ্ৰত কাৰোবাৰ মৃত্যু হ’লে কেইদিনমানৰ ভিতৰতে মৃতদেহটো ঘূৰি আহিব। এনে ক্ষেত্ৰত মৃতদেহ সংৰক্ষণ কৰাটো অগ্ৰাধিকাৰ নহয়, বাকী ক্ৰুসকলক নিৰাপদে পৃথিৱীলৈ ঘূৰাই অনাটো প্ৰয়োজনীয় হৈ পৰে।
পৃথিৱীৰ পৰা আঁতৰত থকা দীঘলীয়া অভিযানৰ সময়ত যদি কোনো মহাকাশচাৰীৰ মৃত্যু হয় তেন্তে ক্ৰুৱে তৎক্ষণাত ঘূৰি অহাটো সম্ভৱ নহ’ব। তেনে ক্ষেত্ৰত মৃতদেহটো এটা সুকীয়া কোঠাত বা বিশেষ ধৰণৰ মৃতদেহৰ বেগত ৰাখিব পাৰি। কিন্তু মহাকাশযান বা মহাকাশ কেন্দ্ৰৰ ভিতৰত মৃত্যু হ’লেহে এই সকলোবোৰ সম্ভৱ হ’ব।
যদি কোনোবাই মাত্ৰ মহাকাশত বাহিৰত থাকে, মহাকাশৰ বিনা Space Suit ৰ তেন্তে কি হ’ব?
সেই পৰিস্থিতিত মহাকাশচাৰীজনৰ নিমিষতে মৃত্যু হ’ব। মহাকাশৰ নিম্ন চাপৰ শূন্যতাত শৰীৰৰ পৃষ্ঠত উপস্থিত থকা সকলো পানী নিমিষতে গেছলৈ পৰিণত হ’ব। অৰ্থাৎ মৃতদেহৰ ছাল, চকু, মুখ, কাণ আৰু হাওঁফাওঁ সকলো গেছলৈ পৰিণত হ’ব। লাইভছায়েন্সৰ প্ৰতিবেদন অনুসৰি মহাকাশৰ উষ্ণতা প্ৰায় -২৭০ ডিগ্ৰী চেলছিয়াছত থকাৰ বাবে শৰীৰৰ বাকী থকা পানীও ৰৰফ হৈ পৰিব। পানী নোহোৱা হৈ তাৰ পিছত মৃতদেহ বৰফৰ দৰে হোৱাৰ বাবে মৃতদেহটো মামী দৰে অৱস্থাত উপনীত হ’ব।
মৃতদেহটোৰ কি হয় সেয়া নিৰ্ভৰ কৰে ইয়াত কোনো বেক্টেৰিয়া আছে নে নাই তাৰ ওপৰত। মহাকাশত বেক্টেৰিয়া তিনি বছৰ পৰ্যন্ত জীয়াই থাকিব পাৰে। মৃতদেহৰ ওপৰত যদি কোনো বেক্টেৰিয়া জীয়াই থাকে তেন্তে মৃতদেহ খাবলৈ আৰম্ভ কৰিব। মহাকাশৰ শক্তিশালী বিকিৰণেও মৃতদেহটোক প্ৰভাৱিত কৰিব। মৃতদেহটো ক’লৈ যাব সেয়া নিক্ষেপ কৰা দিশটোৰ ওপৰত নিৰ্ভৰ কৰে। যদি মৃতদেহটো আন কোনো বস্তুৰ লগত সংঘৰ্ষ নহয়, তেন্তে ই একে দিশতে গতি কৰি থাকিব।
যদি এই মৃত্যু পৃথিৱীৰ চাৰিওফালে বহিঃকাশত সংঘটিত হয় তেন্তে শৰীৰটো কক্ষপথলৈ যাব। যিহেতু কক্ষপথত বহুতো মহাকাশৰ ধ্বংসাৱশেষ আৰু উপগ্ৰহ উপস্থিত থাকে, গতিকে ইয়াৰ লগত কোনো বস্তুৰ সংঘৰ্ষৰ সম্ভাৱনা অতি বেছি। সেইবাবেই নাছাই যিকোনো গ্ৰহৰ কক্ষপথৰ পৰা শৰীৰটোক আঁতৰাই ৰাখিবলৈ পৰামৰ্শ দিয়ে।
যদি শৰীৰটোৱে কোনো উপগ্ৰহ বা ধ্বংসাৱশেষৰ সৈতে সংঘৰ্ষ নকৰে তেন্তে অৱশেষত ইয়াক পৃথিৱীৰ ফালে টানি অনা হ’ব আৰু মাধ্যাকৰ্ষণ শক্তিয়ে ইয়াক বায়ুমণ্ডলৰ ফালে টানিব। এনে পৰিস্থিতিত মৃতদেহটো পুনৰ বায়ুমণ্ডলত প্ৰৱেশ কৰি জ্বলি যাব।
মহাকাশত মৃতদেহ পুতি থোৱা
মহাকাশযানৰ পৰা মৃতদেহটো মহাকাশলৈ এৰি দিয়াটোৱেই একমাত্ৰ বিকল্প নহয়, মৃতদেহটোকো কবৰ দিব পাৰি। মহাকাশযানত মৃতদেহ ৪৮ৰ পৰা ৭২ ঘণ্টা ধৰি সংৰক্ষণ কৰিব পৰাকৈ এনে এটা বডি বেগ নিৰ্মাণ কৰি আছে নাছাই। কিন্তু ইয়াৰ সহায়ত কেৱল আই এছ এছৰ দৰে পৃথিৱীৰ ওচৰৰ ষ্টেচনৰ পৰা মৃতদেহ ঘূৰাই আনিব পাৰি। যদি মংগল গ্ৰহ বা আন কোনো দূৰৈৰ গ্ৰহত মহাকাশচাৰীৰ মৃত্যু হয়, তেন্তে ক্ৰুৱে আন কোনো উপায় বিচাৰিব লাগিব। তাতে মৃতদেহ পুতি থৈ গ্ৰহটোত সংক্ৰমণ বিয়পি পৰাৰ আশংকা।