জনপ্ৰিয় গায়ক কেকেৰ মৃত্যুৱে ভাৰতীয় সংগীত অনুৰাগীক ম্ৰিয়মাণ কৰিছে। তেওঁৰ মৃত্যুৰ বাবে কলকাতাৰ নজৰুল মঞ্চ কৰ্তৃপক্ষৰ দায়িত্বহীনতাকো জগৰীয়া কৰা হৈছে।
কেকেই কলকাতাত তেওঁৰ প্ৰদৰ্শনৰ পিছত অস্থিৰতাৰ অভিযোগ কৰিছিল আৰু লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল তেওঁক আৰু চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰিছিল।
এতিয়া কেকেৰ (KK) মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ( post-mortem report) মৃত্যুৰ কাৰণৰ বিষয়ে জানিব পৰা গৈছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে অপ্ৰাকৃতিক মৃত্যুৰ কথা অস্বীকাৰ কৰিছে আৰু উল্লেখ কৰিছে যে গায়কজন প্ৰবলভাবে হৃদৰোগত (massive cardiac arrest) আক্ৰান্ত হৈছিল আৰু তেওঁ দীৰ্ঘম্যাদী যকৃতৰ ৰোগ আৰু হাঁওফাঁওৰ গুৰুতৰ অৱনতিমূলক স্থিতিত ভুগিছিল।
মৰণোত্তৰ পৰীক্ষাৰ পিছত অৱশ্যে এয়া সাব্যস্ত হৈছে বুলি ক’ব পাৰি যে এনে হৃদৰোগত নজৰুল মঞ্চৰ আৱহাৱায়ো প্ৰভাৱিত কৰিছিল। অৱশ্যে সেই দিশত মৰণোত্তৰ পৰীক্ষাত কোনো কথা কোৱা হোৱা নাই। কেকেৰ অন্ত্যেষ্টিক্ৰিয়া ২ জুনত মুম্বাইত অনুষ্ঠিত হ’ব।